মোৰ জীৱনৰ অন্যতম প্ৰিয় কিতাপ

মোৰ জীৱনৰ অন্যতম প্ৰিয় কিতাপ – অসমৰ বৰেণ্য ব্যক্তি ড০ প্ৰফুল্ল কটকী দেৱৰ দ্বাৰা অনুবাদিত লেখক নৰমান ভিনচেন্ট পীলেৰ “আশাবাদী চিন্তা”



জীৱনৰ কোনো এক দুৰ্দিনৰ মুহুৰ্তত যেতিয়া হতাশাৰে মন ভাৰাক্ৰান্ত হৈ আছিল ঠিক তেনে এক ক্ষণতে মোৰ হাতত আহি পৰিছিল এখন কিতাপ – নৰমান ভিনচেন্ট পীলেৰ Power of positive thinking৷কিতাপ খন পঢ়াৰ পাছত মোৰ এনে লাগিছিল মই যেন এটা নতুন জীৱন পাইছো৷ হতাশাৰ ডাৱৰ আঁতৰি মই যেন নতুন পোহৰেৰে উদ্ভাসিত হৈ পৰিছোঁ৷পিছে কিতাপখন মই কাৰোবাৰ পৰা আনি পঢ়িছিলো আৰু সেয়েহে এদিন কিতাপখন ঘূৰাই দিব লগা হ’ল কিন্তু সঞ্জিৱনী সুধা স্বৰূপ এই কিতাপখন যে মই নিজৰ কাষত ৰাখিবই লাগিব সেই ইচ্ছা মোৰ প্ৰৱল হৈ উঠিল৷

এদিন লক্ষীমপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভা গ্ৰন্থমেলাত সেই অমূল্য কিতাপখনৰ অসমীয়া সংস্কৰণ মোৰ হাতত আহি পৰিল৷আনন্দতে কিতাপখন বুকুৰ মাজত সুমুৱাই ল’লো৷মোৰ এনে লাগিল – মই যেন যুদ্ধ জয় কৰিছোঁ৷এই অমূল্য কিতাপখনৰ অসমীয়ালৈ অনুবাদ কৰিছে ড০ প্ৰফুল্ল কটকী ছাৰে “আশাবাদী চিন্তা” নামেৰে৷কিতাপখন প্ৰকাশ কৰি উলিয়াইছে অসমৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান “জ্যোতি প্ৰকাশনে”৷কোৱা বাহুল্য যে ড০ প্ৰফুল্ল কটকী ছাৰ অসমৰ এজন বৰেণ্য ব্যক্তি৷তেখেতৰ বিশাল ব্যক্তিত্ব আৰু তেখেতৰ কৰ্মৰাজীৰ অৱদানে অসমৰ সাহিত্য আকাশত তেখেতক চিৰজ্যোতিষ্মান কৰি ৰাখিছে৷

এতিয়া আহোঁ কিতাপখনৰ বিষয়বস্তুলৈ৷ কিতাপখনৰ পাতনিতেই গোটেই কিতাপখনৰ সাৰমৰ্ম সোমাই আছে৷লেখক পীলেই এই কিতাপখন মূলত: নৱ-প্ৰজন্মৰ ল’ৰা-ছোৱালীৰ বাবেই লিখা হৈছে বুলি জনাইছে৷তেখেতে লিখিছে –“আশাবাদী চিন্তাৰ ‘টেকনিক’টো আগবয়সতে শিকি ল’ব পৰাতকৈ যুৱক-যুৱতীহঁতৰ বাবে পৰম সৌভাগ্যৰ কথা আন একো হ’ব নোৱাৰে৷অনেক বিফলতা,অনেক কষ্ট-ভোগ অতিক্ৰম কৰি এই শিক্ষা লাভ কৰাৰ এতিয়া আৰু কোনো প্ৰয়োজন নাই৷এই কিতাপখনেই সেই শিক্ষা আগবঢ়াব৷আশাবাদী চিন্তাৰ সৃষ্টিশীল আৰু গতিশীল “টেকনিক”টো মই যদি কুৰিৰ দেওনা পাৰ হোৱাৰ আগতে শিকি ল’বলৈ পালোহেঁতেন!কত’ দুৰ্ভোগ, কত’ দুশ্চিন্তাৰ যে মই হাত নাসাৰিলোহেঁতেন!”

