গল্ফীৰ ডায়েৰি
নিৰ্মল হাস্যৰসৰ যোগান ধৰা এখনি সুখপাঠ্য পুথি গল্ফীৰ ডায়েৰী৷ শিশুৰ পৰা ককা-আইতালৈ সকলোৱে এই পুথিখনিৰ সোৱাদ ল'ব পাৰে ৷ যান্ত্ৰিক জীৱনৰ ধামখুমিয়াত পৰি আপুনি যদি হাঁহিবলৈ পাহৰিছে তেন্তে এই পুথিখনিয়ে আপোনাক বিমল আনন্দ আৰু হাস্যৰসৰ যোগান ধৰিব৷ পুথিখনে জীৱনৰ চাপ, হতাশাৰ পৰা আঁতৰাই মুখত মিচিকিয়া হাঁহি এটিৰ অধিকাৰী কৰি তুলিব - সেয়া নিশ্চিত৷

হেঙুল আকাশৰ ৰামধেনু
হেঙুল আকাশৰ ৰামধেনু" নামৰ গল্প পুথিখনিৰ গল্পসমূহ পঢ়ি গ'লে জীৱন দৰ্শন তথা অৰ্ন্তদৃষ্টিসম্পন্ন মনন-চিন্তনৰ এটি আভাস পোৱা যায়৷সৰল, মেদহীন বাক্যবিন্যাসেৰে সকলোৰে অন্তৰ চুব পৰা এখনি সুখপাঠ্য গল্পপুথি৷

বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে
জোনাকত আবীৰ সনা সুকোমল শব্দৰ এধাৰি মালা "বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে"ৰ কবিতাসমূহ৷কবিতাৰ প্ৰতিটো শব্দ ব্যঞ্জনাই পাঠকৰ অন্তৰ আলোকিত কৰি তুলে

ৰূপোৱালী মেঘৰ ছায়া
ৰূপোৱালী মেঘৰ ছায়া উপন্যাসখনি মূলত: অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকা এজাক ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীৰ হোষ্টেল জীৱনৰ সৰস বৰ্ণনাৰ সমাহাৰ৷ লগতে দুটি বিষাদ-মধুৰ নিৰ্মল প্ৰেমগাথাৰ বৰ্ণনাৰে ভৰা ৷ জীৱনৰ ধুমুহাৰ মাজতো আশাৰ ৰামধেনু বিচাৰি পাব পৰাকৈ প্ৰেৰণামূলক কাহিনীৰে সমৃদ্ধ৷ পুথিখনিৰ মুক্ত, সৰল বাক্যগাঁথনিয়ে আপোনাৰ অন্তৰ পৰশি যাব সেয়া নিশ্চিত৷