Untitled design (4).png
Mousumee Bori
হেঙুল আকাশৰ ৰামধেনু

পৰ্যালোচনা : “হেঙুল আকাশৰ ৰামধেনু”

অসমীয়া সাহিত্যৰ প্ৰকাশিত গ্ৰন্থৰ সৈতে পৰ্যালোচনা সংযোজন কৰিব বিচৰা কথাটো সচাকৈয়েই বিৰল আৰু লেখকৰো ই নিশ্চয় এক সাহসিক পদক্ষেপ৷ গল্পকাৰ মৌচুমী বৰিৰ শেহতীয়া গল্প সংকলন 'হেঙুল আকাশৰ ৰামধেনু' অসমীয়া সাহিত্যত আন এক ব্যতিক্ৰমী সংযোজন হিচাপে আজি ওলাই আহিছে আৰু জনপ্ৰিয় সামাজিক মাধ্যম 'ফেচবুক'ৰ অন্যতম অসমীয়া সাহিত্য-চৰ্চাৰ গোট ’আখৰুৱা : literati’ তেওঁৰ এই যাত্ৰাত সহযাত্ৰী হ’বলৈ পাই নথৈ আনন্দিত‌।

 

'আখৰুৱা : literati' গোটৰ মজিয়াত সাহিত্য-চৰ্চাৰ বিভিন্ন ক্ষেত্ৰ যেনে - কাব্য আৰু গদ্যৰ পুনৰীক্ষণ, অনুবাদ সাহিত্যৰ চৰ্চা, কাব্য চৰ্চাৰ সামূহিক প্ৰয়াস, ছপা মাধ্যম আৰু ই-সংযোগ মাধ্যমৰ মাজত যোগসূত্ৰ স্থাপনৰ প্ৰচেষ্টা আদি বিভিন্ন পদক্ষেপ লৈ অহা হৈছে৷ সাহিত্য সমালোচনাৰ প্ৰতি আগ্ৰহ আৰু পৰিবেশ গঢ়াৰ উদ্দেশ্যৰ প্ৰতি গোটৰ সদস্যসকলে জনোৱা সঁহাৰি আৰু সহযোগিতাৰে, আখৰুৱাত প্ৰকাশিত সদস্যৰ কবিতা, গল্প আদিৰ লগতে নিৰ্বাচিত অসমীয়া আলোচনীৰ গল্প-কবিতাৰো নিয়মীয়া পৰ্যালোচনা আখৰুৱাত কৰা হয়৷ ইয়াৰ দ্বাৰা আখৰুৱা গোটে ইয়াৰ সদস্যসকলৰ উপৰিও, আগ্ৰহী পাঠকৰ বাবে ’আখৰুৱা: literati পৃষ্ঠা'ৰ যোগেদি এনে মনোগ্ৰাহী আলোচনা/বিশ্লেষণমুলক লেখা প্ৰকাশ কৰি, সাহিত্য চৰ্চাৰ এক গতিশীল ধাৰা বিকশিত কৰাৰ প্ৰয়াসত ব্ৰতী হৈ আছে।

 

'হেঙুল আকাশৰ ৰামধেনু' গল্প সংকলনৰ গল্পকাৰ মৌচুমী বৰি আখৰুৱাৰ এগৰাকী সক্ৰিয় সদস্য৷ আখৰুৱাৰ ধ্যান-ধাৰণাৰ দ্বাৰা আকৃষ্ট গল্পকাৰ শ্ৰীমতী বৰিয়ে তেওঁৰ এই নৱতম গ্ৰন্থখনৰ গল্পসমূহৰ পৰ্যালোচনা যুগুতাবলৈ আখৰুৱা গোটক অনুৰোধ জনায় আৰু আখৰুৱায়ো সেই অনুৰোধ গ্ৰহণ কৰি পৰ্যালোচনা আগবঢ়াবলৈ সিদ্ধান্ত লয়।

সৃষ্টিশীলতাৰ বিকাশৰ বাবে গল্পকাৰৰ মানসিক পুষ্টি সাধন, উৎসাহ প্ৰদান আৰু পাঠকৰ আকৰ্ষণ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে মৌচুমী বৰিৰ 'হেঙুল আকাশৰ ৰামধেনু'ৰ গল্পসমূহৰ পৰ্যালোচনা পাঠক সমাজলৈ আগবঢ়োৱা হ'ল। এই পৰ্যালোচনাৰ জৰিয়তে অসমীয়া গ্ৰন্থৰ জগতখনলৈ আখৰুৱা : literati গোটৰো এয়া প্ৰথম ভুমুকি। সকলো ভুল-ত্ৰুটিৰ বাবে পাঠকৰ ওচৰত আমাৰ ক্ষমা প্ৰাৰ্থনীয়৷

 

পৰিশেষত, গল্পকাৰ মৌচুমী বৰিলৈ 'হেঙুল আকাশৰ ৰামধেনু'ৰ সফল প্ৰকাশৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জনাওঁ৷ লগতে আখৰুৱাক কিতাপখনৰ পৰ্যালোচনাৰ সুযোগ দিয়াৰ বাবেও আমি তেওঁক ধন্যবাদ জনাওঁ৷

 

জয়তু আখৰুৱা৷

৩১ ডিচেম্বৰ, ২০১৯৷

      ***আখৰুৱাৰ পৰ্যালোচনা***

                       গ্ৰন্থ: হেঙুল আকাশৰ ৰামধেনু

                             গল্পকাৰ: মৌচুমী বৰি

 

                                    আগকথা:

 

অসমীয়া সাহিত্যৰ প্ৰকাশিত গ্ৰন্থৰ সৈতে পৰ্যালোচনা সংযোজন কৰিব বিচৰা কথাটো সচাকৈয়েই বিৰল আৰু লেখকৰো ই নিশ্চয় এক সাহসিক পদক্ষেপ৷ গল্পকাৰ মৌচুমী বৰিৰ শেহতীয়া গল্প সংকলন 'হেঙুল আকাশৰ ৰামধেনু' অসমীয়া সাহিত্যত আন এক ব্যতিক্ৰমী সংযোজন হিচাপে আজি ওলাই আহিছে আৰু জনপ্ৰিয় সামাজিক মাধ্যম 'ফেচবুক'ৰ অন্যতম অসমীয়া সাহিত্য-চৰ্চাৰ গোট ’আখৰুৱা : literati’ তেওঁৰ এই যাত্ৰাত সহযাত্ৰী হ’বলৈ পাই নথৈ আনন্দিত‌।

 

