top of page

ইলোৰা (গল্প)


সকলোবোৰ ঘূৰাই দিলো তেওঁক - তেওঁ ইমান বছৰে মোলৈ লিখা চিঠিবোৰ,মোক উপহাৰ হিচাপে দিয়া চুৰিদাৰ কেইযোৰ,তেওঁৰ ভাল লগা মেখেলা-চাদৰ যোৰ,শাৰীখন৷ একোৱেই নাৰাখিলো মোৰ কাষত৷ঘূৰাই দিয়াৰ সময়ত কষ্ট হৈছিল মোৰ,চকুৰ পানীৰে যেন বাট নেদেখা হৈছিলো৷ এনে লাগিছিল মই যেন জীৱনৰ সৰ্বস্ব হেৰুৱালোঁ৷ তেওঁক সকলোবোৰ ঘূৰাই দিয়াৰ পিছত মোৰ ওচৰত থাকিলেই বা কি? এৰা,থাকিল..মোৰ ওচৰত থাকিল বিষাদে জুৰুলা কৰা এখন শূন্যতাভৰা হৃদয়, তেওঁৰ মুখখন!! তেওঁৰ স্মৃতিবোৰ যদি মোহাৰি দলিয়াই পেলাব পাৰিলোহেঁতেন! ! মই যে পৰা নাই, পৰা নাই এতিয়াও৷ উস,বৰ কষ্ট,বৰ কষ্ট৷ সকলো থাকিও যেন আজি মোৰ একো নাই, তেওঁ কেনেকৈ পাৰিলে মোৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ল'বলৈ গোপনে গোপনে৷ মই যে শুব পৰা নাই, ৰাতি ৰাতি সাৰে আছোঁ৷ টোপনি নাহে৷ চকুপানীবোৰো গলি গলি শুকাল৷


-অশ্ৰুসিক্ত নয়নেৰে ইলোৰাই মোক কথাবোৰ কৈ গৈছিল৷ ইলোৰা আমাৰ অফিচত নতুনকৈ জইন কৰিছে এচিষ্টেন্ট একাউন্ট অফিচাৰ হিচাপে৷কেইটামান দিনৰ ভিতৰতে তাইৰ স'তে মোৰ আত্মীয়তা গঢ়ি উঠিছে৷ এই আত্মীয়তাকে বিশ্বাসত লৈ ইলোৰাই মোক তাইৰ জীৱনৰ কথাখিনি এদিন কৈ গ'ল শোকাকুল বিহ্বলতাৰে! এতিয়াও অস্থিৰতা আঁতৰা নাই তাইৰ৷তাইৰ অস্থিৰতাখিনিয়ে মোকো আমনি কৰি আছে৷ মোৰ ফালৰ পৰা সাধ্য অনুসৰি বুজাবলৈ যত্ন কৰিছো তাইক৷


