"I am responsible for everything I feel, I am the source of emotions."
- Mitesh Khatri, Life Coach
"যোৱাবাৰ দেৱালীত চুবুৰীয়া মানুহঘৰে খাহী এটা কাটিছিল৷ওচৰ-চুবুৰীয়াসকলৰ দৰে ময়ো মাংস কিনিবৰ বাবে গৈছিলো কিন্তু তেতিয়া মোৰ হাতত টকা নাছিল৷ সেয়ে খাহী কটা মানুহঘৰক পিছত টকাটো দিম বুলি কৈছিলোঁ কিন্তু সিহঁতে লগে লগে পইচা নিদিলে মোক মাংস নিদিওঁ বুলি কৈ ঘূৰাই পঠিয়ালে৷মই বৰ লাজ পালো আৰু লগতে ভীষন খং উঠিল৷ ঘৰলৈ আহিয়েই খঙৰ ভমকত চৰি থকা মূৰ্গী এটাকে কাটি ৰান্ধি বাচি খালোঁ আৰু প্ৰতিজ্ঞা কৰিলো যে অহা বছৰ মোৰ ঘৰত খাহী কাটি দেখুৱাম৷"
- জানকী বাইৰ কথাখিনি শুনি গম পালো তেখেতৰ মাজত উমি উমি জ্বলি থকা প্ৰতিশোধৰ জুইকুৰা৷ "খঙৰ ভমকত ঘৰলৈ আহি চৰি থকা মূৰ্গী এটা কাটি ৰান্ধি বাচি খালো" - এই কথাখিনিয়ে মোৰ মনতো প্ৰতিক্ৰিয়া সৃষ্টি কৰিলে ৷ মানুহ কিমান বেছি জেদী হ'লে আৰু আত্মাভিমান থাকিলে এনেকুৱা কাম কৰিব পাৰে৷ এনেধৰণৰ খঙৰ প্ৰাবল্য অতি বেছি হ'লেই কিজানি কিছুমান মানুহে মানুহ-হত্যাকাৰী পৰ্যন্ত হ'বলৈ কুন্ঠাবোধ নকৰে৷
অফিচৰ পৰা ওলাই আহি গাড়ীত বহিলোঁ৷অফিচৰ পৰা ঘৰলৈ মোৰ ডেৰঘন্টাৰ যাত্ৰা৷ এই ডেৰঘন্টা যাত্ৰাত প্ৰায়ে গান শুনি কটাওঁ কেতিয়াবাহে ইউ টিউবত চিনেমা নতুবা বি কে শিৱানীৰ মটিভেশ্যনেল কথাবোৰ শুনো৷ আজিকালি লাইফ ক'চ মিটেশ খাট্ৰীৰ "ল' অৱ এট্ৰেকশ্যন" কৰ্চবোৰো শুনাৰ এটা অভ্যাস গঢ়ি উঠিছে৷ মন বেয়া লাগিলে, কোনো কথাত সিদ্ধান্ত ল'ব নোৱাৰিলে এই মটিভেশ্যনেল কথাবোৰে মনটো শান্ত কৰি তুলে৷ ইউ টিউবৰ চাৰ্ছ বাটনত গুলজাৰ চঙ বুলি টাইপ কৰিলোঁ আৰু প্লে বাটন টিপি দিলোঁ৷