'আখৰুৱা : literati' গোটৰ মজিয়াত সাহিত্য-চৰ্চাৰ বিভিন্ন ক্ষেত্ৰ যেনে - কাব্য আৰু গদ্যৰ পুনৰীক্ষণ, অনুবাদ সাহিত্যৰ চৰ্চা, কাব্য চৰ্চাৰ সামূহিক প্ৰয়াস, ছপা মাধ্যম আৰু ই-সংযোগ মাধ্যমৰ মাজত যোগসূত্ৰ স্থাপনৰ প্ৰচেষ্টা আদি বিভিন্ন পদক্ষেপ লৈ অহা হৈছে৷ সাহিত্য সমালোচনাৰ প্ৰতি আগ্ৰহ আৰু পৰিবেশ গঢ়াৰ উদ্দেশ্যৰ প্ৰতি গোটৰ সদস্যসকলে জনোৱা সঁহাৰি আৰু সহযোগিতাৰে, আখৰুৱাত প্ৰকাশিত সদস্যৰ কবিতা, গল্প আদিৰ লগতে নিৰ্বাচিত অসমীয়া আলোচনীৰ গল্প-কবিতাৰো নিয়মীয়া পৰ্যালোচনা আখৰুৱাত কৰা হয়৷ ইয়াৰ দ্বাৰা আখৰুৱা গোটে ইয়াৰ সদস্যসকলৰ উপৰিও, আগ্ৰহী পাঠকৰ বাবে ’আখৰুৱা: literati পৃষ্ঠা'ৰ যোগেদি এনে মনোগ্ৰাহী আলোচনা/বিশ্লেষণমুলক লেখা প্ৰকাশ কৰি, সাহিত্য চৰ্চাৰ এক গতিশীল ধাৰা বিকশিত কৰাৰ প্ৰয়াসত ব্ৰতী হৈ আছে।

 

'হেঙুল আকাশৰ ৰামধেনু' গল্প সংকলনৰ গল্পকাৰ মৌচুমী বৰি আখৰুৱাৰ এগৰাকী সক্ৰিয় সদস্য৷ আখৰুৱাৰ ধ্যান-ধাৰণাৰ দ্বাৰা আকৃষ্ট গল্পকাৰ শ্ৰীমতী বৰিয়ে তেওঁৰ এই নৱতম গ্ৰন্থখনৰ গল্পসমূহৰ পৰ্যালোচনা যুগুতাবলৈ আখৰুৱা গোটক অনুৰোধ জনায় আৰু আখৰুৱায়ো সেই অনুৰোধ গ্ৰহণ কৰি পৰ্যালোচনা আগবঢ়াবলৈ সিদ্ধান্ত লয়।

সৃষ্টিশীলতাৰ বিকাশৰ বাবে গল্পকাৰৰ মানসিক পুষ্টি সাধন, উৎসাহ প্ৰদান আৰু পাঠকৰ আকৰ্ষণ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে মৌচুমী বৰিৰ 'হেঙুল আকাশৰ ৰামধেনু'ৰ গল্পসমূহৰ পৰ্যালোচনা পাঠক সমাজলৈ আগবঢ়োৱা হ'ল। এই পৰ্যালোচনাৰ জৰিয়তে অসমীয়া গ্ৰন্থৰ জগতখনলৈ আখৰুৱা : literati গোটৰো এয়া প্ৰথম ভুমুকি। সকলো ভুল-ত্ৰুটিৰ বাবে পাঠকৰ ওচৰত আমাৰ ক্ষমা প্ৰাৰ্থনীয়৷

 

পৰিশেষত, গল্পকাৰ মৌচুমী বৰিলৈ 'হেঙুল আকাশৰ ৰামধেনু'ৰ সফল প্ৰকাশৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জনাওঁ৷ লগতে আখৰুৱাক কিতাপখনৰ পৰ্যালোচনাৰ সুযোগ দিয়াৰ বাবেও আমি তেওঁক ধন্যবাদ জনাওঁ৷

 

জয়তু আখৰুৱা৷

৩১ ডিচেম্বৰ, ২০১৯৷

-------------------------

 

 

 

 

 

                 আখৰুৱাৰ পৰ্যালোচনাত 'হেঙুল আকাশৰ ৰামধেনু'

                    --------------------------------------------------------------


                                                           প্ৰথম খণ্ড:


                               পৰ্যালোচক - অভিজিত দত্ত, সদস্য, আখৰুৱা৷

 

কথা আৰু কাহিনীৰ সংমিশ্ৰণত গঢ় লৈ উঠে লেখকৰ বৰ্ণনা আৰু লেখাৰ 'প্লট'। মৌচুমী বৰিৰ 'হেঙুল আকাশৰ ৰামধেনু' শীৰ্ষক গল্প সংকলনৰ 'মেট্ৰিমনী প্ৰেম' শীৰ্ষক গল্পটো পঢ়ি এই কথাষাৰ মনলৈ আহে।

 

এয়া অভিক আৰু স্বপ্নাৰ কাহিনী। টেলিফোনিক বাৰ্তালাপৰ যোগেৰে বৰ্ণিত এক হৃদয়ৰ কাহিনী। অভিকৰ ব্যৰ্থ প্ৰেমত স্বপ্নাৰ হৃদয়ে হাহাকাৰ কৰি উঠিছে। স্বপ্নাৰ টেলিফোনিক বাৰ্তালাপে লাহে লাহে অভিকক কঢ়িয়াই নিছে প্ৰেমৰ আন এখন পৃথিৱীলৈ। পাঠকে অনুভৱ কৰিছে যে অভিক আৰু স্বপ্নাৰ যুগ্ম জীৱনে তেওঁলোকৰ হৃদয়ত প্ৰোথিত কৰিব প্ৰেমময় অনুভূতি। পিছে অভিক আৰু স্বপ্নাই কথা পাতি লৈ দুয়োৰে পছন্দ হ'লেহে যুগ্ম জীৱন আৰম্ভ কৰা সম্পৰ্কে গল্পকাৰে বৰ্ণনা কৰাৰ লগে লগে পাঠক অলপ হ'লেও উদ্বিগ্ন হৈ পৰিছে। পাঠকৰ উদ্বিগ্নতা বাঢ়িছে।

 

অৰুন্ধতী নামৰ চৰিত্ৰ এটাই অভিক আৰু স্বপ্নাৰ কাহিনী পঢ়ি তেওঁৰ কাষত থকা তৰালীক কাহিনীটো পঢ়িবলৈ পাচিছে আৰু তৰালীয়ে কাহিনীটো পঢ়ি উঠি অভিকে স্বপ্নাৰ পাণিগ্ৰহণ কৰা উচিত নে অনুচিত সেই সম্পৰ্কে অৰুন্ধতীক জনাম বুলি কৈছে। বৰ্ণনাৰ এই মুক্ত অন্ত (open end) গল্পটোৰ এক সম্পদ।