অফিচৰ কামত দিল্লী যোৱাৰ প্ৰগেম এটা ওলাইছে৷ৰাজধানী এক্সপ্ৰেছত বহি আছোঁ৷ হঠাতে এজন যুৱক আহি মোৰ বাৰ্থতে বহিল৷ বয়স কিজানি পয়ত্ৰিশৰ ওপৰ হ'ব৷ ক্ষন্তেক সময়ৰ পিছতে ট্ৰেইনখনে গতি ল'লে৷ যুৱকজনে উপযাচি মোৰ স'তে চিনাকী হ'বলৈ ইচ্ছা প্ৰকাশ কৰিলে৷ মই তেওঁৰ উৎসুকতাক সন্মান জনাই সঁহাৰি জনালোঁ৷ মোৰ পৰিচয় পোৱাৰ পিছত হঠাতে তেওঁৰ মুখখন পোহৰ হৈ পৰা যেন লাগিল৷ তেওঁ মোক চিনি পায়৷ এগৰাকী লেখিকা হিচাপে তেওঁ মোক ভালদৰে চিনি পোৱাৰ কথা ক'লে৷ মোৰ লেখাবোৰে বোলে তেওঁক খুবেই প্ৰভাৱিত কৰে৷ মোৰ লিখনশৈলী তেওঁৰ অতিশয় পচন্দ৷ মোৰ কবিতাবোৰ, মই লিখা গানবোৰ তেওঁৰ মুখস্থ৷ মোৰ কেইবাটাও কবিতা তেওঁ স্মৃতিশক্তিৰে গাই যাবলৈ আৰম্ভ কৰিলে৷ মই লিখা গীতবোৰ এটাৰ পিছত এটাকৈ সুৰেৰে গাবলৈ ল'লে৷ মই চমকি উঠিলো৷ চমকি উঠাৰে কথা, মোৰ দৰে এগৰাকী সাধাৰণ নাৰীৰ কেইটিমান সৃষ্টিক কোনোবাই বুকুৰ আপোন কৰি লৈছে - এয়া মোৰ বাবে যে পৰম সৌভাগ্যৰ কথা, মোৰ জীৱনৰ যেন পুৰস্কাৰ এয়া -অপ্ৰত্যাশিত অনুভৱ৷সৃষ্টিৰ জগতত মই নিজকে তেনেই নিমাখিত যেন অনুভৱ কৰোঁ৷জ্ঞানৰ সাগৰখনত বুজিবলৈ জানিবলৈ কিমান যে বাকী আছে!তথাপি এই পৃথিৱীত এজনেও যদি মোৰ সৃষ্টিক স্বীকৃতি দিয়ে সেয়াই মোৰ বাবে যেন বহুত৷ যুৱকজনৰ প্ৰতি কৃতজ্ঞতাৰে মোৰ হৃদয় উপচি পৰিল, আবেগৰ আনন্দত দুচকু সজল হ'ল৷ মোৰ আনন্দময় সৰল আবেগৰ প্ৰকাশ দেখি যুৱকজনে মিচিকিয়াই হাঁহিলে৷ মোক বাইদেউ বুলি সম্বোধন কৰিলে তেওঁ৷

: বাইদেউ, আপুনি গল্প লিখে, উপন্যাস লিখে, কবিতা লিখে,গান লিখে ...মোৰ এটি অনুৰোধ আছে আপোনালৈ

: কোৱাচোন - মই কৌতুহলপূৰ্ণভাৱে যুৱকজনৰ মুখলৈ চালো

: বাইদেউ, আপুনি মোৰ জীৱন কাহিনী লৈ এটা গল্প লিখিব পাৰে অথবা আপোনাৰ উপন্যাসত কাষৰীয়া চৰিত্ৰ হিচাপে ৰাখিব পাৰে ..

তেওঁৰ কথা শুনি মোৰ মুখত হাঁহি এটি বিয়পি গ'ল৷ মোৰ হাঁহি থকা মুখখনলৈ চাই প্ৰত্যয়েৰে তেওঁ ক'লে -

: সঁচাকৈ কৈছো বাইদেউ৷ মই আপোনাক মোৰ জীৱনৰ কিছু কথা ক'ম, আপুনি যদি বিচাৰে আপোনাৰ লেখাত মোৰ সেই কাহিনীক ঠাই দিব বুলি আশা কৰিলোঁ৷

: ঠিক আছে, মই শুনিবলৈ ৰাজী আছোঁ৷

: বাইদেউ, যিকোনো ঘটনা-পৰিঘটনাত দুইপক্ষৰে কিছু ক'বলগা থাকে৷ কেতিয়াবা এনেকুৱা হয় যে এক পক্ষই নিজৰ মত প্ৰকাশেৰে ঘটনাৰ বিচাৰ কৰে আৰু সিপক্ষৰ ক'ব লগা কথাৰ উমান পোৱা নাযায়৷

যুৱকজনৰ কথাত মই শলাগিলো৷ তেওঁ পুনৰ কবলৈ আৰম্ভ কৰিলে -

: বাইদেউ, মই এজনী ছোৱালী ভাল পাইছিলো৷ তাইৰ লগত মোৰ দহবছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল৷ আমি দুয়োজনে দুয়োকে হিয়া উজাৰি ভাল পাইছিলো৷ কিন্তু আমি আশা কৰামতে দুয়ো দুয়োৰে জীৱন সংগী হ'ব নোৱাৰিলোঁ৷

