top of page

পৰ্যালোচনা :গল্ফীৰ ডায়েৰি

কালি ডাকোৱালে মোৰ হাতত তুলি দিলে মৌৱে দি পঠিওৱা স্বৰচিত ৰসপূৰ্ণ "গল্ফীৰ ডায়েৰি" প্ৰথম খণ্ড । মৌৰ গল্ফীৰ ডায়েৰি আখৰুৱা, অসমীয়া কথা-বতৰা গোটত মাজে সময়ে পঢ়াৰ সুযোগ পাইছিলো । গোটেই কিতাপখন হাতত পৰাত মই আনন্দত আত্মহাৰা হৈ পৰিলো । মোলৈ মৌৰ এই মৰমৰ উপহাৰ মোৰ বাবে অমূল্য ।
কিতাপখন হাতত লৈ আলফুলে চুই চাই প্ৰথমে উপলব্ধি কৰিলো চকুৰে নেদেখা অথচ মনৰ চকুৰে প্ৰায়েই লগ পোৱা ভনীজনীৰ আকণ্ঠ ভালপোৱা । আটকধুনীয়া বেটুপাতেৰে কিতাপখন চকুত লগা হৈছে । এজনী মৰমলগা সৰু ছোৱালীয়ে এখন বহীত (ডায়েৰি) একান্তমনে লিখি হৈছে । মুখত মিচিকি হাঁহি । তাইৰ ভাবনাত হাস্যময় সোণোৱালী বেলি । কাষত নানাৰঙী কেইখনমান কিতাপ । জ্ঞান অন্বেষণ অভিলাসী ছোৱালীজনীয়ে যেন লিখি গৈছে নিজৰ জীৱনৰ তথা তাই আশে পাশে লগ পোৱা মানুহ কিছুমানৰ জীৱনৰ ৰসাল মুহূৰ্তৰ কথা । এই মৰম লগা ছোৱালীজনীয়েই যে গল্ফী তাক মৌৱে পাতনিত ইংগিত এটা দিছে । মই ভাবো গল্ফী মৌৰেই প্ৰতিবিম্ব ।
ৰৈ থকাৰ ধৈৰ্য মোৰ নাছিল । যিমান পাৰো সোনকালে কিতাপখন পঢ়িবলৈ নাপালে যেন ইয়াৰ মিঠা সুবাস বতাহত মিলি যাব । ঘৰুৱা কামৰ মাজে মাজে যিকণ সুৰুঙা পাওঁ, তাতেই কিতাপখন লৈ আৰম্ভ কৰি দিওঁ পঢ়িবলৈ । নানা ৰঙৰ সমাবেশেৰে বেটুপাত যিমান আকৰ্ষণীয় হৈছে ভিতৰখনো সমানেই ৰসঘন হৈছে । প্ৰতিটো লেখাতেই একোটিকৈ সুন্দৰ কাৰ্টুন সংলগ্ন কৰা হৈছে । কাৰ্টুনিষ্ট অৰ্নৱৰত্ন পাৱে আৰু বাৰ্বী বৰুৱাৰ কাৰ্টুনে প্ৰতিটো লেখাকেই জিলিকাই তুলিছে ।
আমাৰ জীৱনত ঘটা সৰু সৰু ৰসাল ঘটনাবোৰ একেবাৰে কম শব্দৰে ৰসাল তথা মনোগ্ৰাহীকৈ ফুটাই তুলিব পৰাটো লেখিকাৰ এক অনন্য কৃতিত্ব । আমাৰ জীৱনত এনে বহু ৰসাল ঘটনা ঘটে, কিন্তু সেইবোৰ আমাৰ মাজতেই সীমাবদ্ধ থাকে । লেখিকাই সেই হাস্যপূৰ্ণ ঘটনাবোৰক সূক্ষ্মাতিসূক্ষ্ম ভাবে পৰ্যবেক্ষণ কৰি তাক পাঠক সমাজলৈ উলিয়াই দিয়াৰ যি প্ৰচেষ্টা হাতত লৈছে সেয়া সঁচাই প্ৰশংসনীয় ।
মৌলৈ অন্তৰভৰা মৰম আৰু বহুতো শুভকামনা জনালো । ডায়েৰিৰ আন খণ্ড বোৰ সোনকালেই পঢ়িবলৈ পোৱাৰ আশাৰে মৰমৰ গল্ফীলৈ মৰমভৰা শুভকামনা থাকিল ।
                                               -- সাৰদা শ্ৰেষ্ঠ

 

মৌচুমী বৰিৰ নৱতম গ্ৰন্থ, খুহুঁতীয়া কথাৰ ভঁৰাল- 'গল্ফীৰ ডায়েৰী' :

