Untitled design (5).png
Mousumee Bori
'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে'

'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে'

মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' কাব্যগ্ৰন্থৰ পৰ্যালোচনা আগবঢ়াবলৈ লৈছো।

সাহিত্যৰ সকলোবোৰ শাখাৰ ভিতৰত কবিতাই প্ৰাচীন। তমসা নদীৰ পাৰৰ পুণ্য তপোবনত মৈথুনৰতা ক্ৰৌঞ্চ পক্ষীহালৰ এটাক নিষ্ঠুৰ ব্যাধে হত্যা কৰা দেখি ঋষি বাল্মীকিৰ অন্তৰত অনুভূত শোকৰ খলকনি, পৰ্বত বাগৰি অহা নৈৰ দৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল সেই অমৰ শ্লোকঃ

"মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ।
যৎ ক্ৰৌঞ্চমিথুনাদেকমঅৱধীঃ কামমোহিতম্ ।।"

এয়াই আছিল ভাৰতৰ প্ৰথম কবিতা। উল্লেখযোগ্য যে ইয়াৰ পৰাই সৃষ্টি হৈছিল আদি কাব্য 'ৰামায়ণ'।

কবিতা মূলত এক শিল্প।কবিতা শব্দৰে নিৰ্মিত ভাষাৰ শিল্প। কবিতা কবিৰ ভাৱ-বিলাসৰ শব্দময় প্ৰকাশ। অৱশ্যে কবিতা বাস্তৱৰ অবিকল প্ৰতিকৃতি নহয়। ই বাস্তৱৰ এক নন্দনতাত্ত্বিক ৰূপায়ণহে।
সাধাৰণতে কথ্য ভাষাত 'ভাৱ'ৰ বিনিময় ঘটে। আনহাতে কবিতাৰ ভাষাত 'ভাৱ' আৰু 'ৰস' - দুয়োটাই উপলব্ধ হয়। স্মৰ্তব্য যে আজিৰ আধুনিক কবিতা পূৰ্বৰ ৰোমাণ্টিক ধাৰাৰ পৰা বহু পৰিমাণে ফালৰি কাটি আহি স্ব-মহিমাৰে মহিমামণ্ডিত। সময় সলনি হোৱাৰ লগে লগে সলনি হৈছে ভাৱ, ভাষা , বিষয়বস্তু আদি সকলো।

বহুতো বছৰ ধৰি কবিতাৰ নিৰলস সাধনাত ৰত হৈ থকা কবি মৌচুমী বৰিৰ 'বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে' কাব্য সংকলনখনত অৰ্ধ-শতাধিক কবিতা অন্তৰ্ভুক্ত হৈছে। সংবেদনশীল কবি মৌচুমী বৰিৰ কবিতাত আছে প্ৰেম আৰু জীৱনৰ বিভিন্ন অভিব্যক্তি। সন্দেহ নাই, এই প্ৰেম ভালপোৱা শাশ্বত আৰু অবিনশ্বৰ। প্ৰকৃত প্ৰেমে কুৰুকি কুৰুকি খান্দে মানুহৰ হৃদয়, জুমি চায় বুকুৰ গভীৰতাত কিমানলৈকে প্ৰোথিত হৈ আছে ভালপোৱাৰ শিপা। মনকৰিবলগীয়া কথাটো হ'ল কবিৰ প্ৰতিটো কবিতাত কলাসন্মতভাৱে প্ৰেম-ভালপোৱা আৰু মমত্বৰে অৱগাহন কৰি হৃদয়ানুভূতিৰে উপস্থাপন কৰিছে। কবিতাপুথিখনৰ 'নাম' শীৰ্ষক কবিতাটোত কবিয়ে সুন্দৰ, সুস্থ আৰু আনন্দমুখৰ পৰিৱেশ এটাৰ সৃষ্টি কৰিছে। কবিয়ে কবিতাটোৰ আৰম্ভণিতে কৈছে-
 