ইমানলৈকে কৈ যুৱকজন মৌন হৈ থাকিল৷

: এয়া বহু প্ৰেমিক-প্ৰেমিকাৰ কমন কাহিনী৷ তোমাৰ কথাখিনিও গল্প এটাৰ কমন প্লট, এনে ধৰণৰ গল্প এটা পাঠকে কিমান দূৰ গ্ৰহণ কৰিব মোৰ সন্দেহ - মই ক'লো৷

: নহয় বাইদেউ, কিছুমান গল্পত এনেকৈ থাকিব পাৰে যে ল'ৰাজনে প্ৰেমিকাক ঠগি আন এজনী ছোৱালীক বিয়া কৰালে আৰু অৱশেষত প্ৰেমিকাই এজনৰ লগত বিয়া সোমাই নিজৰ জীৱনৰ যাত্ৰা অব্যাহত ৰাখিলে৷ এইক্ষেত্ৰত গল্প লেখক আৰু পাঠকৰ ছোৱালীজনীৰ প্ৰতি সহানুভূতি বেছি থাকে আৰু ল'ৰাজন মানে প্ৰেমিকজন ভিলেইন হৈ ৰয়৷

: তাৰমানে তুমি ক'ব খুজিছা প্ৰেমিকজনৰ দিশটোও পোহৰলৈ আহিব লাগে৷

: হয় বাইদেউ, মই তাকেই কবলৈ বিচাৰিছো৷

: ঠিক আছে, মই প্ৰেমিকজনৰ দিশটো পোহৰলৈ কেনেকৈ আনিম?

: মোৰ কাহিনীটো কওঁ শুনক বাইদেউ৷ মই তাইক ভাল পাইছিলো আৰু আজিও মই ইয়াকে ক'বলৈ বিচাৰিম যে তায়েই মোৰ প্ৰথম আৰু শেষ প্ৰেম৷ কিন্তু তাইক মই মোৰ জীৱন সংগী কৰিব নোৱাৰিলো৷ আমাৰ কাষ্ট (Caste) বেলেগ, কিন্তু কাষ্ট বেলেগ হোৱাটো মোৰ বাবে সমস্যা নহয়, সমস্যা মোৰ ঘৰখনৰ৷মোৰ ডাঙৰ বা বেলেগ কাষ্টত বিয়া হৈছিল৷ বেলেগ কাষ্টত বিয়া হৈ বায়ে সেই ঘৰখনৰ পৰা দুৰ্ভোগ ভোগা কাহিনী মোৰ মা-দেউতাৰ বাবে অসহনীয় আছিল৷সেইকাৰণে

মা-দেউতাই মোৰ প্ৰেয়সীক বোৱাৰী কৰি ল'বলৈ ঘোৰ আপত্তি কৰিছে৷ তাৰ বাবে মই মা-দেউতাৰ লগত বহুত যুঁজিছিলো,ডাঙৰ বাৰ লগত হোৱা ঘটনাবোৰ বিশ্লেষণ কৰি বুজাবলৈ যত্ন কৰিছিলোঁ৷ আজিৰ বিজ্ঞানৰ যুগত এখন বিয়াৰ বাবে কাষ্ট যে হেঙাৰ হ'ব নোৱাৰে সেইকথাও মা-দেউতাক বুজাবলৈ বহুত চেষ্টা কৰিছিলো৷কিন্তু যুঁজি যুঁজি হাৰি গ'লো যেতিয়া ইমানবোৰ বুজোৱাৰ পিছতো মোৰ মাতৃয়ে তাইক বিয়া কৰালে মৰি যাম পৰ্যন্ত কবলৈ ধৰিলে৷ মা-দেউতাৰ এনে কাণ্ডত মই প্ৰচণ্ডভাৱে হতাশ হ'লো৷ তাৰোপৰি মোৰ মনলৈ কিছুমান কথা আহিবলৈ ধৰিলে- বিয়া মানে কেৱল নাৰী-পুৰুষৰ বিবাহেই নহয় বিয়া মানে এটা অনুষ্ঠান, দুখন ঘৰৰ মাজৰ সম্পৰ্ক৷ গতিকে তাইক লৈ কৰবালৈ পলাই যাম বুলি ভবাটোও কিজানি শুদ্ধ বিচাৰ নহ'ব৷