 

গল্পটো এক সুখপাঠ্য হৈও কিছুপৰিমাণে গল্পৰ চৰিত্ৰ বৰ্তাই ৰখাত যেন সফল হোৱা নাই। গল্পটোৰ শেষত গল্পকাৰে 'মুক্ত অন্ত'ৰ ওপৰত আৰু অলপ গুৰুত্ব দিয়া হয়তো উচিত আছিল। যিয়েই নহওক, 'মেট্ৰিমনী প্ৰেম' নামৰ গল্পটো এই গল্প সংকলনখনৰ নিশ্চয়েই এক অনন্য গল্প বুলি অভিহিত কৰিব পাৰি।

 

পৃথিৱীৰ প্ৰতিজন মানুহৰেই একোটা সপোন থাকে। নিজৰ নিচা অথবা পেশাৰ স'তে জড়িত হৈ থাকে সেই সপোন। সেই সপোনে অৱশ্যে মানুহজনৰ মনত উচ্চাত্মিকা ভাব এটাও কঢ়িয়াই আনিব পাৰে। বিশেষকৈ লেখক এজনে নিজৰ সংৱেদনশীলতাৰ বাবে নিজকে অলপকৈ হ'লেও আনতকৈ পৃথক বুলি ভাবে।

 

'গুৰুত্ব' নামৰ গল্পটোৰ মুখ্য চৰিত্ৰ শইকীয়াৰ কাহিনীও এনেধৰণৰ। মানৱীয় গুণেৰে পৰিপূৰ্ণ শইকীয়াই অকণমানি শিশুটোৰ সৰল কবিতা এটাত সন্ধান কৰে জীৱনৰ যোগাত্মক চিন্তা। নিজৰ ল'ৰাটোক সংৱেদনশীলতাৰে পৰিপূৰ্ণ কৰিবলৈ শইকীয়াই আঙুলিয়াই দেখুৱায় নিশাৰ আকাশখন। সেই মানুহজনেই আকৌ সুগৃহিণী হিচাপে পত্নীক লাভ কৰাৰ পিছতো অসন্তুষ্ট হৈ পৰে। কবিতা নুবুজা পত্নী মাজে মাজে তেওঁৰ দ্বাৰা তিৰস্কাৰৰ সন্মুখীন হয়। পিছে জীৱনৰ বিয়লি বেলাত কবিতাৰ সমাৰোহ এখনত উদ্বোধক হিচাপে নিমন্ত্ৰণ পোৱাৰ পিছতেই তেওঁৰ পত্নীয়ে শইকীয়াক প্ৰশংসা কৰে। গল্পটো তাতেই শেষ হয়।

 

গল্পকাৰৰ এয়া এক সাৰ্থক সৃষ্টি। পিছে গল্পকাৰে গল্পটো লিখোঁ‌তে খৰখেদা কৰা যেন অনুভৱ হয়। উদাহৰণস্বৰূপে শইকীয়াৰ পত্নীয়ে তেওঁক এবাৰ 'আপুনি' বুলি সম্বোধন কৰে। আকৌ শইকীয়াৰ পত্নীয়ে গল্পৰ শেষত শইকীয়াক 'তুমি' বুলি সম্বোধন কৰা দেখা যায়। আনহাতে গল্পকাৰে গল্পটো শেষ কৰাৰ ক্ষেত্ৰত বৰ্ণনাধৰ্মিতাক বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ'ল।

 

'গুৰুত্ব' গল্পটি অৱশ্যে শিৰোনামৰ সম্পূৰ্ণ অৰ্থ বহন কৰা পৰিলক্ষিত হৈছে আৰু তাতেই লুকাই আছে গল্পটোৰ বিশেষত্ব।

 

'পত্ৰ সখী' গল্পটোৱে পাঠকৰ নষ্টালজিক চিন্তাক সাকাৰ ৰূপ দিয়াত সফল হৈছে। অৰুন্ধতীয়ে ফেচবুক খুলি পৰী নামৰ এগৰাকীক পাই পুৰণি পত্ৰবান্ধৱী বিচাৰি পোৱা বুলি আনন্দত আত্মহাৰা হয়। পিছে ফেচবুকৰ পৰীয়ে অৰুন্ধতীৰ পত্ৰবান্ধৱী পৰী নহয় বুলি জনোৱাৰ পিছতেই অৰুন্ধতী বিতত হৈ পৰা পৰিলক্ষিত হয়। অৰুন্ধতীৰ মনত পৰে পত্ৰবান্ধৱী পৰীৰ সৈতে পতা কথাবোৰ।

 

পিছে অৰুন্ধতীৰ বৰ্তমানক প্ৰতিনিধিত্ব কৰা বীৰুৰ আৱিৰ্ভাৱে অৰুন্ধতীক কঢ়িয়াই আনে বৰ্তমানলৈ। বীৰুৰ স'তে নদীত কাগজৰ নাও উটুৱাই অৰুন্ধতীয়ে অস্তগামী সূৰুযৰ আভাত নিজক পখালে। পত্ৰবান্ধৱী পৰীৰ স্মৃতিৰ নাওখনে যেন কঢ়িয়াই নিয়ে কোনোবা অচিন ঘাটলৈ। অতীতক সুঁৱৰি ব্যথিত হৈ পৰা অৰুন্ধতী দুখৰ ৰিণি ৰিণি বাজি থকা সুৰ এটিৰ স'তে সহবাস কৰে।

 

গল্পটো নিশ্চয়েই পাঠকৰ বাবে এক সুখপাঠ্য। অৱশ্যে গল্পটোত বীৰু চৰিত্ৰটিক গল্পকাৰে অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছিল বুলি ধাৰণা হয়। আনহাতে অৰুন্ধতীৰ তাৎক্ষণিক মানসিক পৰিৱৰ্তনক গল্পকাৰে অধিক বৰ্ণনা কৰাৰো থল আছিল যেন অনুভৱ হয়।

 

