top of page

জেম্‌ছ ৱেব স্পেচ টেলিস্কোপ - মানৱ সভ্যতাৰ নতুন মাইলৰ খুঁটি .... মৌচুমী বৰি


জেম্‌ছ ৱেব মহাকাশ দূৰবীন বা জেম্‌ছ ৱেব স্পে'চ টেলিস্কোপ হৈছে ইউৰোপীয় মহাকাশ সংস্থা (ESA) আৰু কানাডিয়ান স্পে'চ এজেঞ্চী (CSA)ৰ উদ্যোগত নাছাৰদ্বাৰা নিৰ্মিত এক বিশাল মহাকাশ দূৰবীক্ষণ-- যি সম্প্ৰতি মানৱ ইতিহাসৰ আটাইতকৈ শক্তিশালী দূৰবীক্ষণ যন্ত্ৰ হিচাপে পৰিগণিত হৈছে৷


এই মহাকাশ দূৰবীনটো এৰিয়ান ফ্লাইট ভি এ ২৫৬ৰ সহায়ত ২০২১ চনৰ ২৫ ডিচেম্বৰত ফ্ৰেন্স গীয়ানা (French Guiana)ৰ কৌৰ'ৰ (Kourou) পৰা উৎক্ষেপণ কৰা হয় আৰু ২০২২ চনৰ জানুৱাৰী মাহত নিৰ্দিষ্ট স্থানত উপনীত হয়৷ এই দূৰবীনৰ কাৰিকৰী কুশলতা এনেদৰে নিৰ্মিত যে ১৩৬০ কোটি বছৰৰ আগৰ মহাকাশৰ ৰূপটো চাবলৈ সক্ষম হোৱাৰ লগতে বিশ্বব্ৰহ্মাণ্ডৰ কিছুমান অতি দূৰৱৰ্তী ঘটনা আৰু বস্তু, যেনে - প্ৰথম নক্ষত্ৰসমূহৰ আৰু প্ৰথম তাৰকাৰাজ্যসমূহৰ পৰ্যবেক্ষণৰ লগতে সৃষ্টি আৰু সম্ভাব্য বসবাসযোগ্য বহি:গ্ৰহৰ বায়ুমণ্ডলৰ বিতং তথ্য সংগ্ৰহ আদি অধ্যয়ন কৰিবলৈ সক্ষম হ'ব৷ জেমছ ৱেব স্প'চ টেলিস্কোপটোৰ কাৰিকৰী কুশলতা টাইম মেছিনৰ দৰে৷ কিয়নো এই টেলিস্কোপৰ যোগেদি আমি ১৩০০ কোটি বছৰৰ আগৰ ছবি দেখিবলৈ পাইছো৷১৩৮০ কোটি বছৰৰ আগতে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল বুলি কোৱা হয়৷ গতিকে এই টেলিস্কোপৰ যোগেদি ব্ৰহ্মাণ্ড সৃষ্টিৰ ছবিও যে আমি দেখিবলৈ পাম সেইকথা নিশ্চয় নুই কৰিব নোৱাৰি৷ মহাকাশৰ ছবি দেখা মানেই আমি অতীতৰ ছবি দেখাৰ দৰে কথা৷ কিয়নো আমি জানো যে মহাকাশত পোহৰে এক ছেকেণ্ডত তিনি লাখ কিলোমিটাৰ অতিক্ৰম কৰে আৰু পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বকে আলোকবৰ্ষ বোলে৷ পোহৰৰ গতিবেগৰ ভিত্তিতেই মহাকাশৰ ছবিসমূহৰ গণনা কৰা হয়৷জেমছ ৱেব স্পে'চ টেলিস্কোপৰ পৰা লোৱা প্ৰথমখন ছবি SMACS 0723 (তাৰকাৰাজ্যৰ থূপ) ১৩.১ বিলিয়ন (১ বিলিয়ন- ১০০ কোটি) আলোকবৰ্ষ পৰ্যন্ত দূৰত অৰ্থাৎ তাৰকাৰাজ্যবোৰক আমি ১৩১০ কোটি বছৰৰ আগতে দেখাৰ দৰে দেখিবলৈ পাইছো৷


এটা দূৰবীক্ষণ যন্ত্ৰত যিমানেই বেছি বৃহৎ আকাৰৰ দাপোণ ব্যৱহাৰ কৰা হয় সিমানেই বেছি বহল পৰিসৰৰ পোহৰ ৰশ্মি ই ধৰা পেলাব পাৰে৷ সেয়ে জেম্‌ছ ৱেব দূৰবীক্ষণ যন্ত্ৰটোত অতি বিশালাকায় আকাৰৰ দাপোণ সংলগ্ন কৰা হৈছে৷ এই দাপোণখন বিশুদ্ধ ২৪ কেৰেট সোণেৰে তৈয়াৰ কৰা হৈছে৷