মা-দেউতাৰ জন্মদিয়া ঋণ পৰিশোধ কৰিবলৈকে

অৱশেষত মই নীৰৱে এটা সিদ্ধান্ত লৈ পেলালোঁ তাইক বিয়া নকৰোৱাৰ৷ কিন্তু কেনেকৈ ক'ম তাইক মোৰ এই সিদ্ধান্ত! তাইক কথাখিনি ক'লে পিছৰ পৰ্যায়ৰ কথাবোৰ কি হ'ব পাৰে ভাবি মই আতংকিত হৈ উঠিলো৷দিন-ৰাতি দুধোৰ মুধোৰ অস্থিৰতাই মোক খুলি খুলি খাবলৈ ধৰিলে আৰু মই কিজানি তাইৰ ওচৰতো হাৰি গ'লো৷ এজন পলাতক ভীৰু প্ৰেমিকৰূপে নিজকে পৰিচয় দি বুকুত শিল থৈ মই তাইৰ জীৱনৰ পৰা একো নোকোৱাকৈ আঁতৰি গ'লো মনে মনে৷মা-দেউতাই চাই দিয়া ছোৱালী এজনীৰ লগত মোৰ বিয়া ঠিক হৈ আছে, কিন্তু মই সেই ছোৱালীজনীৰ মুখলৈও চাব পৰা নাই,কথাও পাতিব পৰা নাই৷ মোৰ নিদ্ৰবিহীন বিধ্বস্ত ৰাতিবোৰ, তাইক হেৰুৱাৰ শূন্যতা মোৰ বাদে কোনেও বুজি নাপালে৷ মোৰ বিয়া হ'ব বুলি খবৰ পাই তাই এদিন আহি মই তাইক দিয়া সকলো উপহাৰ, চিঠি-পত্ৰ উভতাই দিলে, কিন্তু এবাৰো মোৰ মুখলৈ নাচালে৷ বুজিলোঁ,মই তাইৰ দৃষ্টিত প্ৰতাৰক হৈ ৰ'লো৷ তাইৰ মানসিক অৱস্থা বুজিও মই উপায়বিহীন হৈ ৰ'লো৷তাইক হৃদয়ভৰি ভালপোৱাবোৰ যেন নিমিষতে ধূলিস্যাৎ হৈ গ'ল আৰু চিৰজীৱনলৈ আমাৰ বিচ্ছেদৰ অপৰাধীজন হৈ ৰ'লো মই৷

-ইমানলৈকে কৈ যুৱকজনে এটা দীঘল হুমুনিয়াহ এৰিলে৷ পুনৰ কৈ উঠিল -

: বাইদেউ আচলতে ক'ব বিচাৰো যে গল্পত কেতিয়াবা প্ৰেমিকজনৰ দিশটোও পোহৰলৈ অহা উচিত প্ৰতাৰক হিচাপেই হওক কিয়৷ সকলো ঘটনাৰ আঁৰতেই কিছুমান কাৰণ থাকে, সকলোৰে কিছু ক'ব লগা থাকে৷

: হয়, দুয়োপক্ষৰে কথাবোৰ পোহৰলৈ আহিলে ভাল৷ সকলোৰে নিজৰ নিজৰ ক'ব লগা থাকে৷ সময়ত প্ৰকাশ কৰিব পাৰিলে সৃষ্টি হোৱা ঘাঁ টুকুৰাৰ বিষ কম হয়৷এইক্ষেত্ৰত সাহসী আৰু স্পষ্টবাদী হ'ব পৰাটোও খুবেই জৰুৰী৷

: হয় বাইদেউ, তাইক কষ্ট দিয়াৰ আঁৰৰ মানুহজন ময়েই৷ কিন্তু স্বাৰ্থপৰৰ দৰে এটা কথা সুধিব বিচাৰো আপোনাক - মই যে আজিও কষ্ট পাই আছো, সেই কষ্টৰ উপশম কেতিয়াবা পামনে?