'যাতনা' গল্পটিত গল্পকাৰে বৰ্ণনা কৰিছে এনে এক চৰিত্ৰ, যাৰ হৃদয় সদায়েই সিক্ত হৈ থাকে মানৱতাৰ উমেৰে। অৰুন্ধতী নামৰ চৰিত্ৰটিৰ গাড়ীখনৰ আগত পৰি গৰু পোৱালি এটাৰ মৃত্যু ঘটিছে। অৰুন্ধতীৰ প্ৰেমময় হৃদয় বিয়াকুল হৈ পৰিছে আৰু তাইৰ স্বামী অনুৰাগে তাইৰ ব্যাকুলতা সহনীয় কৰি তুলিছে তাৰ উপস্থিতি আৰু পৰামৰ্শৰে। পিছে সমাজত যেনেদৰে ভিন্ন শ্ৰেণীৰ মানুহ থাকে, একেদৰেই গল্পটোতো গল্পকাৰে সৃষ্টি কৰিছে ফুকন, কোঁ‌ৱৰ আৰু পাৰ্ট টাইমাৰ লেবাৰ অজিতৰ দৰে চৰিত্ৰক। গৰু পোৱালিৰ মালিকে ক্ষতিপূৰণ হিচাপে অৰুন্ধতীৰ পৰা লাভ কৰিছে ৫০০০ টকা। সেই টকাৰে সিহঁতে ভোজভাত খাইছে। অৰুন্ধতীয়ে কথাটো নিৰ্দোষ হাঁহি এটাৰ গৰাকী ৰিপুণৰ পৰা জানিব পাৰিছে। অৰুন্ধতীয়ে অনুপমৰ স'তে কথাটো আলোচনা কৰি অনুভৱ কৰিছে মানুহৰ হৃদয়হীনতা। গল্পটোৰ আৰম্ভণিতে গল্পকাৰে উল্লেখ কৰা বাইবেলৰ স্বৰ্গীয় প্ৰেমৰ উক্তিটোৱেই যেন পুনৰ প্ৰকাশিত হৈছে অৰুন্ধতীৰ শেষ কথাৰে।

 

'যাতনা' গল্পটো সচাকৈয়েই এক সৰল গল্প য'ত অনুৰণিত হৈছে মানৱ প্ৰেম আৰু পৰমেশ্বৰৰ প্ৰতি কৰা প্ৰাৰ্থনা। সেই প্ৰাৰ্থনাত ব্যাপ্ত হৈ পৰিছে অৰুন্ধতীৰ স্বকীয় চৰিত্ৰ আৰু পৃথিৱীৰ কলুষতা।

……………………………………………

 

                                                      দ্বিতীয় খণ্ড:

 

                             পৰ্যালোচক: কলচুম বিবি, সদস্য, আখৰুৱা৷

 

ছ'চিয়েল মাধ্যমৰ জৰিয়তে নিৰৱচ্ছিন্নভাৱে সাহিত্য-চৰ্চা কৰি থকা নৱপ্ৰজন্মৰ সাহিত্যিকসকলৰ ভিতৰত মৌচুমী বৰি অন্যতম। গল্পকাৰ মৌচুমী বৰিৰ 'ডিজিটেল বমি', 'ডিজিটেল অভিমান', আৰু 'দুটি দৃশ্য' নামৰ গল্পকেইটাত সাম্প্ৰতিক সময়ত আমাৰ সমাজত সহজে উপলব্ধ বাস্তৱ জীৱনৰ প্ৰতিফলন ঘটিছে।

আধুনিক যুগত উদ্ভাৱন হোৱা ন-ন প্ৰযুক্তিবিদ্যাই আমাৰ সমাজ জীৱনক একেবাৰে সলনি কৰি পেলাইছে, সলনি কৰি পেলাইছে মানুহৰ লাইফ-ষ্টাইল। ইয়াৰ ভিতৰত মোবাইল ফোনটোৰ কথাই ক'ব পাৰি। ৰাতিপুৱা শুই উঠাৰে পৰা ৰাতি শোৱাৰ সময়লৈকে ই আমাৰ এৰাব নোৱাৰা সংগী হৈ পৰিছে। আমাৰ নতুন প্ৰজন্মই এতিয়া পুতলা বা খেলনা বস্তুৰে খেলি দিন পাৰ নকৰে। মোবাইল ফোনটোৱে পুতলাটোৰ ঠাই অধিকাৰ কৰি লৈছে। এখন নেদেখা জগতত সিহঁতে বাস কৰে। ওচৰে-পাঁ‌জৰে থকা মানুহবোৰৰ পৰা দূৰত্ব বাঢ়ি গৈ থাকে, কিন্তু এখন অদৃশ্য জগতৰ লগত সিহঁত একাত্ম হৈ গৈ থাকে। তেনে এটা প্ৰজন্মৰ প্ৰতিনিধি স্বৰূপে 'ডিজিটেল বমি'ত সীমান্ত আৰু নমিতা, 'ডিজিটেল অভিমান'ত বৰুৱা আৰু বৰুৱাৰ পৰিবাৰ আৰু 'দুটি দৃশ্য' গল্পত টানিষ্কা আৰু পাৰ্থিৱক অংকিত কৰা হৈছে। উল্লেখিত তিনিওটা গল্পত গল্পকাৰে পৰিমিত তথা সহজ-সৰল ভাষাৰে ব্যঙ্গাত্মকভাৱে অতি সুন্দৰকৈ কাহিনীকেইটা উপস্থাপন কৰিছে। ব্যংগৰ মাজেৰে অতি নিকটাত্মীয় ব্যক্তিতকৈ যেন স্মাৰ্ট ফোনটো আপোন হৈ পৰিছে তাৰ ইংগিত গল্পকেইটাত পোৱা যায়। ইয়াৰ বাহিৰেও বৰ্তমান সময়ৰ নাৰী-পুৰুষৰ অন্তঃসাৰশূন্য, নিঃসংগ জীৱনটোৰ লগতে ফেচবুক, হোৱাটচ্-এপ আদিৰ ফলত হোৱা ক্ষয়িষ্ণু সমাজৰ চিত্ৰ এখন প্ৰতিফলিত হৈছে। অৱশ্যে তিনিওটা গল্পৰে দুৰ্বল দিশ নথকাও নহয়। যিহেতু তিনিওটা গল্প একোটা পৃথক গল্প; সেয়ে তিনিওটাৰ বিষয়বস্তু পৃথক হোৱাহেঁতেন পাঠকসমাজে কিবা এটা নতুনত্বৰ সোৱাদ পালেহেঁতেন। 

 

