“আধুনিক অসমীয়া ভাষা-সাহিত্যৰ সোণালী ইতিহাস আৰু বৰ্তমানৰ সংকট”

সম্পাদকীয়



অসমীয়া সাহিত্য জগতৰ মহীৰূহ চৈয়দ আব্দুল মালিকদেৱে লিখা এটি কালজয়ী গীতৰ কথা আছিল এনেধৰণৰ -“জীৱনে মৰণে মই চিৰদিন অসমীয়া/অসমীয়া দেহে প্ৰাণে মই/জীয়াই থাকোতে মই অসমৰে অসমীয়া/মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ/অসমৰ হকে যুঁজি অসমৰ হকে মৰো/ধৰ্ম মোৰ জাতি মোৰ/অসমীয়া প্ৰাণৰ আপোন/অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ/অসম প্ৰকৃতিয়ে ৰচা/চিনি পাম বুজি পাম/অমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া”

কণ্ঠশিল্পী সংগীতা বৰঠাকুৰৰ কণ্ঠত গীতটিয়ে ইমান সুন্দৰকৈ প্ৰাণ পাই উঠিছে যে এই চিৰসেউজ গীতটিয়ে প্ৰতিজন অসমীয়াৰ জাতীয় চেতনাক উদ্ধুদ্ধ কৰি দেশপ্ৰমৰ ব্যাকুলতাৰে নিশ্চয় সৰগীয় অনুভৱলৈ লৈ যাবলৈ সক্ষম হৈছে৷ প্ৰতিজন অসমীয়াই বুকুত হাত থৈ নিশ্চয় ক’ব- জীৱনে মৰণে আমি চিৰদিন অসমীয়া৷ প্ৰাণৰ আপোন এই অসমৰ অস্তিত্ব ৰক্ষাৰ হকে, ভাষাৰ হকে, সাহিত্যৰ হকে আমি চিৰদিন যুঁজ দি যাম৷

আজিৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটত এটি শংকামূলক প্ৰশ্ন প্ৰায়েই উত্থাপন হয় যে – অসমীয়া ভাষা-সাহিত্য সংকটৰ গৰাহত নেকি? ৰঘুমলাৰ দৰে বাঢ়ি অহা ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ, নৱপ্ৰজন্মৰ মুখত অসমীয়া-ইংৰাজী-হিন্দী মিহলি মাত-কথা, ইণ্টাৰনেটৰ প্ৰতি আসক্তি তথা পাঠ্যক্ৰমৰ কিতাপৰ বাদে বাহিৰা কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহহীনতা, বাংলাদেশী অনুপ্ৰৱেশকাৰী আদি সমস্যাসমূহেই এই শংকামূলক প্ৰশ্ন উত্থাপনৰ কাৰণ নেকি বুলি ভবাৰ থল আছে নেকি?

 অলপতে এজন ককাইদেৱে ৰগৰ (ব্যঙ্গ) কৰি কৈছিল – “নব্বৈ দশকত জন্ম লাভ কৰা যি সকলে ভাষা-সাহিত্য চৰ্চ্চা কৰি আহিছে তেওঁলোকৰ ভিতৰত ভাল লিখা সকলে “প্ৰতিষ্ঠিত সাহিত্যিক” নামটোৰ অধিকাৰী অতি সোনকালেই হ’ব পাৰিব৷ তাৰপিছত আৰু আমি কোনো নতুন “প্ৰতিষ্ঠিত সাহিত্যিক” দেখিবলৈ নাপাম কিয়নো তাৰপিছৰ প্ৰজন্মৰ বেছিভাগেই ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰা আৰু সাহিত্য চৰ্চ্চা কৰিলেও ইংৰাজীতেই কৰিব৷ ” ককাইদেউৰ কথাখিনি ৰগৰ হ’লেও কৰবাত যেন সত্যতা নিহিত আছে তেনে লগাৰ লগতে এটি শংকামূলক ভৱিষ্যতৰ ছবি এখনি মনলৈ ভাঁহি নহাকৈ থকা নাই৷ আজিৰ প্ৰজন্মৰ বহু ল’ৰা-ছোৱালীয়ে ভালকৈ অসমীয়া কিতাপ পঢ়িব নোৱাৰে, শুদ্ধকৈ অসমীয়া ক’ব নোৱাৰে তেনেস্থলত অসমীয়া ভাষা-সাহিত্য সংকটৰ গৰাহত বুলি ভবাৰ থল নিশ্চয়কৈ বিচাৰি পোৱা যায়৷ আজিৰ বেছিভাগ শিশুৱেই “জোন বাই এ বেজী এটি দিয়া”, “পাৰ চৰাই উৰি গ’ল পালে নদীৰ পাৰ” বুলি গোৱাৰ পৰিৱৰ্তে “টুইংকল টুইংকল লিটল ষ্টাৰ”, “জনি জনি য়েছ পাপা” হে গাই থকা শুনা যায়৷ সঁচাকৈয়ে ককাইদেৱে কোৱাৰ দৰে নব্বৈ দশকৰ পিছৰ প্ৰজন্মৰ মাজৰ পৰা অসমীয়া ভাষা-সাহিত্য ৰক্ষা কৰিব পৰাকৈ আমি অসমীয়া সাহিত্যৰ কাণ্ডাৰী নাপাম নেকি? কথাবোৰ নেতিবাচকভাৱে চিন্তা কৰিলে সঁচাকৈয়ে মনত শংকা উপজে৷ এনে এক শংকামূলক পৰিৱেশত অসমীয়া ভাষা-সাহিত্যৰ সোণালী ইতিহাস সোঁৱৰি জাতীয় চেতনাক জাগ্ৰত কৰি সমস্যাসমূহৰ উপায় উদ্ভাৱনৰ চিন্তা-চৰ্চা কৰাৰ সময় সমাগত৷

