top of page
Writer's pictureMousumee Bori

আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন


অসমীয়াত এষাৰি প্ৰবচন আছে "আইৰ সমান হ'ব কোন নৈৰ সমান ব'ব কোন " ! সঁচাই মাতৃৰ মমতাৰ লগত একোৰে তুলনা নহয়৷ এগৰাকী মাতৃয়ে সন্তানটিক ডাঙৰ-দীঘল কৰাৰ পৰা মানুহ হোৱালৈকে সন্তানৰ বাবেই সৰ্বস্ব উজাৰি দিয়ে৷ নিজৰ সন্তানটি বিদ্বান হওক, জ্ঞানী হওক, নৈতিক জ্ঞানেৰে পৰিপূৰ্ণ হওক - সকলো অভিভাৱকেই তাকেই কামনা কৰে৷


শিশু এটিৰ চৰিত্ৰ গঠনত মাতৃৰ ভূমিকাই সকলোতকৈ বেছি৷ ইতিহাসৰ পাত লুটিয়ালে এনে বহু মহান ব্যক্তিৰ জীৱনত মাতৃৰ অপৰিসীম অৱদানৰ কাহিনী পঢ়িবলৈ পোৱা যায়৷ মহামানৱ মহাত্মা গান্ধীৰ জীৱনত মাতৃ পুতলীবাঈৰ অৱদান, মহান বিজ্ঞানী টমাছ আলভা এডিছনৰ যুগান্তকাৰী আৱিস্কাৰৰ আঁৰতো মাতৃ নান্সি এডিছনৰ অৱদানৰ কথা ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা আছে৷ এনেকৈয়ে এনে বহু সফল মহান ব্যক্তিৰ জীৱন মাতৃৰ পৰা পোৱা মূল্যবোধৰ শিক্ষাৰেই জগতত জিলিকি থাকিবলৈ সক্ষম হৈছে৷


পৃথিৱী বিখ্যাত সঙ্গীতজ্ঞ মোজাৰ্টৰ সৰুকালৰ কাহিনী - এদিন মাকে আপোনমনে পিয়ানোত এটা নতুন সুৰ বজাইছিল৷ কাষতে খেলি থকা মোজাৰ্ট আপোন পাহৰা হৈ মাকৰ কাষ পালেগৈ৷ পুতলা এৰি মোজাৰ্টে মাকৰ পিঠিত হাউলি মাকে পিয়ানো বজোৱা চাই থাকিল৷ সুৰটো সম্পূৰ্ণ হোৱাৰ পিছত মাকে পিয়ানো এৰি অন্য কামত লাগিলগৈ৷ এইবাৰ তিনিবছৰীয়া মোজাৰ্টে মাকৰ আসনত বহি পিয়ানো বজাবলৈ লাগিল আৰু মাকৰ সেই নতুন সুৰটো তেওঁ অবিকল একেদৰে বজাই গ'ল৷ সুৰ শুনি মাকৰ মুখৰ মাত হেৰাল ৷ মাকে যেন সেইদিনাই বুজি পাইছিল তেওঁৰ পুত্ৰধনে অসাধাৰণ প্ৰতিভা লৈ পৃথিৱীলৈ আহিছে আৰু সঁচাকৈয়ে তেওঁ এজন পৃথিৱীবিখ্যাত সঙ্গীতজ্ঞ হ'ল ৷




পৃথিৱীৰ প্ৰতিগৰাকী শিশুৱেই একক আৰু অনন্য ৷ উপযুক্ত পৰিৱেশ, তত্বাৱধান, সূক্ষ্ম নিৰীক্ষণেৰে অভিভাৱকসকলে শিশু এটিৰ মাজত থকা প্ৰচুৰ সম্ভাৱনীয়তা তথা প্ৰতিভাখিনিক উলিয়াই আনিব পাৰে ৷


শিশু এটিক মাৰ্গদৰ্শন কৰোৱাব পৰা এটি আদৰ্শমূলক কাহিনী "His first flight" নামৰ কাহিনীটো হয়তো বহুতে পঢ়িছে৷ এটা শিলৰ পাহাৰৰ খোৰোঙত এজনী চৰাইৰ বাহ আছিল৷ তাইৰ এটি পোৱালি বৰ ভয়াতুৰ আছিল৷ সি বাহৰ পৰা কেতিয়াও ওলাই নাহিছিল৷ মাকে তাক সদায় বাহতে আহাৰ খুৱাব লাগে৷ অনেক প্ৰকাৰে বুজায়ো মাকে পোৱালিটোৰ মনৰ ভয় ভাঙিব নোৱাৰিলে৷ অৱশেষত মাকে শেষ প্ৰচেষ্টা চলালে৷ এদিন বাহটোৰ পৰা দেখাকৈ বহি তাই গোটাই-পিতাই অনা বস্তুবোৰ খাবলৈ লাগিল৷ মাকলৈ চাই চাই ভোকত পোৱালিটোৱে ছটফটাবলৈ ধৰিলে৷ বাহটোৰ তলতে আছে এটা অত্যন্ত দ খাৱৈ৷ সি কিজানি বাহটোৰ পৰা ওলালেই খাৱৈটোৰ অতল তলিত পৰিবগৈ - সেয়ে তাৰ ভয়ৰ একমাত্ৰ কাৰণ আছিল৷ সেই ভয়ৰ কাৰণেই সি আজিলৈকে উৰিবলৈকো নিশিকিলে৷ তাৰ ভায়েক-ককায়েকহঁত কেতিয়াবাই উৰণ বিদ্যাত পাৰ্গত হৈ পৰিছিল৷ এতিয়া সিহঁতে নিজৰ আহাৰ নিজে বিচাৰি যায়৷ এদিন আবেলি হ'লগৈ কিন্তু মাকে তাক আহাৰ আনি নিদিলে৷ মাকৰ এনে নিষ্ঠুৰ ব্যৱহাৰত তাৰ বৰ দুখ লাগিল৷ অৱশেষত সি ভোকত থাকিব নোৱাৰি মৰণকে শৰণ লৈ বাহৰ পৰা ওলাই আহিল আৰু খাদটোলৈ জাঁপ দিলে৷ প্ৰথমতে সি তললৈ গ'লেও পাখিকেইখন কোবাই দিলত সি পুনৰ ওপৰলৈ উঠি আহিল আৰু বতাহৰ লগে লগে সি বহুত দূৰলৈ ওপৰেৰে উৰি গৈ থাকিল৷ অৱশেষত মাকে বুদ্ধিৰে তাৰ ভয় আঁতৰোৱাৰ লগতে উৰিবলৈও শিকালে৷


এটি শিশুক উপযুক্ত ভাৱে গঢ় দি ভৱিষ্যত সুনাগৰিক কৰাত এগৰাকী মাতৃয়েই আটাইতকৈ উপযুক্ত ব্যক্তি৷ সেইগৰাকী মাতৃৰূপী বটবৃক্ষ যাৰ মমতাৰ বিশাল ছায়াত এটি কণমানি লহপহকৈ বাঢ়ি আহি জীৱনৰ পৰিপূৰ্ণতালৈ গতি কৰে৷




1,281 views0 comments

Recent Posts

See All

Comments


bottom of page