সেই আশী-নব্বৈ দশকৰ শিশু আলোচনীবোৰে দিয়া হেঁপাহ, উৎকন্ঠা আদিবোৰ আজিৰ শিশুৰ মাজত বিচাৰি পোৱা যায় নে ?সেই পৰিৱেশ আছেনে ? সময়ৰ পৰিৱৰ্ত্তনে পৰিৱেশ-পৰিস্থিতি সকলোবোৰ যেন সলায় পেলালে৷ আজিৰ কিমানজন শিশুৱে শিশু আলোচনী বুকুত সাৱটি হেঁপাহেৰে পঢ়ে ?
আমি যেতিয়া সৰু আছিলোঁ তেতিয়া কেইখনমান শিশু আলোচনীয়ে আমাৰ মনত বিশেষ প্ৰভাৱ পেলাইছিল৷ সেই শিশু আলোচনীৰ ভিতৰত আছিল প্ৰধানকৈ মৌচাক, সঁফুৰা, নতুন আৱিস্কাৰ আদি৷তাৰোপৰি টিংকল আৰু টিংকলৰ সুপন্দি, কালিয়া, ডুবডুব, তন্ত্ৰী নামৰ মন্ত্ৰী আদি চৰিত্ৰৰ মাজত উমলি-জামলিয়েই আমি ডাঙৰ হৈছিলো৷ চান্দমামা, অমৰ চিত্ৰ কথা আদি আলোচনীবোৰ বাৰে বাৰে পঢ়িও হেঁপাহ নপলাইছিল৷মৌচাক মামা, এখুদ ককাইদেউ, অচিন মোমাইদেউ আছিল আমাৰ সপোনৰ দেৱদূত৷তেওঁলোকক লগ পোৱাৰ কিমান যে হেঁপাহে !! কিন্তু কাহানিও লগ পোৱাৰ সুযোগ নহ’ল৷ বাতৰি কাকতৰ অকণিৰ চৰাবোৰো আছিল আমাৰ আনন্দৰ উৎস৷দেউতাই অনা বাতৰি কাকতখন লৈ প্ৰথমে “অকণি শিতান”টোকে খুলি লৈছিলো৷তাৰে মোৰ দুটা প্ৰিয় অকণি শিতান আছিল সাপ্তাহিক সাদিনৰ “সপোনসখি” আৰু সাপ্তাহিক পূৰ্বাচলৰ “মিলি-জুলি অকণি”৷ “মিলি-জুলি” অকণিৰ শিশুসকল এটি পৰিয়ালৰ দৰে হৈ পৰিছিল৷ আমি প্ৰতিগৰাকী অকণিয়ে যেন ইজনে সিজনক লগ নোপোৱাকৈয়ে মনেৰে চিনি পাইছিলো৷ “মিলি-জুলি অকণি” শিতানটো পৰিচালনা কৰিছিল সদানন্দ মামাই৷ সদানন্দ মামাক লগ পোৱাৰ যে কিমান সপোন দেখিছিলো৷ এদিন সেই সপোন পূৰাও হৈছিল৷ দেউতাৰ লগত গুৱাহাটীলৈ গৈ দেউতাক সদানন্দ মামাক লগ কৰাই দিবলৈ আমনি কৰিছিলো৷ দেউতাইও মোৰ সপোনটো পূৰ কৰিছিল৷ বাতৰি কাকতৰ কাৰ্যালয়ত ডাকযোগে অহা জাপ জাপ শিশুৱে লিখা লেখাৰ মাজত সদানন্দ মামা বহি আছিল৷মোৰ অকণি মনটোৱে দিঠকত মামাক দেখা পাই আনন্দতে কান্দি পেলাইছিলো৷
সেই আশী-নব্বৈ দশকৰ শিশু আলোচনীবোৰে দিয়া হেঁপাহ, উৎকন্ঠা আদিবোৰ আজিৰ শিশুৰ মাজত বিচাৰি পোৱা যায় নে ?সেই পৰিৱেশ আছেনে ? সময়ৰ পৰিৱৰ্ত্তনে পৰিৱেশ-পৰিস্থিতি সকলোবোৰ যেন সলায় পেলালে৷ আজিৰ কিমানজন শিশুৱে শিশু আলোচনী বুকুত সাৱটি হেঁপাহেৰে পঢ়ে ?আজিৰ শিশুৰ এখুদ ককাইদেউ, অচিন মোমাইদেউৰ দৰে কোনোবা দেবদূত বুলি ভবা ব্যক্তিক লগ পাবলৈ মন যায়নে ? ভাৱ হয়,কৰবাত যেন কিবা এটা ৰৈ গ’ল আৰু এই ৰৈ যোৱাৰ আঁৰত নিশ্চয় আছে ডিজিটেল যুগৰ প্ৰভাৱ৷ডিজিটেল যুগৰ দৃশ্য-শ্ৰব্য মাধ্যমৰ সাধু, কাহিনী, কাৰ্টুন,ভিডিঅ গেম আদিৰ বহুল প্ৰচলনে ছপা মাধ্যমৰ শিশু কিতাপসমূহৰ জনপ্ৰিয়তা ম্লান কৰিলে নেকি ? আৰু এই বাবেই আজি অসমীয়া শিশুসাহিত্য আমি কমকৈ পোৱা হ’লো নেকি বা অসমীয়া সাহিত্যত নতুন চিৰিয়াছ শিশু সাহিত্যিক নাই ওলোৱা নেকি ? শিশু সাহিত্য বুলি ক’লে আমি আজিও এখুদ ককাইদেউহঁতৰ যুগতেই ৰৈ গ’লো নেকি ?তেওঁলোকে লিখা চিৰসেউজ পদ্যসমূহৰ পিছত আৰু নতুন চিৰসেউজ পদ্য আমি নাপাম নেকি?- কথাবোৰ বিশ্লেষণ কৰি চোৱাৰ সময় আহি পৰিছে নেকি? মনলৈ অহা প্ৰশ্নবোৰ শ্ৰদ্ধাৰ পাঠকলৈ এৰিলোঁ৷
আজিৰ ডিজিটেল যুগত শিশুসাহিত্যকো ডিজিটেল মাধ্যমৰ যোগেদিয়েই প্ৰচলন,প্ৰসাৰ কৰাৰ সময় আহি পৰিছে৷এনেধৰণৰ ভাল কাম অৱশ্যে সুধীসকলৰ মাজৰ পৰা হাতত লোৱা দেখা গৈছে৷ এয়া নিশ্চয় শুভ লক্ষণ৷ অসমীয়া শিশু সাহিত্যত শিশুৰ মনত ৰেখাপাত কৰিব পৰাকৈ ন ন শিশু সাহিত্যৰ সৃষ্টি হওক এয়ে কামনা কৰিলোঁ৷
Comments