লেখক পীলেই কৈছে যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু মহান যীশুৱে দিয়া শিক্ষাসমূহ এই কিতাপখনত সন্নিবিষ্ট কৰা হৈছে৷উপসংহাৰৰ সৈতে মিলি ১৫ টা মূল জীৱন বিষয়ক কথাৰ ওপৰত কিতাপখনত আলোকপাত কৰা হৈছে যি খিনি কথা জীৱন সংগ্ৰামত অভ্যস্ত প্ৰতিজন লোকৰ বাবেই মহৌষধ স্বৰূপ বুলি মই ভাবো৷

কিতাপখনৰ “নিজৰ ওপৰত বিশ্বাস ৰাখিবা” নামৰ প্ৰথম অধ্যায়ত লেখকে জীৱনৰ সকলোতকৈ প্ৰয়োজনীয় “আত্মবিশ্বাস”ৰ কথা লিখিছে৷নীচাত্মিকা মনোভাৱ আৰু হীনমন্যতা যে জীৱনত সফলতা অৰ্জন কৰাত প্ৰধান বাধা সেই কথাটোৰ ওপৰত লেখকে গুৰুত্ব আৰূপ কৰিছে৷তেখেতে লিখিছে যে হীনমন্যতা মনৰ পৰা আঁতৰোৱাৰ উপায় হ’ল প্ৰৱল আত্মবিশ্বাস৷নিজৰ শক্তি-সামৰ্থ্যৰ ওপৰত সমূলি বিশ্বাস নথকা লোকেহে এই বিকাৰটোত ভোগে৷সেইবাবে মনটো সদায় আত্মবিশ্বাসেৰে ভৰাই ৰাখিব লাগে৷তেওঁ প্ৰথম অধ্যায়টোৰ শেষত আত্মবিশ্বাস গঢ়িবৰ বাবে দহোটা উপায় আগবঢ়াইছে আৰু উল্লেখ কৰিছে যে ভগৱান নিজৰ লগত আছে বুলি ভাবিলে জীৱন-সংগ্ৰামৰ সন্মূখীন হ’বলৈ লগা প্ৰয়োজনীয় শক্তি নিজৰ ভিতৰত উপলব্ধি কৰিব পাৰি৷

“শক্তি আহে এটা শান্ত মনৰ পৰা” নামৰ দ্বিতীয় অধ্যায়টোত লেখকে মনত প্ৰশান্তি থাকিলেহে আমি আমাৰ কাম-কাজবোৰ উৎসাহেৰে কৰিবলৈ শক্তি পোৱাৰ কথা উল্লেখ কৰিছে৷তেখেতে লিখিছে – “মনৰ প্ৰশান্তি লাভ কৰাৰ ৰহস্যটো, মানসিক দৃষ্টিভংগী পৰিৱৰ্তন কৰাতে নিহিত থাকে৷এটি অশান্ত মনলৈ শান্তি আনিব পৰাৰ উপায় লেখকে অধ্যায়টোত সবিস্তাৰে বৰ্ণনা কৰিছে৷আমি যদি শান্তি-জ্ঞাপক,স্বস্তিব্যঞ্জক শব্দ কিছুমান উচ্চাৰণ কৰোঁ তেতিয়াও মনলৈ শান্তি আনিব পাৰি৷ধৰ্মগ্ৰন্থ সমূহৰ পৰা অনুচ্ছেদ বা শাৰী কিছুমান আওঁৰালেও মনলৈ শান্তি আহে৷তাৰোপৰি আমাৰ কথোপকথনৰ ওপৰতো শান্তি বা অশান্তি বহুদূৰ নিৰ্ভৰ কৰে৷তাৰোপৰি লেখকে কৈছে যে মনটো শান্তিময় কৰি ৰখাৰ আন এটা উপায় হ’ল মৌনাৱলম্বন৷যদি আমি মনটো দ পানীৰ ওপৰৰ স্তৰটো বুলি ভাবি লওঁ আৰু ইয়াক যিমান পাৰি নিস্তৰংগ কৰিবলৈ যত্ন কৰোঁ আৰু তেনে এক মুহুৰ্তত যদি ভগৱানৰ সৰ্বব্যাপিতা উপলব্ধি কৰোঁ তেনে আমাৰ মনটো প্ৰশান্তিৰে ভৰি পৰিব৷

