প্ৰসিদ্ধ লেখক শিৱ খেৰাই তেখেতৰ বহুল জনপ্ৰিয় কিতাপ "You can win" ত লিখিছে - "বিফলতা হ'ল সফলতাৰ ৰাজপথ৷"
হয়, প্ৰত্যেক সফলতাৰ কাহিনীৰ আঁৰত একোটাকৈ বিফলতাৰ কাহিনী সোমাই থাকে৷ উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আব্ৰাহান লিংকনৰ জীৱন কাহিনী পঢ়িলে আমি পাওঁ যে তেখেতে ২১ বছৰ বয়সত ব্যৱসায়ত বিফল হৈছিল, ২২ বছৰ বয়সত বিধান সভাৰ নিৰ্বাচনত পৰাজিত হৈছিল, ২৪ বছৰ বয়সত পুনৰ ব্যৱসায়ত বিফল হৈছিল, ২৬ বছৰ বয়সত প্ৰেয়সীৰ স'তে বিচ্ছেদ হৈছিল, ২৭ বছৰ বয়সত স্নায়বিক ৰোগত আক্ৰান্ত হৈছিল, ৩৪ বছৰ বয়সত পুনৰ নিৰ্বাচনত পৰাজিত হৈছিল, ৪৫ বছৰ বয়সত সংসদৰ নিৰ্বাচনত পুনৰ পৰাজিত হৈছিল আৰু অৱশেষত ৫২ বছৰ বয়সত যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল৷ গতিকে লিংকন এজন বিফল ব্যক্তি আছিল বুলি আমি নিশ্চয় নকওঁ৷তেওঁ জগতৰ সকলোৰে চকুত এজন পৰিপূৰ্ণ সফল ব্যক্তি৷ লিংকনৰ বাবে তেখেতৰ জীৱনৰ বিফলতাবোৰ আছিল পথ পৰিৱৰ্তনৰ বিন্দুহে, পথৰ সামৰণি নহয়৷
বিখ্যাত কাৰ্টুন চৰিত্ৰ মিকি মাউছৰ জন্মদাতা ৱল্ট ডিজনিয়ে ডেকা কাৰ্টুনিষ্ট ৰূপে বাতৰি কাকতৰ পৰা অসংখ্যবাৰ প্ৰত্যাখ্যান পাইছিল৷ তেওঁলোকৰ মতে কাৰ্টুনিষ্ট হিচাপে ৱল্ট ডিজনিৰ কোনো প্ৰতিভা নাই৷ এদিনাখন গীৰ্জাৰ এজন বিষয়াই তেওঁক কেইখনমান কাৰ্টুন আঁকিবলৈ নিযুক্তি দিলে৷ ডিজনিয়ে গীৰ্জাৰ ওচৰত এন্দুৰেৰে ভৰি থকা এখন চালিত কাম কৰিবলৈ ল'লে৷ এটা সৰু এন্দুৰ দেখি তেওঁৰ এক অনুপ্ৰেৰণা আহিল৷ সেয়াই আছিল মিকি মাউচৰ আৰম্ভণি৷ ইয়াৰ পিছত ৱল্ট ডিজনি আৰু মিকি মাউছৰ বিশ্বজুৰি সফলতাৰ কথা নিশ্চয় নক'লেও হ'ব৷
১৯১৪ চনত ৬৭ বছৰ বয়সত বিখ্যাত বিজ্ঞানী টমাচ আলভা এডিচনৰ কেইবা নিযুত ডলাৰ মূল্যৰ কাৰখানাটো ভষ্মীভূত হৈছিল৷ কিন্তু এনে ডাঙৰ দুৰ্যোগত তেওঁ বিচলিত নহ'ল৷ পৰম ধৈৰ্যশক্তিৰে কৈ উঠিল - "আমাৰ সকলোবোৰ ভুল জ্বলি চাই হৈ গ'ল৷ ঈশ্বৰক ধন্যবাদ৷ আমি সকলো কাম নতুনকৈ আৰম্ভ কৰিব পাৰিম৷" আৰু এনেকৈয়ে তেওঁ অসীম ধৈৰ্যশক্তিৰ পৰীক্ষা দি তিনি সপ্তাহৰ পাছত ফন'গ্ৰাফ যন্ত্ৰ আবিস্কাৰ কৰিছিল৷
আমাৰ জীৱনলৈ বিফলতা অহাটো স্বাভাৱিক৷ সুখ-দুখ, হাঁহি-কান্দোন, জয়-পৰাজয়ৰ সমষ্টিৰেই জীৱন৷ এইবোৰ আছে বাবেই জীৱন অনুপম৷ আমি মাথো প্ৰেৰণাৰ মুকুতাবোৰ বুটলি বুটলি সাহসেৰে হাঁহিমুখে জীৱন সংগ্ৰামত আগবাঢ়ি যাব লাগে৷
ডেল কাৰ্নেগীৰ এষাৰ সোণসেৰীয়া কথাৰে আজিৰ টোকাবহী সামৰিছোঁ -
"এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভুলৰ পৰাই সদায়ে শিক্ষা লৈ আগবাঢ়ে৷"
ধন্যবাদ
মৌচুমী বৰি
শিৱসাগৰ
Comentarios