top of page
20200708_172920.jpg
Mousumee Bori
গল্ফীৰডায়েৰী

গল্ফীৰডায়েৰী

গল্ফীৰডায়েৰী, প্ৰথমপ্ৰকাশ ফেব্ৰুৱাৰী,২০১৭

প্ৰকাশক :প্ৰাঞ্জলআবিৰদাস।

কাৰ্টুনশিল্পী : অৰ্ণৱৰত্নপাৱে, বাৰ্বীবৰুৱা।

বেটুপাতৰশিল্পী : অৰ্ণৱৰত্নপাৱে

মূল্য : ষাঠীটকা।

মুদ্ৰণ : বিনায়কঅফচেটপ্ৰেছ, শিৱসাগৰ।

মৌচুমী বৰিৰ নৱতমগ্ৰন্থ, খুহুঁতীয়াকথাৰভঁৰাল- 'গল্ফীৰডায়েৰী' আখৰুৱাৰ অন্যতম সক্ৰিয় আৰু ঘনিষ্ঠ সদস্য হিচাপে মৌচুমী বৰি আমাৰ মাজত যিদৰে পৰিচিত, সেইদৰে ''গল্ফীৰডায়েৰী'ৰস্ৰষ্টা হিচাপেও সমাদৃত।সেই গৰাকী মৌচুমী বৰিৰ খুহুঁতীয়া কথাৰ ভঁৰাল 'গল্ফীৰডায়েৰী' ৰ প্ৰথম খণ্ড দুদিনমান আগতে ডাকযোগে পালোঁ আৰু লেখিকালৈ আন্তৰিক শুভেচ্ছা জনালোঁ।

''গল্ফীৰডায়েৰী' ৰ পাতনিত লেখিকাই লিখিছে- 'মোৰ জীৱন তস্বতঃ স্ফুৰ্তভাবে হাস্য মধুৰ মুহূৰ্তৰ সৃষ্টিহয়- এই কথা ভাবি মই নিজেই আচৰিত হোৱাৰ লগতে মুখলৈ হাঁহি বিয়পি পৰে।এদিন মনলৈ আহিল- নিজৰ ক্ষেত্ৰত ঘটা হাঁহি উঠা কথা বোৰ টুকি থোৱা হওক।......এদিন কোনো এক শুভক্ষণত কল্পনাতে এজনী মৰম লগা ছোৱালীয়ে মোৰ মনত অগা-দেৱা কৰিবলৈ ধৰিলে আৰু তাইৰ নাম ৰাখিলোঁ 'গল্ফী'।তাৰ পিছতেই 'গল্ফীৰডায়েৰী'......ফেচবুকৰ নিজৰ সময়ৰেখাত লিখাৰ উপৰিওই-সাহিত্যৰ দুটিসৃষ্টিশীল গোট 'অসমীয়াত কথাবতৰা' আৰু 'আখৰুৱা'ত লিখিবলৈ ধৰিলোঁ......পাঠক সকলে আদৰি লোৱা দেখি আনন্দিত হৈ পৰিলোঁ।......গল্ফীৰ ডায়েৰী লিখি থাকিলে জীৱনৰ সৰু-সুৰাহতাশা, মানসিক চাপ আদি পাতলি যায়, যেন জীৱনৰ সৰু-বৰ যন্ত্ৰণাক জয় কৰাৰ এয়া এক মহৌষধ।"

এনেধ্যান-ধাৰণাৰ মাজেৰে আগুৱাই মৌচুমীয়ে ''গল্ফীৰডায়েৰী' লিখি গৈছে বুলি জানি ভাল লাগিল।লিখাৰ আনন্দই মানুহক কিদৰে উপকৃত কৰিব পাৰে, পাঠক কতা ৰেই উমান দিবলৈ যেন মৌচুমীয়ে আগবঢ়াইদিলে, তেওঁৰ নৱতমগ্ৰন্থ ''গল্ফীৰডায়েৰী"।মৌচুমীৰ এই অকপট কথাই আমাকো আনন্দ দিলে।

এইখিনিতে 'গল্ফীৰডায়েৰী' ৰ পৰা আপোনালোক লৈএটি হাস্যমধুৰ মুহূৰ্ত আগবঢ়ালোঁ-

"ছয়বছৰীয়া টিংকুক শিক্ষকে সুধিলে-

শিক্ষক :টিংকু, কাউৰীয়ে কেনেকৈ মাতে অ'?