“তুমি যদি প্ৰাৰ্থনা কৰা তোমাৰ প্ৰতিটো সমস্যাৰে সমাধান ওলাব৷”- এইশাৰী অমৃতময় বাক্যৰে আৰম্ভ হৈছে কিতাপখনৰ তৃতীয় অধ্যায়৷লেখকে কৈছে যে প্ৰাৰ্থনা কৰি থাকোঁতে আমি যে বিশ্ব-সংসাৰৰ আটাইতকৈ প্ৰবল শক্তিটোৰ লগত যোগাযোগ কৰিছোঁ সেই কথা উপলব্ধি কৰাটো নিতান্তই জৰুৰী৷তেখেতে এজন ডেকা ল’ৰাই কৰা প্ৰাৰ্থনা পদ্ধতিৰ কথা উল্লেখ কৰিছে যি পদ্ধতি প্ৰয়োগ কৰি তেওঁ নিজৰ ব্যৱসায়ত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছিল৷পদ্ধতিটো হ’ল –

(১) প্ৰাৰ্থনাকৰণ (২) চিত্ৰিতকৰণ আৰু (৩) বাস্তৱকৰণ

এই পদ্ধতি তিনিওটাৰ বিষয়ে লেখকে অধ্যায়টোত বহল ভাৱে ব্যাখা কৰিছে৷তাৰোপৰি অধ্যায়টোৰ শেষৰ ফালে প্ৰাৰ্থনাৰ পৰা কাৰ্যকৰী ফল লাভ কৰাৰ দহোটা উপায় দিছে৷ইয়াতে উল্লেখযোগ্য যে অনুবাদক ড০প্ৰফুল্ল কটকী দেৱে অধ্যায়ৰ মাজে মাজে প্ৰসংগৰ লগত সংগতি মিলাই নামঘোষা,শ্ৰীমদ্ভাগৱদ গীতা আদি ধৰ্মগ্ৰন্থৰ কিছুমান পংক্তি আগবঢ়াইছে৷উদাহৰণস্বৰূপে লেখক পীলেই লিখিছে – “সকলো কথা ভগৱানৰ হাতত এৰি দিয়াৰ অভ্যাসটো কৰিবা৷যথাশক্তি কাৰ্য কৰিবলৈ তোমাক শক্তি প্ৰদান কৰিবলৈ প্ৰাৰ্থনা কৰিবা৷কাৰ্যৰ ফলাফল ভগৱানৰ হাতত এৰিবা৷এইখিনি কথাৰ প্ৰসংগ সংগতিৰ আঁত ধৰি ড০কটকী দেৱে শ্ৰীমদ্ভাগৱদ গীতাৰ উক্তি আগবঢ়াইছে এনেদৰে – [“তু: কৰ্মন্যেবধিকাৰস্তে মা ফলেষু কদাচন৷-শ্ৰীমদ্ভাগৱদগীতা (অনু.)]

“সুখ তোমাৰ নিজৰ হাতত” অধ্যায়টোত লেখক পীলেই আমাৰ সুখ বা দু:খবোধ আমি নিজে সৃষ্টি কৰি লোৱা মানসিক দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে বুলি উল্লেখ কৰিছে৷তেখেতে বাইবেলৰ এটি প্ৰ’ভাৰ্বচ দিছে যে –“ৰঙিয়াল অন্তৰৰ লোক এজনে অবিৰত পৰমানন্দ লাভ কৰে৷”(১৫.১৫)অৰ্থাৎ সুখবোধক তোমাৰ মনৰ এক স্বাভাৱিক প্ৰবৃত্তি হিচাপে কৰ্ষণ কৰা৷ইয়াকে কৰিব পাৰিলেই জীৱনটো তোমাৰ অন্তহীন পৰমানন্দ হ’ব৷

