তুমি কিয় নিজকে আটাইতকৈ বেগী বুলি প্ৰমাণ কৰিব বিচাৰা?" মই ক'লো- "মোৰ সন্মান বাঢ়িব, মোক জগতে চিনিব৷ মই বিচাৰো- মোৰ নাম যুগে যুগে বুৰঞ্জীত লিখা থাকিব"৷ তেতিয়া ঋষিজনে পুনৰ ক'লে - "ভাল কথা বাৰু, তুমি উচ্চাকাংক্ষী৷ কিন্তু নিজকে বেগী বুলি প্ৰমাণ কৰিবলৈ আজি তুমি কাছৰ লগত প্ৰতিযোগিতাত নামিছা, কাইলৈ সাপৰ লগত,এদিন জেব্ৰাৰ লগত, আন এদিন সিংহৰ লগত - এনেকৈ কি গোটেই জীৱন প্ৰতিযোগিতাৰ দৌৰত দৌৰি থাকিবা?" মই তেতিয়াহে অলপ চিন্তিত হ'লো আৰু ক'লো - "অ' মই এনেকুৱা কথা ভবাই নাছিলো৷ মই আচলতে গোটেই জীৱন প্ৰতিযোগিতাৰ দৌৰত দৌৰি থাকিব নিবিচাৰোঁ"৷ "তেনে,তুমি কি বিচাৰা? " মই ক'লো - "মই এতিয়া গছ জোপাৰ তলত শুব বিচাৰোঁ, শুই উঠি সজীৱ হৈ ফূৰ্তিতে জপিয়াব বিচাৰোঁ, চৰাইৰ গান শুনিব বিচাৰোঁ৷ পখিলাৰ পাছে পাছে দৌৰিব বিচাৰোঁ৷"
"তেন্তে তুমি তাকেই কৰা৷ প্ৰতিযোগিতাৰ কথা পাহৰি যোৱা৷ জীৱনৰ প্ৰতিটো মুহূৰ্ত্ত জীয়াই থাকা৷"
[8:44 am, 03/12/2021] Mousumee Bori: "বিখ্যাত শহা আৰু কাছৰ সাধুটোৰ নায়ক শহাক লোৱা এটা সাক্ষাৎকাৰত শহাই কি ক'লে? '
শহা আৰু কাছৰ সাধুটো সকলোৱে জানে৷ শহা আৰু কাছৰ মাজত হোৱা দৌৰ প্ৰতিযোগিতাত শহাটোৱে গছ এজোপাৰ তলত অলপ সময়ৰ বাবে জিৰণী ল'বলৈ বহোঁতে টোপনি গ'ল আৰু কাছ দৌৰ প্ৰতিযোগিতাখনৰ বিজয়ী ঘোষিত হ'ল৷এই সাধুটোত কাছৰ দৰে ধৈৰ্যশীল, নিৰহংকাৰী, উৎসৰ্গিত মনোভাৱ আদিৰ বিষয়ে কোৱা হয় আৰু শহাৰ দৰে অতিপাত আত্মবিশ্বাসী,অহংকাৰী নহ'বলৈ কোৱা হয়৷ এই সাধুটোত কাছৰ গুৰুত্ব বেছি৷ শহাৰ বিষয়ে বিশেষ গুৰুত্বপূৰ্ণ ভাৱে চিন্তা কৰা নহয়৷ মটিভেশ্যনেল স্পীকাৰ শিল্পা সিঙে শহা কিয় বিজয়ী নহ'ল - "শহাৰ দৃষ্টিকোণেৰে" বুলি এটা ভিডিঅত সাধুটো নতুনকৈ কৈছিল৷ ভাল লগা বাবে সেই কথাখিনিকে ময়ো মোৰ ভাষাৰে লিখিবলৈ চেষ্টা কৰিছোঁ৷
ধৰাহওক, প্ৰতিযোগিতাত জয়ী নোহোৱা শহা কিয় জয়ী নহ'ল সেই কথাখিনি জানিবলৈ চেষ্টা কৰি চাওঁ৷ এটা সাক্ষাৎকাৰত শহাক সোধা হ'ল - "শহা মহাশয়, আপুনি বিখ্যাত সাধুটিৰ দৌৰ প্ৰতিযোগিতাত হাৰিছিল৷আপুনি গছৰ তলত শুই গৈছিল৷ আমি জানিব বিচাৰোঁ আপোনাৰ আচলতে কি হৈছিল?
