“ক্ষমা,সহানুভূতি,প্ৰেম,আত্মনিৰ্ভৰশীলতা ইত্যাদি”




মোৰ এজন দাদা পঢ়া-শুনাত বৰ ভাল নাছিল৷ কাণে কাণ মাৰিহে পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ সেয়ে ঘৰত দাদাই সদায় ককৰ্থনা শুনিব লগা হৈছিল৷ এবাৰ তেওঁ পৰীক্ষাত অনুত্তীৰ্ণ হ’ল৷ কিন্তু ৰিজাল্ট ল’বলৈ যোৱা দাদা ঘৰলৈ ঘূৰি নাহিল৷ অৱশেষত বিচাৰি বিচাৰি দাদাক পোৱা গ’ল নদীৰ পাৰত৷ নদীৰ পাৰলৈ তেওঁ আত্মহত্যা কৰিবলৈ গৈছিল নে হতাশাৰ প্ৰকোপত হোৱা বেদনাখিনি নদীৰ লগত ভাগ-বতৰা কৰিবলৈ গৈছিল-সেই কথা তেতিয়া জনা নাছিলো যদিও গম পাইছিলোঁ যে ঘৰলৈ আহিবলৈ দাদাই ভীষণ ভয় খাইছে৷

এজনী কণমানিক দেউতাকে সদায় পঢ়োৱাৰ সময়ত গালি-গালাজ কৰে আৰু কেতিয়াবা দুই এটা থাপৰো দিয়ে৷ সেয়ে তাই পৰীক্ষাৰ বহীবোৰত কম নম্বৰ পালে মাকক দেখুৱায় ৷ আৰু মাকক সদায় এটাই অনুৰোধ কৰে- “দেউতাক নক’বা৷”

মোৰ এজনী বান্ধৱীয়ে কবিতা লিখিছিল আৰু উৎসাহেৰে নিজৰ গৃহস্থক দেখুৱাইছিল৷ কিন্তু বান্ধৱীৰ স্বামীয়ে কোনোদিনে উৎসাহিত কৰাৰ প্ৰয়োজনবোধ কৰা নাছিল৷ বৰঞ্চ ঠাট্টাৰ সুৰতহে মন্তব্য দিছিল৷ লাহে লাহে বান্ধৱীয়ে গৃহস্থক নিজে লিখা কবিতা আদি দেখুৱাবলৈ বাদ দিলে আৰু এই সম্পৰ্কে কোনোধৰণৰ আলোচনা নকৰা হ’ল৷

এতিয়া আহোঁ দাদাজনৰ কথালৈ৷ তেওঁ যেতিয়া কম নম্বৰ পায় আৰু ঘৰৰ মানুহে ককৰ্থনা কৰে সেই মুহূৰ্তত তেওঁৰ মানসিক অৱস্থা চাবলৈ কাৰোৰে সময় নাথাকে৷ তেওঁৰ ওপৰত কৰা ককৰ্থনাই তেওঁক মানসিক ভাৱে হতাশাত ভোগাইছে নেকি সেই দৃষ্টি যদি পৰিয়ালৰ কোনো এজনৰে নাথাকে তেন্তে তেওঁ পৰিয়ালৰ সদস্যৰ পৰা দূৰ হৈ গৈ থাকে৷ দ্বিতীয়তে আহিল কণমানিজনীৰ কথা৷ দেউতাকে গালি-গালাজ পৰাৰ বাবে তাই কম নম্বৰ পালে মাকক কয় –“দেউতাক নক’বা৷” এই কথাষাৰৰ পৰা আমি ভাবিব পাৰোঁ যে ভৱিষ্যতে কোনো সমস্যাত পৰিলেও দেউতাকক ভাল পালেও তাই হয়তো গালি খোৱাৰ ভয়তে তাইৰ সমস্যাৰ কথা দেউতাকক নোকোৱাৰ সম্ভাৱনীয়তাই বেছি৷ ঠিক তেনেদৰে বান্ধৱীগৰাকীয়েও নিজৰ গৃহস্থৰ পৰা এক নিৰ্দিষ্ট মানসিক দূৰত্বত অৱস্থান কৰিছে,যিহেতু গৃহস্থই তাইৰ কবিতা লিখাত সহযোগ কৰা নাই৷