'ডিজিটেল বমি' শীৰ্ষক গল্পটোৰ আন এটা উল্লেখযোগ্য চৰিত্ৰ অৰ্পণাক গল্পকাৰে নতুন প্ৰজন্মৰ এটি ব্যতিক্ৰমী চৰিত্ৰ হিচাপে অংকিত কৰিছে। এটা কামকে বাৰে বাৰে কৰা দেখিলে বমি ভাব অহাটো অৰ্পণাৰ এটা মেনিয়া। অৰ্পণাৰ এই মেনিয়াই গল্পটো ব্যঞ্জনাময় কৰি তুলিছে। এক কথাত কবলৈ গ'লে অৰ্পণাৰ বেমাৰটো গল্পকাৰে প্ৰতীক হিচাপে উপস্থাপন কৰিছে। সীমান্ত আৰু নমিতাৰ মোবাইলকেন্দ্ৰিক একেবোৰ কাণ্ড-কাৰখানা দেখি সিহঁতৰ ঘৰলৈ দুদিনমানৰ বাবে ফুৰিবলৈ অহা অৰ্পণা এই বিশেষ বেমাৰটোত আক্ৰান্ত হৈছে। ঔষধ খোৱাৰ পিছতো অৰ্পণাৰ বেমাৰ ভাল হোৱা নাই। অৱশেষত সীমান্ত আৰু নমিতাৰ মোবাইল মেনিয়া দেখি অৰ্পণাই ঘৰলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

গল্পকাৰ মৌচুমী বৰিৰ সহজ-সৰল ভাষাত ৰচিত আন এটা গল্প 'চাকনৈয়া'ত আমাৰ সমাজৰ আন এটা দিশ প্ৰতিফলিত হোৱা দেখা গৈছে। গল্পটোৰ কেন্দ্ৰীয় চৰিত্ৰ সৌৰভ যেন আমাৰ অতি চিনাকি। আমাৰ সমাজত উপলব্ধ এখন সহজলভ্য ছবি হৈছে যে প্ৰায়ভাগ পিতৃ-মাতৃয়ে নিজ সন্তানক শুদ্ধ পথ প্ৰদৰ্শন কৰিব নোৱাৰে। কলা শাখাৰ ছাত্ৰ এজনক বিজ্ঞান শাখাত নাইবা বিজ্ঞান শাখাৰ ছাত্ৰ এজনক কলা শাখাত নামভৰ্তি কৰাই দিলে আমি যে সেই ছাত্ৰজনৰ পৰা ভাল ফল আশা কৰিব নোৱাৰোঁ সেই কথা বহুতেই নুবুজে। যাৰ ফলত ছাত্ৰজনে গোটেই জীৱন ইয়াৰ দুৰ্ভোগ ভুগিব লগা হয়। 'চাকনৈয়া'ত সৌৰভেও কলা শাখাৰ বিষয়সমূহ ভালপোৱাৰ পিছতো দেউতাকৰ ইচ্ছাক সন্মান জনাই বিজ্ঞান শাখাত নামভৰ্তি কৰিলে। পিছে হিতে বিপৰীত হ'ল। অতি কষ্টৰে বি এছ চি পাছ কৰিলে যদিও এম এছ চি কৰিবৰ জোখাৰে নম্বৰৰ নাটনি হ'ল।

 

প্ৰাইভেট স্কুল এখনত শিক্ষকতা কৰি পোৱা নামমাত্ৰ দৰমহাৰে সৌৰভৰ হাত খৰচেই নোলায়। যাৰ বাবে সৌৰভে প্ৰেমিকা জোনালীক আপোন কৰি ল'ব পৰা নাই। ইফালে জোনালীৰ বিয়াৰ বয়স হৈ আহিছে। ঘৰলৈ বিয়াৰ প্ৰস্তাৱ আহি আছে। স্থায়ী সংস্থাপন এটা নোহোৱাকৈ সি জোনালীক কেনেকৈনো আঁকোৱালি লয়। এনে এক পৰিস্থিতিত সৌৰভ দিকভ্ৰান্ত হৈ পৰিছে। হতাশাত ভুগি চিগাৰেটৰ আশ্ৰয় লৈছে। গল্পটোত অতি সুন্দৰভাৱে সৌৰভৰ মনস্তাত্ত্বিক দিশটো উপস্থাপন কৰা হৈছে। গল্পটো সমাপ্ত হৈয়ো যেন অসমাপ্ত হৈ ৰ'ল ইয়াৰ কাহিনী। পঢ়ি গৈ থাকিলে চিন্তাৰ চাকনৈয়াত পাঠক সমাজো সোমাই গৈ থাকে।

 

মৌচুমী বৰিৰ প্ৰতিটো গল্পতেই সমাজ সচেতনতা প্ৰকাশ পাইছে। তেওঁ অতি ওচৰৰ পৰা নিৰীক্ষণ কৰি চৰিত্ৰসমূহ পুংখানুপুংখভাৱে বিশ্লেষণ কৰি অতি কম কথাৰে অনাড়ম্বৰ ভাষাৰে প্ৰতিটো গল্পৰ কাহিনীভাগ আগুৱাই লৈ গৈছে। গল্পবোৰ চুটি অথচ সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে গল্পবোৰ পঠনযোগ্য হৈ উঠিছে।

……………………………………………

 

                                                            তৃতীয় খণ্ড:

 

                           পৰ্যালোচক - খনিন্দ্ৰ ভূষণ মহন্ত, সদস্য, আখৰুৱা৷

 

মৌচুমী বৰিৰ 'হেঙুল আকাশৰ ৰামধেনু' শীৰ্ষক গল্প সংকলনৰ 'ইগ', ‘জীৱন-দর্শন কথকতা’, ‘পৰিৱর্তন’ আৰু ‘সংকল্প’- চাৰিটা ভিন্ন-সুৰীয়া গল্প। আটাইকেইটা গল্পৰ মূল কাহিনী আমাৰ জীৱনত সততে হৈ থকা অথচ ব্যস্ত জীৱনৰ ধামখুমিয়াত লোক-চক্ষুৰ আঁৰত ৰৈ যোৱা কিছু খণ্ডচিত্র বুলিলে ভুল কোৱা নহ’ব।

 

‘ইগ' গল্পটো এটা সপোনৰ আঁত ধৰি আৰম্ভ হৈছে। গল্পটোৰ মূল চৰিত্র ‘আলফুল’ৰ যোগেদি কোৱা প্রায় প্রত্যেকটো বাক্যই যেন একো-একোটা বাণীহে! দুবাৰকৈ ‘হিয়াচাকি’ৰ প্রসংগটো আনিও চৰিত্রটো আন্ধাৰত ৰাখি গল্পকাৰে পাঠকক ভাবিবলৈ বাধ্য কৰাইছে।

 