“খেঙখেঙাই নাথাকিবা” অধ্যায়টোত ক্ৰোধ আৰু বিদ্বেষৰ অপকাৰিতাৰ কথা কোৱা হৈছে৷লেখক পীলেই লিখিছে যে আমি যেতিয়া অস্থিৰতাত ভুগো সেই অস্থিৰতাই আমাৰ দেহত কিছুমান বিষক্ৰিয়াৰ উদ্ৰেক কৰে আৰু সেইবোৰে এক প্ৰকাৰ আবেগিক বিকাৰৰ সৃষ্টি কৰে৷এনেধৰণৰ আবেগিক অস্থিৰতাই শাৰীৰিকভাৱে আমাৰ অনিষ্ট কৰে,আনকি আমাৰ ব্যক্তিত্বৰ গভীৰতম প্ৰদেশকো ই জোকাৰি পেলায়৷সেয়ে উপায় হিচাপে লেখকে ইয়াত এটা শান্ত মনৰ অধিকাৰী কেনেকৈ হ’ব পাৰি তাৰেই উল্লেখ কৰিছে৷ভগৱানৰ ওচৰত আত্মসমৰ্পনে যে আমাক অনাবিল মানসিক প্ৰশান্তি দিব পাৰে সেই কথা লেখকে খুউব ধুনীয়াকৈ বৰ্ণনা কৰিছে৷

“পাবলৈ আশা কৰাটোহে পাবা” অধ্যায়টোত লেখকে আশাবাদী চিন্তা,ভগৱানৰ দয়া আৰু কৰুণাৰ ওপৰত লগতে নিজৰ ওপৰত আস্থা ৰাখিলেহে কাৰ্য সিদ্ধি হোৱাৰ কথা কৈছে৷ লেখক পীলেই লিখিছে – “এইটো একেবাৰে ধ্ৰুৱ সত্য যে তুমি ভগৱান আৰু নিজৰ ওপৰত আস্থা স্থাপন কৰিবলৈ শিকিলে আৰু যোগাত্মক সৃষ্টিশীলতাৰ দৃষ্টিৰে চিন্তা কৰিবলৈ ল’লে, অসম্ভৱ বুলি ধৰি লোৱা কথা একোটাও সম্ভাৱনীয়তাৰ আওতাৰ ভিতৰলৈ সোমায়৷”

“জিকাৰু হ’বা” অধ্যায়টোত লেখক পীলেই “জীকাৰু হ’বা” শব্দ দুটা “শ্লোগান” হিচাপে ব্যৱহাৰ কৰিবলৈ কৈছে যাতে আমি এই বিশ্বাসেৰে যি কোনো কাৰ্যতে জয়ী হ’ব পাৰোঁ৷আমি আমাৰ জীৱনত অতিক্ৰম কৰিব নোৱাৰা বাধা-বিপত্তি একো নাই৷প্ৰভু যীশু আমাৰ লগত থাকিলে যি কোনো বাধাই আমি অতিক্ৰম কৰিব পাৰোঁ৷লেখক পীলেৰ মতে আমি আমাৰ জীৱনৰ সৰু সৰু ঋনাত্মক কথাবোৰ আঁতৰাই সকলো কথাই ধনাত্মক চিন্তাৰে আগবাঢ়িলে যি কোনো পৰিস্থিতিতে সুফল পোৱা যায়৷

