top of page

“শিশুৰ ভাষা বিকাশ আৰু মাতৃভাষাৰ প্ৰয়োজনীয়তা”


ভাব-অনুভূতি প্ৰকাশৰ মাধ্যমেই হ’ল ভাষা৷ভাষা মানৱ-সভ্যতা-সংস্কৃতিৰ এক অপৰিহাৰ্য অঙ্গ৷মানৱ সভ্যতাৰ প্ৰথম সোপান ৰচিত হৈছিল ভাষাৰ মাধ্যমেৰে৷শিশু এটিৰ ব্যক্তিত্বৰ বিকাশ সাধনত ভাষাই বহুত অৰিহণা যোগায়৷শিশুৱে শাৰীৰিক,মানসিক আদি দিশৰ পৰিপক্কতাৰ পিছতহে ভাষা শিকিবলৈ লয়৷এটি চালুকীয়া শিশুৱে ভাষাৰ বাবে তিনিধৰণৰ মাধ্যম প্ৰয়োগ কৰে- ক্ৰন্দন,কলকাকলি আৰু অঙ্গীভঙ্গী৷ক্ৰন্দনেই এটি শিশুৰ প্ৰথম ভাষা৷কান্দোনৰ জৰিয়তে শিশুৱে ক্ষুধা,তৃষ্ণা,অস্বস্তিবোধ,খং,ভয় আদি অনুভূতি প্ৰকাশ কৰে ৷চাৰিমাহৰ পৰা শিশুৰ কন্ঠত ধ্বনি প্ৰকাশ হয়৷শিশুৱে কলকলাবলৈ আৰম্ভ কৰে৷শিশুৱে কলকলনিত বা বা,পা পা, মা মা, দা দা আদি শব্দবোৰ পুনৰাবৃত্তি কৰে৷ডাঙৰ হৈ অহাৰ লগে লগে পৰিয়ালৰ লোকসকলে কোৱা শব্দবোৰ শুনি তেনেদৰে মাতিবলৈ লয় যেনে- দাদা, ককা,মামা আদি৷লাহে লাহে শিশুটিয়ে শব্দ সংযোজন কৰিও কথা কব পৰা হয় আৰু বস্তুৰ আকাৰ,সোৱাদ,গন্ধ আদিৰ লগত পৰিচয় হৈ বস্তুটো দেখিলে নামটো ক’ব পৰা হয় আৰু এনেকৈয়ে লাহে লাহে শিশু এটিয়ে বাক্যৰ আকাৰে নিজৰ ভাব-অনুভূতি প্ৰকাশ কৰিব পৰা হয়৷যিহেতু শিশু এটিয়ে প্ৰথম মাকে কোৱা কথা লগতে ঘৰৰ পৰিয়ালৰ মানুহে কোৱা কথা শুনি শুনিয়েই কথা ক’বলৈ শিকে গতিকে শিশুটিয়ে কোৱা কথা মাতৃভাষাৰেই আৰম্ভ হয়৷ শিশুৰ ভাষাৰ বিকাশত পৰিয়ালৰ প্ৰভাৱেই আটাইতকৈ বেছি৷সেয়ে অভিভাৱকসকলে মৰম-চেনেহ, আদৰ-যত্ন,আন্তৰিকতাপূৰ্ণ অনুকূল আবেগিক পৰিবেশ ৰচনা কৰিব লাগে৷যিহেতু শিশু সদায় অনুকৰণপ্ৰিয় সেয়ে শিশুৰ আগত কথা পাতোঁতে মাক-দেউতাক তথা পৰিয়ালৰ লোকসকল সদায় সংযত আৰু সাৱধান হ’ব লাগে৷ আবৃত্তি, নৃত্য-গীত, খেলা-ধূলা, সাধু কোৱা,কাহিনীমূলক পাঠ আদিৰ সক্ৰিয় অংশগ্ৰহণে শিশুৰ ভাষাৰ বিকাশত অভূতপূৰ্ব অৰিহণা যোগায়৷শিশুক সদায় ডাঙৰ ডাঙৰকৈ উচ্চাৰণ কৰি পঢ়িবলৈ দিব লাগে তেতিয়া শিশুটিৰ ভাষা বিকাশ হোৱাৰ লগতে বৰ্ণাশুদ্ধিও কমকৈ হয়৷শিক্ষকৰ লগতে অভিভাৱকসকলেও শিশুটিক পাঠ পঢ়ি শুনাওঁতে শব্দবোৰ স্পষ্টকৈ উচ্চাৰণ কৰিব লাগে,দাড়ি,কমা আদি পঠন সংকেতবোৰৰ উপযুক্ত প্ৰয়োগ কৰিব লাগে৷যিহেতু শিশুৱে সেই পঠনভংগী অনুকৰণ কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক , কবি,লেখক,চিন্তাবিদ ড:জয়ন্ত কৃষ্ণ শৰ্মাই ফেচবুকৰ এটি লাইভ অনুষ্ঠানত "শিশুৰ মাতৃভাষা শিক্ষণৰ প্ৰয়োজনীয়তা"ৰ ওপৰত সোধা এটি প্ৰশ্নৰ উত্তৰত এনেকৈ কৈছিল – “ মাতৃভাষাই শিশুক যি অংগীকাৰ দিব পাৰে,শিশুক যি অন্তৰাত্মাৰ উদ্গীৰণৰ কাৰণে সহায় কৰিব পাৰে অন্য ভাষাই নোৱাৰে৷মাতৃভাষা শিক্ষণ আমাৰ কাৰণে অপৰিহাৰ্য৷মাতৃভাষা বাদ দিলে আমি শিপা হেৰুৱাব লাগিব৷আমি যদি শিপা হেৰুৱাই পেলাওঁ শিক্ষাৰ যিমান ওপৰলৈ গ’লেও সেই শিক্ষাৰ মূল্য নাই৷” সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতিৰ গ্ৰাসত পৰি "মাতৃভাষা সংকটৰ গৰাহত নেকি" প্ৰশ্ন উত্থাপন হোৱাৰ সময়ত শিক্ষক,অভিভাৱক তথা সমাজৰ প্ৰতিজন সচেতন নাগৰিক – সকলোৱে মিলি, শুদ্ধৰূপত মাতৃভাষা চৰ্চাৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰি জাতীয় চেতনাৰে জাগ্ৰত হৈ সমাজত এটি জাগৰণ অনাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ শেষত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটি উক্তিৰে এই লেখাটিৰ সামৰনি মাৰিছোঁ – “বিশ্ব সংসাৰ আৰু বিশ্ব মানৱতাক মই সম্পূৰ্ণৰূপে হৃদয়ত ধাৰণ কৰিব নোৱাৰোঁ৷ সেইদেখি বিশ্বভূমি আৰু বিশ্বভাবৰ একাংশ - মোৰ মাতৃভূমি আৰু মাতৃভাষাকে মহাসত্যৰূপে মই উপাসনা কৰি আছোঁ৷ … মোৰ মাতৃভাষাৰ সেৱাই মোৰ মহাকাৰ্য৷ ” -সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

ধন্যবাদ


মৌচুমী বৰি, শিৱসাগৰ,০৩/০৭/২০২০

বি:দ্ৰ: লেখাটি যুগুত কৰোঁতে "শিশু মনোবিজ্ঞান আৰু শিশু নিদেৰ্শনা" মূলক পুথিৰ সহায় লোৱা হৈছে৷

5,221 views0 comments

Recent Posts

See All

Comments


bottom of page