‘জীৱন-দর্শন কথকতা’ গল্পৰ শিৰোনামটোৱেই গল্পটোৰ কাহিনী বিষয়ক এক সম্যক ধাৰণা কৰাত সহায় কৰিছে। জীৱনটো সুচাৰুৰূপে আগুৱাই নিবলৈ কিছুমান মতাদর্শ থিৰাং কৰি লোৱা হয়। এইক্ষেত্রত তেনেই নিকট দ্বিতীয়জনৰ প্রভাৱো কোনো পধ্যেই নুই কৰিব নোৱাৰি। অৱশ্যে মতাদর্শবোৰ ব্যক্তি ভেদে ভিন্ন হোৱাটো স্বাভাৱিক। উপৰিউক্ত গল্পটোত এই আটাইকেইটা দিশ খুব সাৱলীলভাৱে গল্পকাৰে সামৰিছে। তপস্যাৰ সৈতে স্নিগ্ধাৰ কথোপকথন, দর্শন বিষয়ক আলোচনাবোৰ আৰু শেষৰফালে স্নিগ্ধাৰ লগত দিপ্লুৰ মতভেদেৰে পৰিসমাপ্তিয়ে গল্পটোক এক ন-সোৱাদ দিছে।

 

‘পৰিৱর্তন’ৰ মাজেৰে বুমনৰ জীৱনৰ পৰিৱর্তিত সময়বোৰ তুলি ধৰা হৈছে। যিসময়ত বুমনৰ মাক-দেউতাকেও তাক হেয় জ্ঞান কৰিবলৈ লৈছিল, তেতিয়াও জীমণিক এক যোগাত্মক শক্তি হিচাপে প্রক্ষেপ কৰি গল্পকাৰে সমাজলৈ এক তীর্যক বাণ মাৰিছে। বুমনৰ পত্নীৰ চৰিত্রটো অংকন কৰোঁতে লেখিকা ক’ৰবাত উজুটি খোৱা যেন ভাব হ’ল। অৱশ্য়ে গল্পটোৰ ধনাত্মক পৰিসমাপ্তিয়ে এক আশাৰ সঞ্চাৰ নকৰা নহয়।

 

‘সংকল্প’ গল্পটো মূলতঃ তপস্যাৰ জীৱনভিত্তিক এক দলিল। অসহনীয় মূৰৰ বিষটোৰ প্রকোপত সাময়িকভাৱে তাই নিজক হেৰুৱাই পেলায়। কি অফিচ, কি বন্ধু, কি পৰিয়াল... সকলোতে আউলৰ কাৰক হৈ পৰে তাই। শেষত ডাক্তৰৰ পৰামর্শ মানি নিজক তুলি ধৰাৰ সংকল্পৰে গল্পটো শেষ হৈছে। ইয়াত উল্লেখ কৰা মূৰৰ বিষটোক এক প্রকাৰৰ ইংগিত বুলিও ভাবিব পাৰি।

 

সামগ্রিকভাৱে চাবলৈ গ’লে, মার্জিত শব্দ-চয়ন আৰু পৰিশীলিত বাক্য বিন্যাস গল্পবোৰৰ এক অলংকাৰ। ইগ’, 'জীৱন-দর্শন কথকতা' - এই দুটা গল্পত দর্শনবাদৰ প্রভাৱ স্পষ্ট। লেখিকাই গল্পকেইটাৰ চৰিত্রবোৰৰ মাজেৰে বৰ কৌশলেৰে দর্শনতত্ত্বৰ কথাখিনি পাঠকৰ মাজলৈ আগুৱাই দিছে। ইয়াৰ যোগেদি লেখিকাৰ কলমৰ পৰিপক্বতাৰ বিষয়ে এক সম্যক ধাৰণা কৰিব পাৰি। আনহাতে, ‘পৰিৱর্তন’ আৰু ‘সংকল্প’ জীৱনীৰ দৰে। গল্পকেইটাৰ শিৰোনামকেইটাক কেন্দ্র হিচাপে কল্পনা কৰিলে চৰিত্রকেইটাই গল্পটোক ঐককেন্দ্ৰিক বৃত্ত হিচাপে সজাই তোলা বুলি মানি লোৱাত কাৰো অসুবিধা নহ’ব। কোনো এটা ক্ষণতো গল্পকাৰ মূল কাহিনীৰ পৰা ফালৰি কটা পৰিলক্ষিত হোৱা নাই। অৱশ্যে ‘প্লট’ৰ কিছু বর্ণনা তথা আনুষংগিক ঘটনাৰ সংযোজনে গল্পবোৰক সোণত সুৱগা চৰালেহেঁতেন। কোনো কোনো ঠাইত দৃশ্যপটবোৰক একগোট কৰিবলৈ সজা সাঁকোখন কিছু খহটা হৈ থাকিল যদিও সেইখিনি মসৃণ কৰাৰ সমল নিশ্চয় আছে।

……………………………………………

 

                                                            চতুৰ্থ খণ্ড:

 

                              পৰ্যালোচক - পৰশমণি কাশ্যপ, সদস্য, আখৰুৱা৷

 

গল্পকাৰৰ ত্ৰয়োদশ সংখ্যক ‘এজাক ছাগলী খেদা বৰষুণ’ শীৰ্ষক গল্পৰ নায়িকা পোন্ধৰ বছৰীয়া আলফুল দেউতাকৰ স'তে বিজ্ঞানৰ চেমিনাৰ এখনলৈ বাছেৰে গৈ থাকোঁতে সকলোৰে অলক্ষিতে যৌন নিৰ্যাতনৰ বলি হৈ ভিতৰি ভিতৰি তাই ভয় খায়। সৰুতেই মাকে তাইক পুৰুষৰ ভাল-বেয়া স্পৰ্শ বুজি পাব পৰাকৈ শিকাইছিল যদিও এটা দুঃস্বপ্নৰ দৰে ঘটনাটো পাহৰিবলৈ চেষ্টা কৰা আলফুলে বিয়াৰ পাছতো একেই পৰিস্থিতিৰ মুখামুখি হোৱাত কাষতে থকা গিৰিয়েকক চিঞৰি মাতি ন্যায় পাইছিল তাই। পৰৱৰ্তী সময়ত অফিচৰ মুৰব্বীজনে অসৎ ইংগিত দিয়াত তাই সমুচিত প্ৰত্যুত্তৰ দিছিল।

 

যুৱতী এগৰাকীৰ জীৱনত ঘটা দুৰ্যোগৰ ঘটনাক একত্ৰ কৰি গল্পকাৰে গল্পটো সম্পূৰ্ণ কৰিছে। নায়িকাৰ মাতৃৰ চৰিত্ৰৰ যোগেদি মাতৃসমাজ¸ পৰিয়ালৰ জেষ্ঠ নাৰীসকললৈ আহ্বান জনাইছে - যেন সৰুৰে পৰাই কন্যাৰ নিৰাপত্তাৰ তীক্ষ্ন দৃষ্টি ৰখাৰ লগতে সজাগ হ'বলৈ শিক্ষা দিয়ে। প্ৰতীকী ৰূপত ব্যৱহাৰ কৰা গল্পৰ শিৰোনামটোৱে এজাক বৰ্বৰ অমানুহৰ অত্যাচাৰৰ বাবে হোৱা নাৰীৰ অসুৰক্ষিত পৰিৱেশৰ যথাযথ চিত্ৰ অংকন কৰি নাৰীসমাজলৈ যোগাত্মক বাৰ্তা দিবলৈ গল্পকাৰ সক্ষম হৈছে।

 

গল্পকাৰৰ চতুৰ্দশ সংখ্যক গল্প ‘শ্ৰীমতীৰ কথাই চোন কামত দিলে’ হৈছে এটা মধ্যবিত্ত পৰিয়ালৰ ৰসাল গল্প। বিপদত পৰা মানুহজনে পত্নীৰ সহযোগত কেনেকৈ বিপদৰ পৰা হাত সাৰিলে¸ তাৰেই বিৱৰণ ৰসাল ৰূপত দাঙি ধৰিছে।

 

বয়বস্তুৰ এই মহঙা দিনত মধ্যবিত্ত পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীজনে কেনেকৈ ঘৰ চলাবলগীয়াত পৰে¸ সেয়া একমাত্ৰ ভুক্তভোগীয়েহে বুজে। আলোচ্য গল্পৰ নায়কে বিপদত পৰা চিনাকী আহমেদক এহেজাৰ টকা ধাৰলৈ দিছিল। বাৰে-বাৰে লোকক টকা ধাৰলৈ দি আদায় কৰিব নজনা স্বামীৰ হৈ পত্নীয়ে বুদ্ধিৰে এক প্ৰকাৰৰ ধমকি দি আহমেদৰ পৰা নিজৰ প্ৰাপ্য আদায় কৰিছে আৰু পত্নীৰ এই কাৰ্যই নায়কক সুখী কৰিছে। আহমেদৰ দৰে এচাম মানুহে সহায়কাৰী মানুহক প্ৰৱঞ্চনা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এই কাহিনীয়ে আমাক এটাই শিক্ষা দিয়ে যে নিজৰ প্ৰাপ্য আদায়ৰ বাবে কেতিয়াবা কঠোৰ হ'বলগাও হ'ব পাৰে। গল্পটোৰ কাহিনী আৰু উপস্থাপনৰ ক্ষেত্ৰত গল্পকাৰ সফল হৈছে।

 

গল্পকাৰৰ পঞ্চদশ সংখ্যক গল্প ‘কাণ্টুলালৰ দালালি’ৰ কেন্দ্ৰীয় চৰিত্ৰ কাণ্টুলাল হৈছে আনক আভুৱা ভাঁ‌ৰি কথাৰ চলেৰে সৰকি অহা এজন ঠগ। ঘৰৰ পৰা বজাৰখনলৈ আহোঁতেই একমাত্ৰ বুদ্ধিকে মূলধন হিচাপে লৈ কাণ্টুলালে বেপাৰ কৰিবলৈ আহিছিল। হোজা বিক্ৰেতাজনৰ লগত দুহেজাৰ টকাত বন্দোবস্ত কৰি নোদোকা পঠা ছাগলীটো তিনিহেজাৰ টকাত গ্ৰাহকজনক বেক্ৰী কৰি নিজৰ মূলধন অবিহনেই কাণ্টুলালে চকুৰ পচাৰতে এহেজাৰ টকা উপাৰ্জন কৰিছিল। আপাত দৃষ্টিত এয়া অন্যায় যেন বোধ হ'লেও কাণ্টুলাল মুঠেই দায়ী নহয়। তাৰ বাবে আংশিক দায়ী হোজা বিক্ৰেতাজনৰ অজ্ঞতাহে হ'ব পাৰে। আজিৰ সমাজৰ এয়া চিৰপৰিচিত ঘটনা। আজিৰ সমাজত সৰ্বত্ৰে কাণ্টুলালৰ দৰেই লোক টিঘিলঘিলাই ফুৰিছে।

 

গল্পকাৰৰ ষষ্ঠদশ গল্প ‘হৃদয়ৰ অকথিত কাহিনী’ হৈছে মানুহৰ আত্মগ্লানি¸ বিবেকৰ দংশনৰ এক জীয়া দস্তাবেজ। গল্পৰ নায়িকা মলয়া আৰু তাইৰ সম্পৰ্কীয় ককায়েক বিৰাজদাৰ মুখেৰে চতুৰ গল্পকাৰে কেইবাটাও চৰিত্ৰৰ উপস্থিতি কৌশলেৰে উপস্থাপন কৰিছে। জীৱনৰ বাটত জনা-নজনাকৈয়ে মানুহে বহুবাৰ নকৰিবলগীয়া কাম কৰি পেলায় আৰু আত্মগ্লানিত ভোগে। এই কথাবোৰ সকলোৰে অলক্ষিতে ৰৈ ভুক্তভোগীৰ মন-মগজু জোকাৰি দিয়েগৈ। ভুক্তভোগীক অনুশোচনাৰ অগনিয়ে পুৰি কেতিয়াবা সাময়িক মানসিক সকাহ দিয়ে। এনে কাহিনী তেনেই সুলভ। প্ৰতিজন ব্যক্তিৰ জীৱনতে তেনে অলেখ কাহিনী থাকে¸ যিবোৰে এবাৰলৈ হ'লেও আত্মগ্লানিত ভুগিবলৈ বাধ্য কৰায়। এই আত্মগ্লানিৰ জুয়ে যেন ভুক্তভোগীক বেছি নদহি আনকো অশান্তি দিব নোৱাৰে¸ তাৰ বাবে সচেতন হ'বলৈ চতুৰ গল্পকাৰে এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।

 