এইখিনিতে মনলৈ প্ৰশ্ন আহে কোনো এজনৰ দুৰ্বলতা অথবা অসমৰ্থতাক আমি দোষাৰোপ কৰা উচিত নে? দেখা গৈছে যে দোষাৰোপ কৰাৰ পিছত সেই ব্যক্তিগৰাকী এটা দূৰত অৱস্থান কৰিছে বা আঁতৰি গৈছে৷ ইয়াতে আৰু এটা কথা ভবাৰ থল আছে যে আঁতৰি যোৱাজনক কোনোবাই ভুল দিশতো পৰিচালনা কৰিব পাৰে৷ ভয়তে মিছাৰ আশ্ৰয় ল’ব পাৰে অথবা একো নোকোৱাকৈ আত্মহত্যাৰো পথ বাছি ল’ব পাৰে৷ এনেধৰণে দূৰত অৱস্থান কৰাটো নিশ্চয় সুস্থতাৰ লক্ষণ নহয়৷ তেন্তে আমি কি কৰা উচিত? সহানুভূতি, ক্ষমা আৰু প্ৰেমে এই সমস্যাৰ সমাধান কৰিবনে? দেখা যায় যে যি আমাক মৰম কৰে, সহানুভূতি দেখুৱায়; তেওঁৰ সান্নিধ্য আমাৰ ভাল লগাৰ লগতে তেওঁক আমাৰ মনৰ কথা কৈও ভাল লাগে৷ কিবা ভুল কৰিলে যদি ভুলটো মৰমেৰে দেখুৱাই দিয়া হয়, তেন্তে সেই মানুহজনৰ অভ্যন্তৰৰ বহু দিশ (মনৰ দুখ-সুখ,সমস্যা ইত্যাদি)উন্মোচিত হোৱাৰ বাট মুকলি হয় আৰু তাৰ যোগেদি মানুহজনৰ সমস্যাৰ সমাধান হোৱাৰ লগতে দুয়োজনৰে মাজতে এক আত্মিক সম্বন্ধও গঢ়ি উঠে৷ ক্ষমা,সহানুভূতি আৰু প্ৰেমে এজন মানুহক আন এজন মানুহৰ কাষ চপাই অনাত সহায় কৰে আৰু ইয়াৰ যোগেদি আত্মগ্লানিত ভোগা বহু লোকক উদ্ধাৰ কৰিব পৰা যায়৷ তাৰোপৰি জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় “আত্মনিৰ্ভৰশীলতা”ৰ পাঠো পঢ়োৱা উচিত৷আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰশীলতাইহে এজন মানুহক জীৱন যুঁজত জয়ী হোৱাত সহায় কৰে৷

মোৰ ভাইটি শিৱ প্ৰসাদ হাজৰিকা (বাবু) ৰ লগত এই বিষয়ে কথা হওঁতে ভাইটিয়ে মোক নিজৰ লগত হোৱা এটা অভিজ্ঞতাৰ কথা জনালে এনেকৈ -