" বহুদিন কবিতা লিখা নাইবৰষুণ এজাকলৈ বাট চাই থকাৰ দৰেকবিতা এটালৈ বাট চাই আছিলোঁ…"বৰষুণ আশাৰ প্ৰতীক। বৰষুণৰ টোপালবোৰে কবিক আৱেগিক কৰি তোলা দেখা যায়। সেয়েহে হয়তো আলোচ্য সংকলনখনৰ কেবাটাও কবিতাত বৰষুণে কবিক উন্মনা কৰা দেখা গৈছে। 'এজাক বৰষুণৰ কথাৰে' কবিতাত কবিয়ে সুন্দৰ কাব্যিক ব্যঞ্জনা প্ৰকাশ কৰিছে। কবিৰ ভাষাত-"গুড়ি পৰুৱাহেন বৰষুণজাক কোণীয়াকৈ পৰিছিলসেউজীয়া পাতবোৰ বৰষুণৰ টোপাল পৰি ছন্দোময় হৈছিলহঠাতে বৰষুণজাক বাঁহীৰ মিঠা সুৰ হৈমোৰ কোঠা বিয়পাই পলকতে আঁতৰি গ'লআবেলিলৈ বৰষুণজাক গভীৰ হৈ আহিছিলসেউজীয়া পাতবোৰ ছন্দোময় গতিত ঘন ঘনকৈ লৰিছিলহঠাৎ বৰষুণজাক পানীৰঙৰ ছবি হৈমোৰ কোঠাত জিলিকি ৰ'ল"আনহাতে 'জেঠমাহৰ চিত্ৰকল্প' কবিতাটোত কবিয়ে জেঠমাহৰ ছৱি নিখুঁতভাৱে আঁকিছে এনেদৰে-"জেঠমহীয়া গৰমৰ ভৰপক আয়োজন দেখিআজি আকাশেও মুখ ওন্দোলালেক'লীয়া ডাৱৰজাকৰ আঁৰত পূৰ্ণিমাৰ জোনজনীক'তনো জানো লুকাল !অভিমানী আকাশখনেবিজুলীৰ ফুচুলনিত পিছল খাই ক'লে-ৰাতিলৈ দেহা শাঁত পৰা এজাক বৰষুণ নামিব"কবিক যেতিয়া ভাৱাবেগে অস্থিৰ কৰি তোলে, তেওঁ তেতিয়া শব্দবোৰক আপডাল কৰিবলৈ যত্নপৰ হৈ পৰে আৰু তাৰ ফলশ্ৰুতিত পাখি মেলি উৰিব খোজা পখীও যেন স্থিৰ হৈ পৰে, আকাংক্ষাবোৰ উলাহতে যেনি তেনি বগাই ফুৰে। কবিয়ে প্ৰায়বোৰ কবিতাতে আকৰ্ষণীয় চিত্ৰকল্পৰ প্ৰয়োগ আৰু ইংগিতময়তাৰে কবিতাসমূহক প্ৰদান কৰিছে সুকীয়া মাত্ৰা।আধুনিক সমাজ জীৱনৰ অৱক্ষয়ৰ ৰূপটো কবিৰ কেইটামান কবিতাত সিঁচৰতি হৈ আছে। আনহাতে কবিৰ সামাজিক চেতনাবোধ অত্যন্ত প্ৰখৰ। সমাজ জীৱনৰ অৱক্ষয়ত কবি যেন উদ্বিগ্ন হৈ পৰিছে। সৰল শব্দচয়ন আৰু পোনপটীয়া ভাষাৰে কবিয়ে প্ৰকাশ কৰিছে আধুনিক কৃত্ৰিম সভ্যতা-সংস্কৃতিয়ে গ্ৰাস কৰি পেলোৱা সমাজখনৰ ৰুগ্ন ৰূপটোক। 'ইজনে সিজনৰ বাবে' কবিতাটোত কবিয়ে যেন তাৰেই ইংগিত দিছে এনেদৰে-"তুমি মোলৈ চাই হাঁহিছা যদিওতোমাৰ চকুতো যন্ত্ৰণা "ভাৱ-চিন্তা আৰু ভাষাৰ সুষম মিশ্ৰণে মৌচুমী বৰিৰ কবিতাসমূহক সাৰুৱা কৰি তুলিছে।সহজ-সৰল ভাষাৰ আধাৰত জীৱন সত্যৰ নিৰ্মোহ বিশ্লেষণ কৰাত কবি সাৰ্থক হৈছে বুলি ক'ব লাগিব। কবিৰ 'জাৰ নামিছে' কবিতাটোত জাৰৰ দিনৰ এক সুন্দৰ চিত্ৰকল্প সজ্জিত হৈছে। কবিৰ কলমত ধৰা দিছে এনেদৰে-"দোপালপিটা এজাক বৰষুণে আজি জাৰ নমালেজাৰ পাই জোনবায়ে গাত নিহালিখন ল'লেকাতিৰ আবেলিটোৰ ধোঁৱাবৰণীয়া আকাশখনতদেখা পালোঁ এটুকুৰা জুই-অঙঠা !আজি ৰাতি বোলে তৰাবোৰে জুই ধৰিবআৰু জুহালত বহি গাব জাৰৰ দিনৰ গান !"নৈ, ৰ'দ, বৰষুণ, জোনাক, বিশাল আকাশ আদিৰ মাজতে কবিয়ে এৰি অহা শৈশৱক কবিতাত বিভিন্ন ধৰণেৰে তেওঁ উদযাপন কৰিছে। শৈশৱৰ মিঠা সুৰৰ ঝংকাৰে কবিৰ মন থৌকি-বাথৌ কৰি তুলিছে। 