"তুজচে নাৰাজ নেহি জিন্ডেগী,হে'ৰান হুঁ মে..." গীতটি বাজি উঠিল৷ চকু দুটা মুডি দিলোঁ৷ দিনটো অফিচত কাম কৰি থকা কিবা এক ভাগৰুৱা আবেশে বেৰি ধৰিলে৷ যোৱা কিছুদিন ধৰি মন-চনবোৰ মোৰো ভাল নহয়৷ পৰিয়ালৰ,অফিচৰ কিছু মানুহৰ কথা-কাণ্ডই হতাশ কৰিছে মোক৷ খঙৰ ভমকত জানকী বাইৰ দৰে মূৰ্গী এটা কাটি ৰান্ধি-বাচি খাবলৈহে বাকী আছিল মোৰো৷ জানকী বাইৰ দৰে মূৰ্গী ৰান্ধি খাব নোৱাৰিলো কিন্তু অস্থিৰতাবোৰ এতিয়াও আঁতৰা নাই৷ নিজৰ গাড়ীৰে অহা-যোৱা কৰোঁ, তাৰবাবে এজন ড্ৰাইভাৰ ৰাখিছোঁ৷ মাহটোত গাড়ীৰ তেলতে ঢেৰ পইচা যায় তথাপি নিজৰ গাড়ীৰে অফিচলৈ অহা-যোৱা কৰা বিলাসিতাখিনি মোৰ নিজৰ পচন্দৰ৷ টকা-পইচাতকৈও মানসিক প্ৰশান্তিৰ প্ৰাধান্যকো ঠাই দিওঁ মই৷ নিজকে খৰচী বুলি নকৈ এনেকৈয়ে নিজৰ বিষয়ে ভাবি ভাল লাগে, যি কি নহওক
গাড়ীত বহি অহা-যোৱা কৰা সময়খিনি মোৰ একান্ত নিজৰ সময় যেন লাগে৷ কত' যে কথা মনলৈ আহে৷ কেতিয়াবা কিছুমান কথা ভাবি কান্দি পেলাওঁ নীৰৱে আৰু কেতিয়াবা কিছুমান কথাই মুখলৈ হাঁহিৰ ৰেখা কঢ়িয়াই আনে৷ এনেকৈয়ে হাঁহি আৰু আনন্দৰ মাজেৰে নিজৰ স'তে কথা পাতো মই! কালি শান্তমৰ ঘৰলৈ গৈছিলো৷ তাৰ এটা দুৰাৰোগ্য ৰোগ হৈছে৷ ঘৰত মাথো সি আৰু সত্তৰোৰ্ধৰ দেউতাক৷ দেউতাকে কাণেৰেও ভালকৈ নুশুনে৷ তাৰ যে এটা দুৰাৰোগ্য ৰোগ হৈছে সেই কথাও দেউতাকে নাজানে৷ শান্তমৰ বন্ধু-বৰ্গই আহি তাক চোৱা চিতা কৰে, দৰৱ পাতি খুৱায়,ডাক্টৰৰ ওচৰলৈ লৈ যায়৷বন্ধুবৰ্গৰ অকৃত্ৰিম মৰমতে সি জী থাকে৷ তেজ-মঙহৰ সম্পৰ্কতকৈ হৃদয়ৰ সম্পৰ্ক যে কিমান গভীৰ আৰু পবিত্ৰ শান্তমৰ বন্ধুকেইজনক দেখি উপলব্ধি হয়৷ স্কুলত থাকোতেই মাকক হেৰুৱালে সি৷ মাক নোহোৱা ল'ৰাটোক দেউতাকেই ডাঙৰ কৰিলে৷ কিন্তু ডাঙৰ হৈ বিয়া-বাৰু কৰাৰ বয়সতে তাক দুৰাৰোগ্য ৰোগটোৱে লম্ভিলে৷ শান্তমৰ কথা ভাবি হুমুনিয়াহ এটা ওলাই আহে মোৰ৷ কোনোবাখিনিত আবেগে খুন্দা মাৰি ধৰে আৰু দুচকু সজল হৈ উঠে৷ কেতিয়াবা আকৌ কিছুমান কথা ভাবি হতাশাত বিভ্ৰান্ত হওঁ৷ অলপতে গানকেইটামান লিখি ভাইটি এটাৰ যোগেৰে অসমৰ এজন জনপ্ৰিয় গায়কক গানকেইটা গোৱালো কিন্তু কম্পজাৰকে