আধুনিক অসমীয়া সাহিত্যৰ ইতিহাসৰ পাত লুটিয়ালে দেখা পোৱা যায় যে – ইংৰাজৰ শাসনকালত বংগদেশৰ পৰা অহা বঙালী লোকসকলৰ প্ৰৰোচনাত অসমৰ স্কুল, অফিছ-কাছাৰী, আদালতত বঙালী ভাষাৰ প্ৰচলন হৈছিল৷ এই ভাষা চলিছিল সুদীৰ্ঘ প্ৰায় সাতত্ৰিশ বছৰ৷ সুদীৰ্ঘ সাতত্ৰিশ বছৰ অসমীয়া জাতিয়ে স্কুল-আদালতত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰিব লগা হৈছিল৷ এই সংগ্ৰামৰ গুৰি ধৰোঁতা আছিল অসমীয়া সুধী সমাজ আৰু সেইসময়তে খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ বাবে অহা আমেৰিকান মিছনেৰীসকল৷ আমেৰিকান মিছনেৰীসকলে অতি কম সময়ৰ ভিতৰতে বুজি উঠিছিল যে অনা-অসমীয়া মাত-কথাৰে অসমীয়া মানুহৰ মনৰ পথাৰত সোমোৱাটো সহজসাধ্য নহয়৷ তেওঁলোকে অসমৰ স্কুল-আদালতত অসমীয়া ভাষা পুনৰ প্ৰচলন কৰিবলৈ যুক্তিপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল আৰু অসমীয়া ভাষাৰ স্বতন্ত্ৰতা প্ৰমাণ কৰিবলৈ উঠি পৰি লাগিছিল৷ অসমীয়া ভাষাক বিপদমুক্ত কৰিবলৈ আগবাঢ়ি অহা এই বেপ্টিষ্ট মিছনেৰীসকলৰ ভিতৰত অন্যতম আছিল –ড° নাথান ব্ৰাউন, অলিভাৰ টি কাট্টাৰ, এলিজা ব্ৰাউন, ড° মাইল্ছ ব্ৰঞ্ছন, জেকব টমাছ আদি৷ তেওঁলোকে অশেষ পৰিশ্ৰমেৰে অসমীয়াৰ জাতীয় জীৱনৰ কৰুণ অধ্যায় এটাৰ শুভ পৰিবৰ্তন ঘটায়৷ অসমীয়া মানুহখিনিৰ আত্মচৈতন্যক জগাই তুলিবৰ বাবে ১৮৪৬ চনত শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা “অৰুণোদই” নামৰ অসমীয়া সাহিত্যৰ প্ৰথম মাহেকীয়া আলোচনী প্ৰকাশ হয়৷ আলোচনীখনৰ প্ৰথম সম্পাদক আছিল ড° নাথান ব্ৰাউন৷ অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা, প্ৰসাৰ, প্ৰচলন তথা আধুনিক অসমীয়া ভাষাৰ সাহিত্যিক প্ৰতিষ্ঠাত আমেৰিকান মিছনেৰীসকলৰ যি অৱদান সেই অৱদানৰ কথা অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত কৃতজ্ঞতাৰে আৰু সোণালী আখৰেৰে লিখি থোৱা আছে৷