“দুশ্চিন্তা কৰা কিয়?” অধ্যায়টোত লেখক পীলেই লিখিছে যে দুশ্চিন্তা শব্দটো হ’ল এক ক্ষতিকাৰক মানসিক স্বভাৱ৷ই জন্মগত নহয়, এটা আহৰণ কৰা অভ্যাসহে৷দুশ্চিন্তাই আমাৰ কি অনিষ্ট কৰিব পাৰে সেই কথা শব্দটোৰ মৌলিক অৰ্থটোৱেই সূচায়৷দুশ্চিন্তা শব্দটো আহিছে প্ৰাচীন এংল-চেক্সন শব্দ এটাৰ পৰা – ইয়াৰ অৰ্থ হ’ল শ্বাসৰোধ কৰা (choke)৷দুশ্চিন্তাত ভূগি থকা মানুহৰ বিভিন্ন সামৰ্থ্য,স্বাস্থ্য আৰু সৃষ্টিশীল ক্ষমতা ব্যাহত হয় আৰু ইয়াৰ বাবে ব্যক্তিজন নিজেই দায়ী৷দুশ্চিন্তাৰ পৰা হাত সাৰিবৰ বাবে ভগৱানৰ কৰুণাৰে দুশ্চিন্তামুক্ত হোৱাৰ কথা লেখকে কৈছে৷তেখেতে ভগৱান ভাৱনাৰ এটা পৰামৰ্শ আগবঢ়াইছে এনেদৰে –“ভগৱানে এতিয়া মোৰ মনত সাহস,শান্তি আৰু প্ৰত্যয় দিছে৷ভগৱানে এতিয়া মোক সমস্ত অপায়-অমংগলৰ পৰা ৰক্ষা কৰি আছে৷ভগৱানে এতিয়া মোক শুদ্ধ সিদ্ধান্ত লোৱাত সহায় কৰিছে৷ভগৱানে এই পৰিস্থিতিৰ পৰা মোক উদ্ধাৰ কৰিব৷”শেষত দুশ্চিন্তা দূৰ কৰিবৰ বাবে লেখকে অধ্যায়টোত আঠোটা পৰামৰ্শ আগবঢ়াইছে যিখিনি পৰামৰ্শই আমাক জীৱনটো আগবঢ়াই নিয়াত বহুপৰিমাণে উপকৃত কৰিব৷

“সমস্যা সমাধানৰ দহোটা উপায়” অধ্যায়টোত লেখকে দহোটা উপায় আগবঢ়াইছে যিবোৰ কাৰ্যত লগালে আমি সুফল পোৱাটো নিশ্চিত৷লেখক পীলেই লিখিছে যে সমস্যা মাত্ৰৰে সমাধান আছে বুলি বিশ্বাস কৰিলে আৰু ভগৱানৰ সহায়ৰ ওপৰত নিৰ্ভৰ কৰিলে আমি আমাৰ সমস্যাৰ সমাধান পোৱাটো নিশ্চিত৷

“দুৰ্দিনত পৰিলে কি কৰা উচিত” অধ্যায়টোত লেখকে দুৰ্দিনত পৰিলে হতাশ নহৈ তাৰ পৰা পৰিত্ৰাণ পাবলৈ দৃঢ়তাৰে যত্ন কৰাৰ লগতে ভগৱানৰ সহায় আৰু কৰুণা কামনা কৰিব লাগে বুলি জনাইছে৷লেখকে প্ৰৱল আবেগিক উত্তেজনাই যে আমাৰ দেহত ক্ষতিকাৰক ৰাসায়নিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেই কথা উল্লেখ কৰিছে৷ খং, মানসিক বেদনা, অপৰাধবোধ, অপ্ৰকাশিত ভয়, উদ্বিগ্নতা আদিৰ ফলত মানুহৰ দেহত বিভিন্ন প্ৰকাৰৰ বেমাৰৰ লক্ষণে দেখা দিব পাৰে৷সেয়ে মনৰ দৃষ্টিভংগী সলনি কৰি দেহৰ বিকাৰ দূৰ কৰিব পাৰি৷লেখক পীলেই লিখিছে- “উত্তেজনা, অস্বস্তি, খং, ঘৃণা, বিৰক্তি আদি বদগুণবোৰে যিহেতু আমাৰ স্বাস্থ্যৰ ওপৰত অনিষ্টকৰ প্ৰভাৱ পেলায়,এইবোৰক মনৰ পৰা আঁতৰাই ৰখাটোৱেই বাঞ্চনীয়৷কিন্তু কেনেকৈ?দেখদেখকৈয়ে আমাৰ মনটো শুভেচ্ছা, ক্ষমা, বিশ্বাস আৰু প্ৰেমেৰে পূৰ্ণ কৰি৷”আৰু তাৰবাবে লেখকে কেইটামান কাৰ্যকৰী পৰামৰ্শ আগবঢ়াইছে যি খিনি পৰামৰ্শ আমি আমাৰ জীৱনত প্ৰয়োগ কৰি সুফল লাভ কৰিব পাৰোঁ৷