টিংকু :ছাৰ, আপুনি আজিলৈ কেশি কোৱাই নাই, আমাৰ ঘৰতো কাউৰী নাই, মই কেনেকৈ জানিম কাউৰীয়ে কেনেকৈ মাতে ?" উল্লেখ্যযে 'গল্ফীৰ ডায়েৰী' তসন্নিৱিষ্ট ছবিসমূহে বিষয়বস্তুৰ মাজলৈ পাঠককলৈ যোৱাত সহায় কৰিছে, সেইদৰে বেটুপাতৰ চিত্ৰআকৰ্ষণীয় আৰু অৰ্থৱহ হৈছে। 'গল্ফীৰডায়েৰী'

গ্ৰন্থখন চেমনীয়া সকলৰ পৰা আৰম্ভ কৰি যিকোনো পাঠকে পঢ়ি ভাল পাব বুলি আমাৰ বিশ্বাস।

ব্যক্তিগতভাবে মৌচুমীক এতিয়ালৈ লগ পোৱা নাই যদিও, তেওঁৰ গ্ৰন্থৰ সৈতে আমাৰ পৰিচয় আগতেই হৈছে। ইতিমধ্যে আমি পঢ়িছোঁ তেওঁৰ কাব্য-গ্ৰন্থ- 'বৰষুণ এজাকলৈ বাটচাই থকাৰ দৰে"' আৰুএতিয়া পঢ়িলোঁ 'গল্ফীৰডায়েৰী'।দুয়োখন গ্ৰন্থই চাকৰিসূত্ৰে অভিযন্তাগৰাকীৰ মাজত লুকাইথকা সাহিত্য অনুৰাগী গৰাকীৰ সৈতে পৰিচিত হোৱাত সহায় কৰিছে।

মৌচুমীৰ সাহিত্য-চৰ্চা আগুৱাই যাওক, তাৰেই কামনা কৰিলোঁ আৰু তেওঁৰ নতুন  গ্ৰন্থ 'গল্ফীৰডায়েৰী' পাঠকে আদৰিব বুলি আশা কৰিলোঁ।

~ মনোহৰদত্ত
১৩মাৰ্চ, ২০১৭
_________________________________________

গল্ফীৰডায়েৰী, প্ৰথমপ্ৰকাশফেব্ৰুৱাৰী, ২০১৭
প্ৰকাশক :প্ৰাঞ্জলআবিৰদাস।
কাৰ্টুনশিল্পী : অৰ্ণৱৰত্নপাৱে, বাৰ্বীবৰুৱা।
বেটুপাতৰশিল্পী : অৰ্ণৱৰত্নপাৱে
মূল্য : ষাঠীটকা।
মুদ্ৰণ : বিনায়কঅফচেটপ্ৰেছ, শিৱসাগৰ।

 

ভাল লাগিল 'গল্ফীৰডায়েৰি'ৰ বিষয়ে আপোনাৰ অনুভৱ জানিবপাৰি৷ ফেচবুকত গল্ফীৰ ডায়েৰিয়ে পাঠকক যেনেকৈ একোটা নিৰ্মলমূহুৰ্ত প্ৰদানকৰে, কিতাপ খনেও নিশ্চয়পাঠকক এক নিৰ্মল সুখ দিব৷ কিতাপখন হাতত পৰা নাই এতিয়াও ৷পঢ়িম সোনকালে৷ লেখিকা মৌচুমীবা’লৈ শুভেচ্ছা আৰু অভিনন্দন যাচিলোঁ৷ -- হীৰকজ্যোতিবৈশ্য
ফেইচবুকৰ গল্ফীৰডায়েৰি প্ৰায়ে পঢ়োঁ, ডায়েৰি কথাবোৰ ৰৰ সাল লগতে খুব সৰলকৈ লিখে বাবে কিবা এটা মোহ জাগে।কিতাপ আকাৰে ওলোৱা খবৰটো শুনি ভাল পালোঁ ।বাইদেউলৈ বহুত শুভেচ্ছা আৰু অভিনন্দন জনালো।--- অচ্যুতমাধৱদাস

bottom of page