top of page

"ক'তেনো আছা মোৰ কলিজাৰ আই" উপন্যাসখনি মূলত: অন্তৰৰ সম্পৰ্কৰ কাহিনী৷ মাতৃ অৰুণিমা আৰু কলিজাৰ সন্তান শ্যাম৷মানুহৰ জীৱনত  অন্তৰৰ সম্পৰ্ক যে সদায়েই উৰ্ধত অথবা অন্তৰৰ নিস্বাৰ্থ, নি:চৰ্ত সম্পৰ্কই যে দেশ-কালৰ সীমা অতিক্ৰম কৰি সাৰ্বজনীনতাত মিলি যাব পাৰে সেই অমল কথা উপন্যাসখনিৰ যোগেদি প্ৰতিজন পাঠকে অনুভৱ কৰিবলৈ সক্ষম হ'ব৷ গভীৰ জীৱনবোধেৰে ভৰা এই উপন্যাসখনিৰ মাজেদি অামি পৰিচিত হওঁ অৰুণিমাৰ দৰে বিশাল ব্যক্তিত্বৰ এগৰাকী নাৰীৰ স'তে যিগৰাকী নাৰীৰ সাগৰৰ দৰে বিশাল অন্তৰত বিলীন হৈ পৰিছে শ্যাম নামৰ কলিজাৰ সন্তানটিয়ে আৰু মাতৃ-পুত্ৰৰ এই স্বৰ্গীয় সম্পৰ্কক অনুভৱ কৰিবলৈ হ'লে অৰুণিমাৰ অন্তৰখনক বুজি পোৱাৰ লগতে নিজৰ অন্তৰখনো যে পবিত্ৰ হ'ব লাগে সেইকথা শ্যামে বুজাই দিছে৷ শ্যামক কলিজাৰ সন্তান হিচাপে স্বীকৃতি দিবলৈ যোৱা ৰাস্তাটো পিছে মসৃন নাছিল৷ প্ৰত্যাহবান, দুখ-যন্ত্ৰণাৰ মুখামুখি হ'ব লগা হৈছিল অৰুণিমা আৰু শ্যাম৷ বেদান্ত,নীলাক্ষি, অনুজিত, অজন্তা আদি চৰিত্ৰসমূহেও পাঠকক নতুন চিন্তাৰ খোৰাক জগাইছে৷ 

উপন্যাসখনিৰ পাতে পাতে থকা বুদ্ধ দৰ্শনৰ মুকুতাহেন জ্ঞান-গভীৰ কথাই প্ৰতিজন পাঠকক অনুপ্ৰেৰণা দি যোৱাৰ লগতে  
নি:চৰ্ত, নি:স্বাৰ্থ পবিত্ৰ অন্তৰৰ সম্পৰ্কৰ জ্যোতিৰ পোহৰত অৱগাহন কৰি সেই জ্যোতিৰ পোহৰেৰে উদ্ভাসিত  হৈছে  প্ৰতিজন পাঠক৷ নি:সন্দেহে এখনি প্ৰমূল্যবোধেৰে ভৰা সুখপাঠ্য, মননশীল উপন্যাস "ক'তেনো আছা মোৰ কলিজাৰ আই"৷

ক'তেনো আছা মোৰ কলিজাৰ আই

SKU: MB0023
₹200.00Price
    bottom of page