বিষয়বস্তুৰ নিৰ্বাচন আৰু উপস্থাপনৰ দিশৰ পৰা ‘ছাগলী খেদা বৰষুণ’ এটা সাৰ্থক গল্প। কিন্তু কোনো কোনো ক্ষেত্ৰত গল্পকাৰে খৰখেদা কৰা বাবে চৰিত্ৰসমূহৰ পূৰ্ণ বিকাশ নহ'ল আৰু গল্পটো অধিক উন্নত হোৱাৰ থল ৰৈ গ’ল। ‘শ্ৰীমতীৰ কথাই চোন কামত দিলে’ গল্পটোত কাহিনী আৰু উপস্থাপনৰ দিশৰ পৰা গল্পকাৰ সফল হৈছে। তথাপিও যেন ক'ৰবাত কাহিনীটোৱে প্ৰাপ্য মৰ্যাদা নাপালে। লেখিকাই চৰিত্ৰসমূহক আৰু অলপ সুবিধা দিব পাৰিলেহেঁতেন। তেতিয়া পাঠকৰ পক্ষে গল্পটোৰ প্ৰকৃত ৰসাস্বাদান সম্ভৱ হ'লহেঁতেন। ‘কান্টুলালৰ দালালি’ এটা নিটোল গল্প হৈছে। আনহাতে ‘হৃদয়ৰ অলিখিত কাহিনী’ গল্পটো তাৎক্ষণিকভাবে গল্পকাৰে সমাপ্ত কৰিবলৈ খৰখেদা কৰা বাবে ইয়াতো চৰিত্ৰসমূহ পূৰ্ণ ৰূপত বিকাশিত নহ'ল৷ অৰ্থাৎ গল্পটো উন্নত হোৱাৰ থল ৰৈ গ'ল।

 

শেষত, গল্পকাৰৰ কলমেৰে আৰু সুন্দৰ সুন্দৰ গল্প সৃষ্টি হওক - সেই আশাৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

………………………………………

 

                                                          পঞ্চম খণ্ড:

 

                 পৰ্যালোচক - মুনমুন শইকীয়া সৰকাৰ, সদস্য, আখৰুৱা৷

 

মৌচুমী বৰিৰ গল্প সংকলন ''হেঙুল আকাশৰ ৰামধেনু''ৰ 'দাম্পত্য জীৱনৰ স্নেপশ্বট' শীৰ্ষক গল্পৰ প্ৰতিটো স্নেপশ্বটৰ বিষয়বস্তু এহাল দম্পত্তিৰ মাজত হোৱা মান-অভিমানকেন্দ্ৰিক। ব্যস্ততাৰ অজুহাতত কেতিয়াবা আমি সকলোৱেই নিজৰ জীৱন-সংগীৰ সৈতে বিশেষ বিশেষ মুহূৰ্ত কিছুমান উদযাপন কৰিবলৈ পাহৰোঁ আৰু তেনেস্থলত ভুল বুজা-বুজিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। কিন্তু লেখিকাৰ প্ৰতিটো স্নেপশ্বটত থকা ধনাত্মক দিশটো হ'ল তেওঁ এই ভুল বুজা-বুজিৰ পৰিণাম বেয়াৰ ফালে ঢাল নুখুৱাই মান-অভিমানৰ অন্ত পেলাই পুনৰায় দম্পত্তিবোৰৰ জীৱনলৈ সুখ ঘূৰি অহা দেখুৱাইছে।

 

'অনুৰাগ' শীৰ্ষক গল্পৰ আৰম্ভণি সুন্দৰ। অপ্ৰকাশিত প্ৰেমে মানুহৰ জীৱনক কিদৰে কষ্ট দিয়ে সেই কথাখিনি লেখিকাই সহজ-সৰল শব্দৰ প্ৰয়োগেৰে দুটা চৰিত্ৰৰ মাজেৰে ফুটাই তুলিবলৈ সক্ষম হৈছে।

 

হেঙুল আকাশৰ ৰামধেনু' শীৰ্ষক গল্পৰ নাৰী চৰিত্ৰ 'বিৰিণা'ৰ যোগেদি অন্ধবিশ্বাসৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে এক চেতনাৰ সৃষ্টি কৰিবলৈ লোৱাৰ প্ৰয়াস শলাগ ল'বলগীয়া। লগতে 'বিৰিণা'ই অন্ধবিশ্বাস দূৰীকৰণৰ বাবে যি ব্যৱস্থা ল'ব খুজিছে সেয়াও নতুন প্ৰজন্মৰ বাবে অনুকৰণীয়। মুঠতে গল্পটোত ধনাত্মক সামৰণি এটা দেখিবলৈ পোৱা গৈছে।

 

শ্ৰীমতী মৌচুমী বৰিৰ লিখন শৈলীৰ অন্যতম আকৰ্ষণীয় দিশটো হ'ল ভাষাৰ সৰলতা, যিয়ে তেওঁৰ গল্পক সকলো শ্ৰেণীৰ পাঠকৰ বাবে বোধগম্য কৰি তুলিব বুলি ভাব হয়। কিন্তু এটা কথা নোকোৱাকৈ নোৱাৰি যে বৰ্তমান সময়ৰ গল্পবোৰৰ মাজত যি আকস্মিকতা বা চমক সৃষ্টিকাৰী উপাদান সচৰাচৰ দেখিবলৈ পোৱা যায়, পাঠক হিচাপে সেই উপাদানসমূহৰ অভাৱ কিছু পৰিমাণে অনুভৱ হয়। সামৰণিৰ ফালৰ পৰা চাবলৈ গ'লে সৰলীকৰণ বেছিকৈ কৰাৰ নিচিনাও বোধ হ'ল। পাঠকক নিজৰ মতে চিন্তা কৰাৰ অৱকাশ প্ৰদান কৰিলে হয়তো গল্পকেইটা অধিক আকৰ্ষণীয় হৈ উঠিলহেঁতেন। একে ঘটনাৰ পুনৰাবৃত্তি হোৱাটোও কেতিয়াবা আমনিদায়ক হৈ উঠে যিটো 'দাম্পত্য জীৱনৰ স্নেপশ্বট' শীৰ্ষক গল্পৰ প্ৰথম দুটা স্নেপশ্বটৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে। দুয়োটা স্নেপশ্বটৰ বিষয়বস্তু প্ৰায় একেই।

 

যি কি নহওক, সকলোৰে লিখনশৈলীৰ এক সুকীয়া বৈশিষ্ট্য থাকে। সেইমতেই সকলোৱে উপস্থাপন কৰে। কিন্তু তাৰ লগতে সমসাময়িক প্ৰচলিত ধাৰাৰ লগত মিল ৰাখি আগবাঢ়িলে পাঠকৰ সৈতে একাত্ম হ'ব পাৰি। শেষত লেখিকালৈ তেওঁৰ প্ৰথম গল্প সংকলনৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু অদূৰ ভৱিষ্যতে তেওঁৰ কলমৰ পৰা এনে বহুসংখ্যক সংকলনৰ আশা কৰিলোঁ।