'সোঁৱৰণ' কবিতাত যেন তাৰেই প্ৰতিফলন ঘটিছে।"চতিয়না ফুলবোৰ গোন্ধাইছেপূজা আহিছেবাঁহৰ খুঁটাত সাঁচতীয়া পইচা কিমানবা হ'ল !"আনহাতে 'গধূলি তোমাৰ স'তে' কবিতাত এক 'নষ্টালজিক' মুহূৰ্তৰ লগতে অসমৰ গ্ৰাম্য জীৱনৰ টুকুৰা ছৱি কবিয়ে অংকন কৰিছে এনেদৰে-"পুখুৰীৰ পানীৰ ভেঁটফুলবোৰ চাই চাইনীলা নীলা বেদনাৰে চিঠি লিখামনত পৰেনেগধূলি তোমাৰ স'তে"আলোচ্য সংকলনখনৰ 'দেউতা' আৰু 'মা' শীৰ্ষক কবিতা দুটা বিশেষভাৱে উল্লেখযোগ্য। উল্লিখিত কবিতা দুটাত কবিয়ে যেন বাস্তৱৰ চিত্ৰ শিল্পসন্মতভাৱে আঁকিবলৈ প্ৰয়াস কৰিছে। সাধাৰণভাৱে ক'ব পাৰি যে, বিষাদ মনৰ মাজত বৈ থকা এখন বোৱতী নৈ যি অহৰহ বৈ থাকে আৰু মনৰ বাৰিষা আহিলেই পাৰ ভাঙি বৈ আহে বাহিৰলৈ…। ইয়াৰ ফলশ্ৰুতিত সৃষ্টি হয় বিষাদ-ৰাগিনী। এই বিষাদৰে যেন বহিৰ্প্ৰকাশ ঘটিছে 'দেউতা' কবিতাটোত। কবিয়ে আকুলতাৰে কৈছে-"দেউতাৰ যেতিয়া টান নৰিয়া হৈছিলআশু-আৰোগ্যৰ বাবেচৌবিশ ঘণ্টাই জ্বলাই ৰাখিছিলোঁমাটিৰ চাকি "কোনো কোনো সময়ত অনুভৱ হয় কবিতাৰ ব্যঞ্জনাইহে মূল কথা। ইংগিতময়তা যদি নাথাকে, ব্যঞ্জনা যদি নাথাকে, তেনেহ'লে কেৱল বাক্য গাঁথনিয়ে কবিতা হ'বলৈ অপাৰগ। আধুনিক কবিতাৰ ভাষা হ'ব লাগে ব্যঞ্জনাময়। মৌচুমী বৰিৰ কবিতাত এই ব্যঞ্জনা সততে লক্ষ্য কৰা যায়। উদাহৰণ স্বৰূপে 'বৰণীয়' কবিতাটোলৈ আঙুলিয়াব পাৰি। কবিয়ে চিনাকি শব্দবোৰকে চিন্তা-ভাৱ-অনুভূতিৰ অগতানুগতিক সংযুক্তি ঘটাই প্ৰকাশ কৰিছে এনেদৰে-"তুমি ভায়'লিনৰ সুৰ তোলা মুহূৰ্তটোকবৰণীয় কৰিমুগ্ধ হৈ চাই ৰৈছিলোঁ তোমালৈ "গুৱাহাটীৰ প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী 'পাঞ্চজন্য'ৰ দ্বাৰা প্ৰকাশিত মৌচুমী বৰিৰ আলোচ্য কাব্যসংকলনখনত সন্নিৱিষ্ট কবিতাসমূহৰ এক সুকীয়া বৈশিষ্ট্য বিদ্যমান। কবিতাসমূহ পঢ়াৰ অন্তত ধাৰণা হয় কবিয়ে এক নিজস্ব শৈলী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰতীকী, শব্দচয়ন, সূক্ষ্ম পৰ্যবেক্ষণ আৰু ব্যঞ্জনাধৰ্মী ভাষাৰে এইগৰাকী কবিয়ে আধুনিক জীৱনৰ মৰ্মস্পৰ্শী ৰূপটো সুন্দৰভাৱে তুলি ধৰিবলৈ সক্ষম হৈছে। অৱশ্যে এইআষাৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কবিৰ দুই- এটা কবিতাৰ ভাষা বক্তৃতাধৰ্মী হোৱাৰ বাবে কাব্যিক সৌন্দৰ্য কিছু পৰিমাণে হ্ৰাস পাইছে। এইখিনিতে এটা কথা নক'লে ভুল হ'ব যে কবিতাৰ বিশেষ ভাষা আৰু আংগিকৰ ক্ষেত্ৰত কবিগৰাকী আৰু অধিক সচেতন হ'ব লাগিব।শেষত মৌচুমী বৰিৰ কাব্য সাধনাৰ উত্তৰোত্তৰ সমৃদ্ধি আন্তৰিকতাৰে কামনা কৰিলোঁ।ধন্যবাদ।বিচিত্ৰ কুমাৰ মেধি