দূৰবীক্ষণ যন্ত্ৰটোৰ প্ৰাথমিক দাপোণখন সোণৰ প্ৰলেপ দিয়া বেৰিলিয়ামৰ ১৮টা ষড়ভূজাকৃতিৰ দাপোণ খণ্ডৰে গঠিত৷ এই দাপোণখনৰ ব্যাস হৈছে ৬.৫ মিটাৰ (২১ ফুট) আৰু এই দাপোণখন হাব্‌ল মহাকাশ দূৰবীনৰ দাপোণখনতকৈ {২.৪ মিটাৰ (৭ ফুট ১০ ইঞ্চি)} ডাঙৰ৷ হাবল দূৰবীনে ওচৰৰ অতিবেঙুনীয়া (UltraViolet ray), দৃশ্যমান আৰু অৱলোহিত ৰশ্মি (Infrared ray)ৰ বৰ্ণালী (Spectrum) পৰ্যবেক্ষণ কৰিব পাৰিছিল, আনহাতে এই ৱেব দূৰবীনে নিম্ন কম্পনাংক পৰিসৰৰ দীঘল-তৰংগদৈৰ্ঘ্যৰ দৃশ্যমান পোহৰৰপৰা মধ্য-অৱলোহিত ৰশ্মিৰ বৰ্ণালী পৰ্যবেক্ষণ কৰিব পাৰিব৷ ইয়াৰ ফলত ই হাবলে পৰ্যবেক্ষণ কৰিব নোৱৰা উচ্চ ৰঙা অপসাৰিত বস্তুও পৰ্যবেক্ষণ কৰিবলৈ সক্ষম হ'ব৷ কোনো বাধা নোপোৱাকৈ অৱলোহিত ৰশ্মি (Infrared ray) পৰ্যবেক্ষণ কৰিবলৈ দূৰবীনটো অতি ঠাণ্ডাত ৰাখিব লাগিব, সেয়েহে ইয়াক পৃথিৱীৰপৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ দূৰৰ সূৰ্য্য-পৃথিৱী 'এল২ লাগ্ৰেঞ্জ বিন্দু' ( L2 Lagrange point)ৰ ওচৰৰ মহাকাশত স্থাপন কৰা হৈছে, এই দূৰত্ব চন্দ্ৰ আৰু পৃথিৱীৰ দূৰত্বৰ প্ৰায় তিনিগুণ৷ ছিলিকন আৰু এলুমিনিয়ামৰ আৱৰণযুক্ত কাপ্টন নামৰ এবিধ কৃত্ৰিমভাৱে সংশ্লেষিত যৌগৰে তৈয়াৰ কৰা ৫টা তৰপৰ সৌৰ আৱৰণী (Sunshield)ৰে ঢাকি ইয়াৰ আইনা আৰু অন্য সঁজুলিবোৰৰ উষ্ণতা ৫০ কেলভিন (-২২৩ ডিগ্ৰী চেলচিয়াছ, -৩৩৭ ডিগ্ৰী ফাৰেনহাইট)ৰ তলত ৰাখিব৷

এই টেলিস্কোপে মহাজাগতিক ইতিহাসৰ প্ৰতিটো পৰ্যায় অধ্যয়ন কৰিবলৈ ইনফ্ৰাৰেড পোহৰ ব্যৱহাৰ কৰে যাক মানুহৰ চকুৱে অনুভৱ কৰিব নোৱাৰে আৰু

টেলিস্কোপৰ চাৰিটা বৈজ্ঞানিক সঁজুলি বিশেষভাৱে ইনফ্ৰাৰেড পোহৰ ধৰিবলৈ প্ৰস্তুত কৰা হৈছে আৰু ঠাণ্ডা বা অতি দূৰৱৰ্তী বস্তু অধ্যয়ন কৰিবলৈ মহাজাগতিক ধূলিৰ মাজেৰে চাবলৈ ই সক্ষম হয়।


এই দূৰবীনটোৰ নাম ১৯৬১ চনৰপৰা ১৯৬৮ চনলৈ নাছাৰ মুখ্য প্ৰশাসক পদত থকা আৰু এপ'ল' কাৰ্যসূচীত এক অবিচ্ছেদ্য ভূমিকা পালন কৰা বিজ্ঞানী জেম্‌ছ ই ৱেবৰ (James E. Webb) নামেৰে নামকৰণ কৰা হৈছে৷