ধৰি প্ৰডাকশ্যন মেনেজাৰৰ পইচা লুটা মানসিকতাই প্ৰচণ্ডভাৱে হতাশ কৰিলে মোক৷ গানৰ নামত এচামৰ ডাঙৰ ডকাইতি ব্যৱসায় চলি থাকে৷গানৰ জগতখনৰ অভিজ্ঞতাৰে মোৰ অনুভৱ হ'ল- কৰবাত যেন সাধুতাৰ হত্যা হৈছে৷ কথাবোৰ ভাবি ভাবি গান লিখা চখবোৰ মৰহিল৷ গানৰ জগতৰ পৰা উভতি অহাৰ সিদ্ধান্ত লৈ পেলাইছোঁ ইতিমধ্যে আৰু এই সিদ্ধান্তই বুকুৰ কোনোবাকোণত বিষাদ ঘন এন্ধাৰ নমাইছে৷ হতাশাত দুচকু জাপ খাই আহে৷ নীৰৱে দুটোপাল চকুলো বাগৰে৷ এৰা, হতাশ আৰু বিভ্ৰান্ত হওঁ যেতিয়া কোনোবাই কথাই কথাই ওস্তাদি মাৰি মোৰ নীৰৱতাক ভেঙুচালি দেখুৱায়৷ মই সাধাৰণতে কাকো বেয়াকৈ নকওঁ, আগধৰি কাৰো স'তে কাজিয়া-পেচাল নকৰো৷ বহুতে মোক এই বাবে বৰ ঠাণ্ডা মানুহ বুলি ভাবে আৰু তাৰে সহায় লৈ কিছুমান এনে লোক আছে যিসকলে মোক আক্ৰমণ কৰে৷মোৰ বদনাম গায়, মোৰ দুৰ্বলতাবোৰ চৰ্চ্চা কৰি পৈশাচিক আনন্দ পায় আৰু সেইবোৰ কথা উফৰি আহি যেতিয়া মোৰ কাণত পৰে বৰ হতাশ হওঁ, ক্ষোভিত হওঁ -- এনে লাগে জানকী বাইৰ দৰেই মূৰ্গী এটা ঘেচকৈ কাটি ৰান্ধি বাচি খাই পেলাম যেন৷আজিলৈকে সহনশীলতাৰ মন্ত্ৰ শিকিব নোৱাৰিলোঁ৷ কোনোবাই কিবা বেয়াকৈ ক'লেই কথাবোৰ কাণেৰে সোমাই শৰীৰৰ শিৰা-উপশিৰাৰে বৈ গৈ মন-মগজুত প্ৰবেশ কৰে আৰু তাৰপিছৰ যন্ত্ৰণাখিনিৰ পৰা ওলাই আহিবলৈ বহুপৰ লাগে৷ তেতিয়াচোন লাইফ ক'চ মিটেশ খাট্ৰীৰ পৰা ধৰি বি কে শিৱানী কাৰো সাৰগৰ্ভ কথাই কামত নিদিয়া হয়৷ এৰা, জীৱনৰ পৰীক্ষাত বাৰে বাৰে অসফল হওঁ৷ মনতে গুণা-গঁঠা কৰো, এই জীৱনত সহনশীল হ'বলৈ পাৰিমগৈনে,যিটো দেখিছো সহনশীলতাৰ পাঠ শিকোতে শিকোতেই সিপুৰীলৈ যাবলৈকে হ'ব৷ নাই,নাই নিজকে জীৱনৰ পৰীক্ষাত ইমান কম নম্বৰ দিয়া উচিত নহয়৷ঋণাত্মক কথাবোৰ ঠিক নহয়৷ঋণাত্মক কথাবোৰ আঁতৰাবলৈ মনটো জোকাৰি পেলাওঁ৷দীঘল দীঘলকৈ উশাহ দুটামান টানি দীঘল দীঘলকৈ উশাহ এৰি দিওঁ৷ দীঘলকৈ উশাহ এৰি ঋণাত্মক কথাবোৰ আঁতৰাবলৈ চেষ্টা কৰিলেও চিন্তাবোৰেচোন লগ এৰা নিদিয়ে৷ দেউতাৰ অলপতে বহুত চিৰিয়াচ অসুখ হৈ গ'ল৷ ডাক্টৰৰ পৰা ধৰি ঘৰৰ সকলোৱে দেউতা নাবাচিব বুলিয়েই ভাবিছিল৷ দেউতাক হেৰুৱাৰ ভয়টোৱে মোৰো নিদ্ৰাহৰণ কৰিছিল৷ সময়বোৰো যেন অসুখী হৈ উফন্দি আছিল৷ মায়ে মোক মাতি পঠিয়াইছিল৷ ঘৰলৈ গৈ অসুখী দেউতাৰ শৰীৰটো দেখি বুকুখন কঁপি উঠিছিল মোৰ৷ একো খাব নোৱাৰাৰ বাবে দেউতাৰ শৰীৰটো শুকাই আহিছিল৷ হাওহাওকৈ কান্দিব পৰা নাছিলো কিন্তু ভিতৰি ভিতৰি হুৰাওৰাওকৈ কান্দিব ধৰা যন্ত্ৰণা এটাই চেপি ধৰিছিল মোক৷ অনুভৱ কৰিছিলো - জন্ম দিয়া পিতৃ-মাতৃৰ স'তে এটি অচিন বান্ধোন থাকে সন্তানৰ যি বান্ধোনৰ তীব্ৰতা এনেকুৱা অসুখী সময়বোৰতে গম পোৱা যায়৷ চুলিবোৰ মোৰ ভিতৰি ভিতৰি এডাল দুডালৰ পৰা বেছিকৈ পকিবলৈ লৈছে৷ বুঢ়া নহ'লেও চিন্তা-চাপ বেছি হ'লেও চুলি পকাৰ তীব্ৰতা বঢ়া যেন লাগে ৷ কথাবোৰ ভাবি ভাবি গাড়ীৰ পৰা খিৰীকিৰ বাহিৰলৈ চালোঁ - এন্ধাৰ নামিছে৷ এজাক নীড়মুখী চৰাই উৰি গৈছে,কজলা বৰণ লৈছে গছবোৰে আৰু আকাশখনে ক্ৰমশ৷কবিতা এটা নামি আহিব নেকি বুকুলৈ- নিজকে টুকুৰিয়াই চালোঁ৷ নাই, কবিতাই বুকুত শিল বান্ধিছে বহুদিনৰ পৰা অজ্ঞাতকাৰণত৷ আচলতে মই কিজানি নিজৰ মাজলৈ উভতি আহিব পৰা নাই, কৰবাত যেন হেৰাই গৈছো মই৷
পুত্ৰ ঈশান্যুয়ে ফোন কৰিলে -
: মা,তুমি ক'ত পাইছাহি৷ মাজনী পেহীয়ে মোক কথা এটা সুধি পাগল কৰি দিছে৷
: কি নো হ'ল মাজনী পেহীৰ?
: তুমি লিখা শাৰী এটা মাজনী পেহীয়ে আজি পঢ়ি আছিল আৰু মোক সুধি আছে জোনাক কোন হয়? তুমি যে কাগজৰ টুকুৰা এটাত লিখি থৈছিলা - "হেৰাইছে মোৰ জোনাকৰ ছবিবোৰ/ জোনাকৰ ছবিবোৰ নোপোৱালৈকে মই যে কবিতা লিখিব নোৱাৰো!
: জোনাক কোন হয়নো মা?জোনাকে কি ছবি আঁকিছিলনো? মোৰো জানিবৰ মন গৈছে৷
ঈশান্যু আৰু মাজনী বাইদেউৰ সৰল প্ৰশ্নই মোৰ মুখত হাঁহি বিৰিঙাই তুলিলে৷
@মৌচুমী বৰি
Comments