আখৰুৱাৰ অন্যতম সক্ৰিয় আৰু ঘনিষ্ঠ সদস্য হিচাপে মৌচুমী বৰি আমাৰ মাজত যিদৰে পৰিচিত, সেইদৰে ''গল্ফীৰ ডায়েৰী'ৰ স্ৰষ্টা হিচাপেও সমাদৃত। সেইগৰাকী মৌচুমী বৰিৰ খুহুঁতীয়া কথাৰ ভঁৰাল- 'গল্ফীৰ ডায়েৰী'ৰ প্ৰথম খণ্ড দুদিনমান আগতে ডাকযোগে পালোঁ আৰু লেখিকালৈ আন্তৰিক শুভেচ্ছা জনালোঁ।''গল্ফীৰ ডায়েৰী'ৰ পাতনিত লেখিকাই লিখিছে- 'মোৰ জীৱনত স্বতঃস্ফুৰ্তভাবে হাস্যমধুৰ মুহূৰ্তৰ সৃষ্টি হয়- এই কথা ভাবি মই নিজেই আচৰিত হোৱাৰ লগতে মুখলৈ হাঁহি বিয়পি পৰে। এদিন মনলৈ আহিল- নিজৰ ক্ষেত্ৰত ঘটা হাঁহি উঠা কথাবোৰ টুকি থোৱা হওক।.....

.এদিন কোনো এক শুভ ক্ষণত কল্পনাতে এজনী মৰমলগা ছোৱালীয়ে মোৰ মনত অগা-দেৱা কৰিবলৈ ধৰিলে আৰু তাইৰ নাম ৰাখিলোঁ 'গল্ফী'। তাৰ পিছতেই 'গল্ফীৰ ডায়েৰী'......ফেচবুকৰ নিজৰ সময়ৰেখাত লিখাৰ উপৰিও ই-সাহিত্যৰ দুটি সৃষ্টিশীল গোট 'অসমীয়াত কথা বতৰা' আৰু 'আখৰুৱা'ত লিখিবলৈ ধৰিলোঁ......পাঠকসকলে আদৰি লোৱা দেখি আনন্দিত হৈ পৰিলোঁ।......গল্ফীৰ ডায়েৰী লিখি থাকিলে জীৱনৰ সৰু-সুৰা হতাশা, মানসিক চাপ আদি পাতলি যায়, যেন জীৱনৰ সৰু-বৰ যন্ত্ৰণাক জয় কৰাৰ এয়া এক মহৌষধ।"

এনে ধ্যান-ধাৰণাৰ মাজেৰে আগুৱাই মৌচুমীয়ে ''গল্ফীৰ ডায়েৰী' লিখি গৈছে বুলি জানি ভাল লাগিল। লিখাৰ আনন্দই মানুহক কিদৰে উপকৃত কৰিব পাৰে, পাঠকক তাৰেই উমান দিবলৈ যেন মৌচুমীয়ে আগবঢ়াই দিলে, তেওঁৰ নৱতম গ্ৰন্থ ''গল্ফীৰ ডায়েৰী"। মৌচুমীৰ এই অকপট কথাই আমাকো আনন্দ দিলে।

এইখিনিতে 'গল্ফীৰ ডায়েৰী'ৰ পৰা আপোনালোকলৈ এটি হাস্যমধুৰ মুহূৰ্ত আগবঢ়ালোঁ-

"ছয় বছৰীয়া টিংকুক শিক্ষকে সুধিলে-

শিক্ষক : টিংকু, কাউৰীয়ে কেনেকৈ মাতে অ'?

টিংকু : ছাৰ, আপুনি আজিলৈকে শিকোৱাই নাই, আমাৰ ঘৰতো কাউৰী নাই, মই কেনেকৈ জানিম কাউৰীয়ে কেনেকৈ মাতে?"

উল্লেখ্য যে 'গল্ফীৰ ডায়েৰী'ত সন্নিৱিষ্ট ছবিসমূহে বিষয়বস্তুৰ মাজলৈ পাঠকক লৈ যোৱাত সহায় কৰিছে, সেইদৰে ব্ৰ্টুপাতৰ চিত্ৰ আকৰ্ষণীয় আৰু অৰ্থৱহ হৈছে। 'গল্ফীৰ ডায়েৰী' গ্ৰন্থখন চেমনীয়া সকলৰ পৰা আৰম্ভ কৰি যিকোনো পাঠকে পঢ়ি ভাল পাব বুলি আমাৰ বিশ্বাস।

ব্যক্তিগতভাবে মৌচুমীক এতিয়ালৈ লগ পোৱা নাই যদিও, তেওঁৰ গ্ৰন্থৰ সৈতে আমাৰ পৰিচয় আগতেই হৈছে। ইতিমধ্যে আমি পঢ়িছোঁ তেওঁৰ কাব্য-গ্ৰন্থ- 'এজাক বৰষুণৰ অপেক্ষাত' আৰু এতিয়া পঢ়িলোঁ 'গল্ফীৰ ডায়েৰী'। দুয়োখন গ্ৰন্থই চাকৰি সূত্ৰে অভিযন্তা গৰাকীৰ মাজত লুকাই থকা সাহিত্য অনুৰাগী গৰাকীৰ সৈতে পৰিচিত হোৱাত সহায় কৰিছে।

মৌচুমীৰ সাহিত্য-চৰ্চা আগুৱাই যাওক, তাৰেই কামনা কৰিলোঁ আৰু তেওঁৰ নতুন গ্ৰন্থ 'গল্ফীৰ ডায়েৰী' পাঠকে আদৰিব বুলি আশা কৰিলোঁ।

~ মনোহৰ দত্ত

bottom of page