এই অতি বিশিষ্ট অতি শক্তিশালী জেম্‌ছ ৱেব টেলিস্কোপৰ নিৰ্মাণ মানৱ জাতিৰ ইতিহাসৰ এক বিশেষ মাইলৰ খুঁটিৰূপে ইতিমধ্যে পৰিগণিত হৈছে৷ এই বৃহৎ প্ৰকল্পটোৰ আঁৰত চৈধ্যখনকৈ দেশ জড়িত আছে : অষ্ট্ৰিয়া, বেলজিয়াম, কানাডা, ডেনমাৰ্ক, ফ্ৰান্স, জাৰ্মানী, আয়াৰলেণ্ড, ইটালী, নেদাৰলেণ্ড, স্পেইন, ছুইডেন, ছুইজাৰলেণ্ড, ইউনাইটেড কিংডম আৰু ইউনাইটেড ষ্টেট্‌ছ অব্‌ আমেৰিকা৷ তদুপৰি এই প্ৰকল্পৰ আঁৰত তিনিজন ভাৰতীয় মূলৰ বিজ্ঞানীৰো নাম ল'ব পাৰি৷ তেওঁলোক হ'ল - হাছিমা হাচান, কল্যাণী সুখাতমে আৰু কাৰ্ত্তিক শেঠ৷ এই টেলিস্কোপ নিৰ্মানত খৰচ হৈছিল ৭৫০০০ কোটি টকা৷ উল্লেখযোগ্য যে এই খৰচৰ বাবে নাছাই ধাৰ ল'ব লগা হৈছিল৷ বহুতো মহাকাশ সংস্থা, কোম্পানী, গৱেষণাকেন্দ্ৰ, বিশ্ববিদ্যালয় আদিৰ আন্ত:ৰাষ্ট্ৰীয় সহযোগিতা আৰু লগতে হাজাৰ হাজাৰ বিজ্ঞানী, অভিযন্তা আদিৰ ৰাতিক দিন কৰি কৰা ২৫ বছৰীয়া অশেষ কষ্টৰ ফলেই হৈছে এই বিজ্ঞান আৰু মানৱজাতিৰ সেৱাৰ বাবে ব্যৱহৃত পৃথিৱীৰ আটাইতকৈ শক্তিশালী দূৰবীন জেম্‌ছ ৱেব স্পে'চ টেলিস্কোপ৷


যোৱা ২২ মে’ত জেম্‌ছ ৱেব স্পে'চ টেলিস্কোপৰ প্ৰাথমিক আইনাখন ছটা ক্ষুদ্ৰ উল্কাপিণ্ডৰদ্বাৰা আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ ভিতৰত ষষ্ঠটো আঘাতে যথেষ্ট ক্ষতিসাধন কৰে। প্ৰথমতে ইয়াক অতিবেছি ডাঙৰ ঘটনা বুলি গণ্য কৰা হোৱা নাছিল, কিন্তু এতিয়া বিজ্ঞানীসকলৰ চিন্তা-চৰ্চাৰ নতুন গৱেষণা-পত্ৰ এখনে পৰামৰ্শ দিয়ে যে এই ঘটনাক বিশেষভাৱে গুৰুত্ব দিয়া উচিত৷

এই টেলিস্কোপৰপৰা পাঁচখন ছবি ২০২২ চনৰ জুলাই মাহত এখন সংবাদ মেলৰ জৰিয়তে জনসাধাৰণৰ বাবে মুকলি কৰা হয়৷ এই পাঁচখন ছবিৰ নামকৰণ কৰা হৈছে আৰু ছবিসমূহৰ বৈশিষ্ট্য বিস্তৃতভাৱে অধ্যয়ন কৰা হৈছে৷ ছবিকেইখনৰ নাম ক্ৰমে SMACS0723 (তাৰকাৰাজ্যৰ থূপ), কেৰিনা নেবুলা, ষ্টেফান'ছ কুইন্টেট, দক্ষিণ আঙঠি নেবুলা আৰু WASP৯৬খ (WASP96b)৷ এই ছবিবোৰৰ পৰা তৰাৰ জন্মৰ পৰা আৰম্ভ কৰি মহাকাশৰ দূৰদূৰণিৰ গভীৰতা দেখা পোৱালৈকে লগতে বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণিৰ বিশদ আভাস পোৱা যায়৷


চিকাগো বিশ্ববিদ্যালয়ৰ জেকব বীনে কয়, "এইটো এটা জন্মদিন, খ্ৰীষ্টমাছ, বাৰ্ষিকী, স্নাতক হোৱাৰ দিন, থ্যাংকছগিভিং ডে আৰু হনুক্কাৰ দৰে সকলোবোৰ উৎসৱ সকলোৱে আমাৰ বাবে এটাতে মেৰিয়াই থোৱাৰ দৰে আৰু প্ৰতিদিনে এই উৎসৱ যাপন হৈ থকাৰ দৰে কথা।" "সকলোৱে আশা কৰাতকৈ ই বহুগুণে বেছি ভাল কাম হৈছে। এইটো সঁচাকৈয়ে এক অলৌকিক ঘটনা (miracle) বুলি মই ভাবোঁ৷" - ফ্লাটিৰন ইনষ্টিটিউটৰ এগৰাকী জ্যোতিৰ্বিজ্ঞানী ৰাচেল সোমৰভিলে কয়। পৃথিৱীৰ আটাইতকৈ শক্তিশালী দূৰবীক্ষণ যন্ত্ৰৰূপে স্বীকৃত এই জেম্‌ছ ৱেব টেলিস্কোপ মানৱ জাতিৰ ইতিহাসৰ এক বৃহৎ সফলতাৰূপে ইতিমধ্যে স্বীকৃত হৈছে


ই-মেইল: mousumee.b1@gmail.com

15 views0 comments

Recent Posts

See All

Comments


bottom of page