“মই যেতিয়া বৰপেটাত চাকৰি কৰি আছিলো আমাৰ বিদ্যালয়ত প্ৰথম শ্ৰেণীত দুগৰাকী শাৰীৰিকভাৱে সক্ষম ছাত্ৰী আছিল৷দুয়োজনী একে পৰিয়ালৰ আছিল৷কিন্তু ছাত্ৰী দুগৰাকীৰ মাক দেউতাক সৰুতে ঢুকাইছিল আৰু তেওঁলোকৰ বয়সীয়াল আইতাকে ছোৱালী দুজনীক চোৱা চিতা কৰিছিল৷আইতাক জনী আমাৰ বিদ্যালয়ৰে মধ্যাহ্ন ভোজনৰ ৰান্ধনী আছিল৷কিন্তু কথা হ'ল ছোৱালী দুজনীৰ বয়স অনুসৰি প্ৰথম শ্ৰেণীতকৈ ওপৰ পয্যায়ৰ শ্ৰেণীত থাকিব লাগিছিল যদিও আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে তেওঁলোকক প্ৰথম শ্ৰেণীতে ৰাখি দিছিল ৷ কিয়নো সিহঁত দুজনীয়ে আখৰেই চিনি নাপায়৷মই কথাটো গম পাই সিহঁতৰ ক্লাছত সদায়েই যাবলৈ ল’লো আৰু সিহঁতক খুব মৰমেৰে পঢ়াবোৰ শিকাবলৈ ল’লো৷লাহে লাহে দুয়োজনীৰ ভিতৰত জুলী নামৰ ছোৱালীজনীয়ে খুব সোনকালেই সকলোবোৰ আয়ত্ত কৰিবলৈ সক্ষম হ’ল৷জুলী নামৰ ছোৱালী জনীৰ আখৰবোৰো বাকী সকলোতকৈ ধুনীয়া আছিল৷কথাবোৰ সোনকালেই মনত ৰাখিব পাৰিছিল৷কেৱল লিখিবলৈ সোনকালে নোৱাৰিছিল৷কিন্তু পিছৰ বছৰ তাই দ্বিতীয় শ্ৰেণীলৈ উত্তীৰ্ণ হয়৷সিহঁতৰ ক্লাছত থকাৰ সময়খিনিত মই বুজিলো যে সিহঁত দুজনীক শিক্ষকসকলে শিকোৱাৰ পৰিৱৰ্তে অৱহেলা কৰাৰ ফলস্বৰূপেই সিহঁতৰ কোনো বিকাশ হোৱা নাছিল৷সেয়ে কওঁ যে, যদিহে আমি অৱহেলা কৰাৰ সলনি কোনো এটা কাম মৰমৰ ভাষাৰে শিকাওঁ তেতিয়া সকলোৱে সোনকালে আয়ত্ত কৰিব পাৰে৷”

কথাতে কয়- “শব্দই ব্ৰহ্ম”৷ আমি কোৱা কথাবোৰৰ লগত আমাৰ ভাৱ-চিন্তাৰ সম্বন্ধ থাকে৷ আমাৰ মুখেৰে উচ্চাৰিত শব্দই আমাৰ মনৰ ওপৰত লগতে পৰিবেশৰ ওপৰতো প্ৰভাৱ পেলায়৷ ঋণাত্মক কথা-বতৰাই আমাৰ একো উপকাৰ নকৰে বৰঞ্চ ই আমাৰ ক্ষতিহে কৰে৷ আমি যেতিয়া উত্তেজিত হৈ কাৰোবাক গালি-গালাজ কৰোঁ সেই উত্তেজনাই আমাৰ দেহত কিছুমান বিষক্ৰিয়াৰ উদ্ৰেক কৰে আৰু সেইবোৰে একপ্ৰকাৰ আৱেগিক বিকাৰৰ সৃষ্টি কৰে৷ এনেধৰণৰ আৱেগিক অস্থিৰতাই শাৰীৰিকভাৱে আমাৰ অনিষ্ট কৰে ৷ আনকি আমাৰ ব্যক্তিত্বৰ গভীৰতম প্ৰদেশকো জোকাৰি পেলায় ৷ আৰু আনজন মানুহৰ দেহ-মনতো ঋণাত্মক প্ৰভাৱ পৰে৷ আনহাতে ধনাত্মক চিন্তা তথা কথা-বতৰা সকলোৰে বাবে উপকাৰী৷ ক্ষমা, দয়া, পৰোপকাৰ, মৰম-চেনেহ, সদভাৱনা আদিয়ে ধনাত্মক পৰিবেশকে প্ৰতিনিধিত্ব কৰে৷ব্ৰহ্মকুমাৰী বি কে শিৱানীৰ এটি উক্তিয়ে মোক সদায় অনুপ্ৰাণিত কৰি আহিছে৷উক্তিটো হ’ল – “My every thought radiates into the world, influences animals, plants, water, earth & air. My environment is a reflection of my emotions. Everyday I pollute the environment with my ego, greed, anger, attachment, expectations. Do I still complain or Do I change?Practice humility, compassion and unity. Heal yourself to heal the Planet.”


5 views0 comments