: মই ভাবো, এতিয়াও তোমাৰ হাতৰ পৰা সুযোগ এৰ খাই যোৱা নাই৷ কাৰণ তোমাৰ লগত বিয়া ঠিক হৈ থকা ছোৱালীজনীৰ লগত এতিয়াও তুমি একো সম্পৰ্ক গঢ়ি তোলা নাই৷ গতিকে তুমি তাইক পুনৰ বিচাৰি যোৱাটো মই বিচাৰো৷ তাইক যদি তুমি সঁচাকৈ ভালপাইছিলা তেন্তে তোমাৰ সমস্যাবোৰ তোমাৰ প্ৰেয়সীক খুলি কোৱা৷ সমাধানৰ বাট আপোনা-আপুনি আহিবই চাবা আৰু তোমালোক দুয়ো পাই থকা কষ্টৰ পৰা মুক্তি পাবা৷

: বাইদেউ, তাই বৰ্তমান ক'ত আছে মই একো নাজানো৷ মোৰ ওচৰত থকা তাইৰ ফোন নম্বৰবোৰো সলনি হৈ গ'ল কাৰণ ৰিং কৰিলে সদায় নট ৰিচ্চেবল দেখায়৷

: বাৰু, মই জানিব পাৰোনে তোমাৰ প্ৰেয়সীৰ নামটো কি আৰু চোৱাচোন ইমান সময় কথা পাতিলো কিন্তু তোমাৰ নামটোকে মই নাজানো৷

: তাইৰ নামটো ইলোৰা আৰু মোৰ নামটো ৰূপাঙ্কৰ৷

: ইলোৰা! ! - মোৰ মুখৰ পৰা নিজে নিজে নামটো উচ্চাৰিত হৈ ওলাল৷

: জানানে,আমাৰ অফিচত ইলোৰা নামৰ এজনী ছোৱালী আছে, নতুনকৈ চাকৰিত জইন কৰিছে! - মই উৎসুকতাৰে ক'লো৷

মোৰ কথা শুনি ৰূপাঙ্কৰৰ মুখখন উজ্বলি উঠিল৷তেয়োঁ একেই উৎসুকতাৰে নিজৰ মবাইলৰ গেলাৰী ফল্ডাৰৰ পৰা ইলোৰাৰ ফটোএখন খুলি মোক দেখুৱালে ৷ মই ফটোখন দেখিয়েই আনন্দতে চিঞৰি ক'লো -

: হয়,হয় এইজনীয়েই ইলোৰা, তোমাৰ প্ৰেয়সী!!

: কি আচৰিত সংযোগ বাইদেউ! কিন্তু বাইদেউ, কথাবোৰটো আৰু আগৰ দৰে হৈ থকা নাই৷ তাই মোক লগ কৰিবলৈ নিবিচাৰিবও পাৰে!!

- ৰূপাঙ্কৰৰ মাতত জড়তা৷

: তাইৰ স'তে তোমাক কথা পতাই দিয়াৰ দায়িত্বটো মই ল'লো বাৰু৷ হ'ব?

মোৰ কথা শুনি ৰূপাঙ্কৰক অলপ আশস্ত্ব হোৱা যেন লাগিল৷

: ভগৱানে ইলোৰাক পুনৰ লগপাবলৈকে হয়তো আপোনাৰ স'তে মোক চিনাকী কৰাই দিলে৷ মই সোনকালেই আপোনাৰ অফিচ ওলামগৈ বাইদেউ! আপোনাক লগ পোৱাৰ পিছত মোৰ দৃঢ়বিশ্বাস হৈছে -আমাৰ প্ৰেমৰ জয় হ'বই আৰু মা-দেউতাই আমাক গ্ৰহণ কৰিব৷

: নিশ্চয়৷ বি পজিটিভ৷ সকলো ঠিক হ'ব,ভাল হ'ব বুলি ভাবা৷ মই দিল্লীৰ পৰা উভতিয়েই তোমালৈ ফোন কৰিম৷ তুমি আহিবা৷

: নিশ্চয়!

- ৰূপাঙ্কৰৰ মুখত এমোকোৰা ডাৱৰবিহীন হাঁহি৷ ৰহস্যময় পৃথিৱীৰ আচৰিত সংযোগৰ কথা ভাবি মই ট্ৰেইনৰ খিৰিকীৰে আকাশলৈ চালোঁ - জোনৰ স'তে আকাশত তৰাবোৰে জিকমিকাই আছে৷


@মৌচুমী বৰি

0 views0 comments

Recent Posts

See All

Comments


bottom of page