শহা: হয়, ময়েই সেইজন শহা যি প্ৰতিযোগিতাখনত হাৰিছিলো৷ মই সেইদিনা দৌৰিছিলো,জপিয়াইছিলো আৰু পিছলৈ ঘূৰি চাই যেতিয়া দেখিলো কাছ সখী মোৰ পৰা চকুৰে নমনা দূৰণিত পিছ পৰি গৈছে, মই জিকিম বুলি নিশ্চিত হৈছিলো আৰু মনৰ আনন্দতে এটা পুখুৰীৰ পাৰৰ এজোপা বট গছৰ তলত জিৰাবলৈ বহিছিলোঁ আৰু তেনেকৈ জিৰাওঁতে ধুনীয়া টোপনি এটা আহি মোক হেঁচি ধৰিলে৷ কাৰণ আগদিনা ৰাতি প্ৰতিযোগিতাখনৰ কথা ভাবি ভাবি মই ইমান উৎসাহিত হৈ পৰিছিলো যে মোৰ টোপনি অহা নাছিল৷ মই কাছ সখী আৰু আমাৰ প্ৰতিযোগিতা চাবলৈ অহা দৰ্শকসকলক দেখুৱাই দিম মোৰ প্ৰতিভা,মোৰ পাৰদৰ্শিতা - উত্তেজিতভাৱে মনলৈ অহা এনেবোৰ কথাই মোক ৰাতিটো শুবলৈ দিয়া নাছিল৷
সেয়ে মই অলপ ভাগৰি আছিলো আৰু যেতিয়া জিৰণী ল'বলৈ বট গছজোপাৰ তলত বহিলোঁ ফিৰফিৰিয়া এজাক ধুনীয়া বতাহে মোক চুই গ'ল, গছ জোপাত থকা চৰাইৰ কলৰৱে, সেউজীয়া ঘাঁহৰ দলিছাই মোৰ চকুলৈ টোপনি নমাই আনিলে আৰু মই সপোন এটা দেখিলোঁ৷ এজন ধ্যানত বহি থকা ঋষিয়ে চকু মেলি মোলৈ চাইছে আৰু এটি মধুৰ হাঁহিৰে মোক সুধিছে - "তুমি কোন? কি কৰি আছা?" মই মোৰ পৰিচয় দি ক'লো যে মই এটি দৌৰ প্ৰতিযোগিতাত ভাগ লৈছো আৰু এই জংঘলৰ পোক-পৰুৱাৰ পৰা ধৰি জীৱ-জন্তু সকলোকে প্ৰমাণ কৰি দেখুৱাম যে ময়েই আটাইতকৈ বেগী৷ তেতিয়া ঋষিয়ে মোক সুধিলে- " তুমি কিয় নিজকে আটাইতকৈ বেগী বুলি প্ৰমাণ কৰিব বিচাৰা?" মই ক'লো- "মোৰ সন্মান বাঢ়িব, মোক জগতে চিনিব৷ মই বিচাৰো- মোৰ নাম যুগে যুগে বুৰঞ্জীত লিখা থাকিব"৷ তেতিয়া ঋষিজনে পুনৰ ক'লে - "ভাল কথা বাৰু, তুমি উচ্চাকাংক্ষী৷ কিন্তু নিজকে বেগী বুলি প্ৰমাণ কৰিবলৈ আজি তুমি কাছৰ লগত প্ৰতিযোগিতাত নামিছা, কাইলৈ সাপৰ লগত,এদিন জেব্ৰাৰ লগত, আন এদিন সিংহৰ লগত - এনেকৈ কি গোটেই জীৱন প্ৰতিযোগিতাৰ দৌৰত দৌৰি থাকিবা?" মই তেতিয়াহে অলপ চিন্তিত হ'লো আৰু ক'লো - "অ' মই এনেকুৱা কথা ভবাই নাছিলো৷ মই আচলতে গোটেই জীৱন প্ৰতিযোগিতাৰ দৌৰত দৌৰি থাকিব নিবিচাৰোঁ"৷ "তেনে,তুমি কি বিচাৰা? " মই ক'লো - "মই এতিয়া গছ জোপাৰ তলত শুব বিচাৰোঁ, শুই উঠি সজীৱ হৈ ফূৰ্তিতে জপিয়াব বিচাৰোঁ, চৰাইৰ গান শুনিব বিচাৰোঁ৷ পখিলাৰ পাছে পাছে দৌৰিব বিচাৰোঁ৷"
"তেন্তে তুমি তাকেই কৰা৷ প্ৰতিযোগিতাৰ কথা পাহৰি যোৱা৷ জীৱনৰ প্ৰতিটো মুহূৰ্ত্ত জীয়াই থাকা৷"
ইমানলৈকে সপোন দেখাৰ পিছত মই সাৰ পাই গ'লো আৰু কাছৰ লগত দৌৰাৰ কথা পাহৰি ওচৰতে থকা পুখুৰীৰ পানীত জপিয়াই জপিয়াই খেলিবলৈ ধৰিলোঁ ৷
এতিয়া মই গোটেই পৃথিৱীক জনাব বিচাৰোঁ যে এই প্ৰতিযোগিতাৰ অভিজ্ঞতাৰে মই মোৰ জীৱনটোক ঘূৰাই পালোঁ৷
Mousumee Bori
Writer,Author,Poet
Comments