“তোমাৰ চিন্তানুযায়ী তোমাৰ পৰিচয়” অধ্যায়টোত লেখক পীলেই আমি আমাৰ চিন্তাৰে নিজক গঢ় দিয়াৰ কথা উল্লেখ কৰিছে৷তেখেতে উল্লেখ কৰিছে যে – “এই সংসাৰৰ প্ৰতিটো সফল কাৰ্যৰ মূলতে আছে একো একোটা “আইডিয়া”৷প্ৰথমতে আইডিয়াটো লাগিব,তাৰপিছত সেই আইডিয়াটোত বিশ্বাস থাকিব লাগিব, আৰু তৃতীয়তে সেই আইডিয়াটো কাৰ্যকৰী কৰাৰ উপায় বিচাৰি উলিয়াব লাগিব৷কৃতকাৰ্যতাৰ পথ সেইটোৱেই৷”তাৰোপৰি লেখকে বিশ্বৰ ৰহস্যময় শক্তি আৰু প্ৰতিজন মানুহৰ মাজত নিহিত থকা অপাৰ শক্তিৰ কথা ব্যাখ্যা কৰিছে৷লেখকে উল্লেখ কৰিছে যে এই শক্তিয়ে ব্যক্তিৰ সমস্ত বিফলতা অতিক্ৰম কৰি তেওঁক সমস্ত বিপদ-বিঘিনিৰ উৰ্ধলৈ নিব পাৰে৷গতিকে আমাৰ মানসিক দৃষ্টিভংগী সদায় ইতিবাচক হ’ব লাগে৷লেখকে কি ধৰণৰ চিন্তা-চৰ্চাৰ দ্বাৰা আমাৰ জীৱনলৈ সফলতা আহে তাৰে আঠোটা বাস্তৱসন্মত উপায় নিৰ্দেশ কৰিছে৷

“সহজভাৱে ল’বা” অধ্যায়টোত লেখকে জীৱনৰ ঘাত-প্ৰতিঘাতবোৰ সহজভাৱে লোৱাৰ কথা উল্লেখ কৰিছে৷প্ৰতিটো কামকে সহজভাৱে কৰাৰ বাবে লেখকে দহোটা কাৰ্যকৰী পৰামৰ্শ কিতাপখনত আগবঢ়াইছে যিখিনি পৰামৰ্শ আমাৰ জীৱনত প্ৰয়োগ কৰি আমি এটা সফল শান্তিময় জীৱনৰ দিশত আগবাঢ়ি যাব পাৰোঁ৷

“তুমি আনক ভাল পালে আনেও তোমাক ভাল পাব” অধ্যায়টোত লেখকে মানুহৰ প্ৰতি সদভাৱৰ ওপৰত গুৰুত্ব আৰূপ কৰিছে৷লেখকে উল্লেখ কৰিছে যে আমি বন্ধুত্বপূৰ্ণ সম্পৰ্কবোৰৰ উৎকৰ্ষ সাধন কৰিবলৈ যত্ন কৰিব লাগে, কাৰণ সফলভাৱে জীৱন অতিবাহিত কৰিবৰ বাবে ব্যক্তিগত সম্পৰ্কবোৰ একান্তই প্ৰয়োজনীয়৷আনে আমাক ভাল পাবলৈ হ’লে তেওঁলোকৰ প্ৰতিও আমাৰ সদ্ভাৱ আৰু স্নেহ থাকিব লাগিব৷প্ৰতিজন লোকৰ মাজত লুকাই থকা সদগুণ সমূহৰ আমি কোনো ভেজাল নথকাকৈ যথাৰ্থ সমাদৰ কৰিব লাগে৷লেখক পীলেই লিখিছে – “আনক তোমাৰ প্ৰেম দিবা৷তোমাৰ প্ৰেমে তেওঁলোকক শক্তি যোগাব৷তেওঁলোকৰ পৰা তুমি স্নেহৰ প্ৰতিদান লাভ কৰিবা৷আনৰ ভাল পোৱা লাভ কৰাটো আচলতে সহজ কাম৷মাত্ৰ তুমি আনক ভাল পাব পাৰিব লাগে৷”

“সেই প্ৰবল শক্তিটো আহ্বান নকৰা কিয়?” অধ্যায়টোত লেখকে যি কোনো পৰিস্থিতি অতিক্ৰম কৰিবলৈ ঈশ্বৰৰ শক্তিৰ আহ্বানৰ ওপৰত গুৰুত্ব আৰূপ কৰিছে৷এই অধ্যায়টোৰ সাৰমৰ্ম এয়েই যে ভগৱানৰ সহায় আৰু আমাৰ নিজৰ সাহস, চৰিত্ৰবল,পুৰুষাৰ্থ আৰু আশাবাদী চিন্তাৰে আমি আমাৰ জীৱনটো নিজ ইচ্ছামতে গঢ়ি ল’ব পাৰোঁ৷

