top of page
Writer's pictureMousumee Bori

"প্ৰৱল ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰম"

" মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ

আমিও কৰিব পাৰোঁ জীৱন গঢ়িত,

অভিনয় শেষ হ'লে আয়ু বেলি মাৰ গ'লে

থৈ যাব পাৰোঁ খোজ সময় বালিত৷"


সাফল্য লাভৰ লগত "প্ৰৱল ইচ্ছাশক্তি" ওত:প্ৰোতভাৱে জড়িত৷ এই প্ৰৱল ইচ্ছানো কেনেকুৱা হ'ব লাগে তাৰ এটি সুন্দৰ কাহিনী পঢ়িবলৈ পোৱা যায় - "এবাৰ এজন যুৱকে মহান দাৰ্শনিক চক্ৰেটিছক সাফল্য লাভৰ গোপন পথটোৰ কথা সুধিলে৷ চক্ৰেটিছে যুৱকজনক পিছদিনা নদীৰ পাৰত তেওঁক লগ কৰিবলৈ ক'লে৷ সেইমতে যুৱকজনে পিছদিনা চক্ৰেটিছক নদীৰ পাৰত লগ কৰিলে৷ দুয়ো নদীখনৰ ফালে আগবাঢ়িল৷ পানীখিনি যেতিয়া দুয়োৰে ডিঙিৰ ওচৰ পাওঁ পাওঁ হ'ল হঠাতে চক্ৰেটিছে যুৱকজনৰ মূৰটো ধৰি পানীত ডুবাই দিলে৷ যুৱকজনে পানীৰ পৰা উলাবলৈ আপ্ৰাণ চেষ্টা কৰিলে৷কিন্তু চক্ৰেটিছে জোৰেৰে পানীত ডুবাই ৰাখিলে৷যুৱকজন অলপ নীলা পৰিবলৈ ধৰা যেন দেখি যুৱকজনক তেওঁ পানীৰ মাজৰ পৰা মূৰটো তুলি ধৰিলে৷ তেতিয়া যুৱকজনে প্ৰথমেই এটা দীঘল উশাহ ল'লে৷ চক্ৰেটিছে তেতিয়া যুৱকজনক প্ৰশ্ন কৰিলে - " তুমি পানীত ডুবি থাকোঁতে,কি বিচাৰি ব্যাকুল হৈছিলা?" যুৱকজনে উত্তৰ দিলে -"উশাহত বায়ু" ৷ তেতিয়া চক্ৰেটিছে ক'লে - "এয়াই সাফল্যৰ গোপন কথা৷ তুমি যেনেদৰে বায়ু বিচাৰি ব্যাকুল হৈছিলা , ঠিক সেইদৰে যেতিয়া সাফল্য বিচাৰা,পাবা৷" সাফল্যৰ গোপন পথ হৈছে প্ৰৱল ইচ্ছা,প্ৰৱল আকাংক্ষা তথা লক্ষ্যত উপনীত হোৱাৰ প্ৰচণ্ড ব্যাকুলতা৷

সাফল্য লাভৰ বাবে প্ৰৱল ইচ্ছাশক্তিৰ লগতে কঠোৰ পৰিশ্ৰমৰো বিকল্প নাই৷ কঠোৰ পৰিশ্ৰমৰ যোগেৰে আমি আমাৰ ভাগ্যও গঢ়িব পাৰোঁ৷ কঠোৰ পৰিশ্ৰমৰ উদাহৰণেৰে পৃথিৱীত জীৱনৰ খোজ থৈ যোৱা বহু মনিষীৰ সৰু সৰু প্ৰেৰণাদায়ক উদাহৰণ পঢ়িবলৈ পাওঁ৷ বিখ্যাত বেহেলাবাদক ফ্ৰিজ ক্ৰেইচলাৰে অনুষ্ঠান এটা কৰাৰ পিছত এজন লোক মঞ্চলৈ উঠি আহি তেওঁক ক'লে - "আপোনাৰ দৰে বেহেলাবাদক হ'বলৈ হ'লে মই মোৰ গোটেই জীৱনটো দিব লাগিব৷" ক্ৰেইচলাৰে তেওঁৰ উত্তৰত ক'লে - "মই দিলোৱেই৷" ঠিক তেনেদৰে "আমেৰিকান ইংৰাজী অভিধান" প্ৰস্তুত কৰি উলিয়াবলৈ নোৱা ৱেবষ্টাৰে ৩৬ বছৰ কঠোৰ পৰিশ্ৰমৰ অন্তত সমাপ্ত কৰিছিল৷ "পেৰেডাইজ লষ্ট" ৰ দৰে বহুল জনপ্ৰিয় মহাকাব্যখন লিখিবৰ বাবে মিল্টনে পুৱাৰ চিকুণ টোপনি কাটি কৰি চাৰি বজাতে উঠি দৈনিক লিখিছিল৷ ছপা আখৰৰ প্ৰথম আৱিষ্কৰ্তা গুটেনবাৰ্গে ১৪৫৬ খ্ৰীষ্টাব্দত ১২৮২ পৃষ্ঠাৰ ডাঙৰ ডাঙৰ আখৰৰ পুথিখন ছপা কৰি উলিয়াওঁতে বহু বছৰ লাগিছিল৷ গুটেনবাৰ্গে তেওঁৰ সকলো সাঁচতীয়া ধন এই আৱিষ্কাৰৰ বাবদ খৰচ কৰি দেউলীয়া হৈ পৰিছিল আৰু জীৱনৰ শেষ বয়সত এজন ভদ্ৰলোকে গুটেনবাৰ্গক আশ্ৰয়দান কৰিছিল৷ গুটেনবাৰ্গৰ জীৱনজোৰা ত্যাগ,প্ৰৱল ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমেই এই কামত সফলতা আনিছিল আৰু মানৱজাতিক যাউতিযুগীয়া অমূল্য উপহাৰ দি থৈ গ'ল৷ মানৱজাতি তেখেতৰ ওচৰত চিৰঋণী৷


শেষত "ভাঙনি-কোঁৱৰ" আনন্দ চন্দ্ৰ আগৰৱালাৰ "জীৱন সঙ্গীত" নামৰ কবিতাৰ বিখ্যাত পংক্তিৰে টোকাটি সামৰিছোঁ -


" মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ

আমিও কৰিব পাৰোঁ জীৱন গঢ়িত,

অভিনয় শেষ হ'লে আয়ু বেলি মাৰ গ'লে

থৈ যাব পাৰোঁ খোজ সময় বালিত৷ "


@মৌচুমী বৰি


197 views0 comments

Recent Posts

See All

Comments


bottom of page