উপসংহাৰত লেখক নৰমান ভিনচেন্ট পীলেই নৱ-প্ৰজন্মলৈ লগতে কিতাপখনৰ প্ৰতিজন পাঠকলৈ বাৰ্তা আগবঢ়াইছে এনেদৰে – “জীৱন-যুঁজত তোমালৈ সহায়ৰ হাত আগবঢ়াবৰ বাবে একান্ত ইচ্ছাৰে মই এই কিতাপখন লিখিলো৷কিতাপখন তোমালোকৰ কামত আহিছে বুলি জানিব পাৰিলে মই নথৈ সুখী হ’ম৷ইয়াত আগবঢ়োৱা উপদেশ আৰু পৰামৰ্শসমূহৰ কাৰ্যকাৰিতাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে৷আধ্যাত্মিক অভিজ্ঞতাৰ গৱেষণাগাৰত সেইবোৰ পৰীক্ষা কৰি চোৱা হৈছে৷কামত খটুৱাবলৈ বিচাৰিলে সেইবোৰ কামত আহে৷ আমি হয়তো মুখামুখিকৈ কেতিয়াও লগালগি নহ’ম,কিন্তু এই কিতাপখনৰ যোগেদিয়েই আমাৰ মাজত সংযোগ ঘটিছে৷আমি আধ্যাত্মিক মিত্ৰতাৰ পাশত বান্ধ খাইছোঁ৷মই তোমাৰ বাবে- তোমালোকৰ আটাইৰে বাবে প্ৰাৰ্থনা কৰিছো৷ভগৱানে তোমালোকৰ মংগল কৰক৷তেওঁত বিশ্বাস ৰাখি জীৱনৰ পথত দৃঢ়ভাৱে আগবাঢ়া৷”

এই কিতাপখনি ড০ প্ৰফুল্ল কটকী ছাৰে ইমান সুন্দৰকৈ অনুবাদ কৰিছে যে পঢ়ি গ’লে মৌলিক অসমীয়া কিতাপ এখন পঢ়া যেনেই লাগে৷কিতাপখনৰ মূল উপজীৱ্যক অনুবাদকে অনুবাদৰ যোগেদি ধৰি বাখিবলৈ সক্ষম হৈছে৷ অনুবাদত চহা অসমীয়া ভাষাৰ প্ৰয়োগ, ভাষা আৰু শব্দৰ ব্যৱহাৰত সচেতনতা, জতুৱা ঠাঁচৰ প্ৰয়োগ, নামঘোষা আৰু শ্ৰীমদ্ভাগৱদগীতাৰ উক্তি আৰু ব্যাকৰণগত বৈশিষ্ট্য মন কৰিবলগীয়া৷

কিতাপখনৰ পৃষ্ঠাই পৃষ্ঠাই অনুপ্ৰেৰণাৰ মণি-মুকুতা ভৰি আছে ৷ আমি মাথো তাক আজলী ভৰাই ল’ব জানিব লাগে আৰু জীৱন সংগ্ৰামত প্ৰয়োগ কৰি বিজয় ধ্বজা উৰুৱাব লাগে৷মই এই কিতাপখন মোৰ জীৱনৰ হাতপুথি হিচাপে সদায় ৰাখি আহিছোঁ৷হতাশাৰ মুহূৰ্তত এই কিতাপখনে মোৰ ওপৰত সঞ্জিৱনী সুধাৰ দৰে কাম কৰে৷এনে এখন মূল্যৱান কিতাপ অসমীয়ালৈ সাৱলীল ভাষাৰে অনুবাদ কৰি অসমৰ ৰাইজক উপহাৰ দিয়াৰ বাবে ড০ প্ৰফুল্ল কটকী দেৱৰ ওচৰত অসম বাসী চিৰঋণী৷

তেখেতলৈ এই লেখাটিৰ যোগেদি বিনম্ৰতাৰে মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ৷

11 views0 comments