এই “অৰুণোদয় যুগ”ৰে অসমীয়া সাহিত্যিকসকল আছিল আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ গোস্বামী আদি৷ সেইসময়ত অসমত উচ্চশিক্ষাৰ অনুষ্ঠান নথকাৰ বাবে অসমীয়া ছাত্ৰসকল উচ্চশিক্ষা লাভৰ বাবে কলিকতালৈ যাব লগা হৈছিল৷ উনবিংশ শতিকাৰ নব্বৈ দশকত কলিকতালৈ উচ্চশিক্ষা লাভৰ বাবে গৈছিল চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা, হেমচন্দ্ৰ গোস্বামী আদি ছাত্ৰসকল৷ এই ছাত্ৰসকলেই ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধনী সভা, চমুকৈ অ: ভা: উ: সা: গঠন কৰি পাছৰ বছৰত অৰ্থাৎ ১৮৮৯ চনত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ সম্পাদনাত “জোনাকী” নামৰ এখন কাকত প্ৰকাশ কৰে৷ এই কাকতখনৰ লগত প্ৰথম অৱস্থাৰ পৰাই জড়িত আছিল চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঞি বৰুৱা, লম্বোদৰ বৰা, সত্যনাথ বৰা, আনন্দ চন্দ্ৰ আগৰৱালা, কনকলাল বৰুৱা আদি ছাত্ৰসকল৷ “জোনাকী”ৰ আত্মকথাত উদ্দেশ্য সম্পৰ্কে লিখা আছিল এনেকৈ – “এই পাছ পৰি থকা আন্ধাৰ দেশলৈ অলপ জোনাক সুমুৱাব নোৱাৰিলেও, যদি নিজে নিজেও যত্নৰ ফিৰিঙ্গতিৰ পোহৰত বাট পাওঁ তেন্তে আমাৰ শক্তিৰ মিচা ব্যয় হোৱা নাই বুলি ভাবিম৷ আমি যুঁজিবলৈ ওলাইছো আন্ধাৰৰ বিপক্ষে৷ উদ্দেশ্য- দেশৰ উন্নতি, জোনাক৷ ” এই জোনাকী যুগৰ লেখকসকলেই অসমীয়া ভাষাক বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰি গ’ল৷ জোনাকী যুগৰ পিছত আৱাহন যুগৰ লেখকসকলে অসমীয়া ভাষাৰ শৈলীত নতুনত্বৰ সম্ভেদ দিলে৷ আৱাহন যুগৰ পিছতেই যুগ সৃষ্টিকাৰী আলোচনী “ৰামধেনু”ৰ প্ৰকাশ হ’ল৷ ৰামধেনু যুগ বা স্বাধীনোত্তৰ যুগৰ লেখকসকল আছিল ক্ৰমে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যোগেশ দাস, চৈয়দ আব্দুল মালিক, হোমেন বৰগোহাঞি, নিৰুপমা বৰগোহাঞি, ড° মামনি ৰয়ছম গোস্বামী, ড° ভৱেন্দ্ৰনাথ শইকীয়া, ড° হীৰেন গোহাঁই, ড° নিৰ্মল প্ৰভা বৰদলৈ, ড° নগেন শইকীয়া আদি লেখকসকলৰ অৱদানে অসমীয়া ভাষাক সৰ্বভাৰতীয় পৰ্যায়ত চহকী ৰূপে প্ৰতিষ্ঠা কৰিলে৷ ৰামধেনু যুগৰ পিছতেই সাম্প্ৰতিক যুগৰ লেখকসকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, মণিকুন্তলা ভট্টাচাৰ্য, অনুভৱ তুলসী আদি সাহিত্যিকসকলৰ নাম ল’ব পাৰি৷ তদুপৰি বৰ্তমান ডিজিটেল মাধ্যমত অসমীয়া ভাষা-সাহিত্যৰ বহুল ভাৱে প্ৰচাৰ হ’বলৈ আৰম্ভ হৈছে৷ চছিয়েল মাধ্যম ফে’চবুকত অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ-প্ৰসাৰৰ মূল উদ্দেশ্য লৈ গঠন হোৱা কেইটিমান জনপ্ৰিয় গোট “অসমীয়াত কথা বতৰা”, “আখৰুৱা”, “অৰ্দ্ধ আকাশ”, “ফটাঢোল” আদি অন্যতম৷ “অসমীয়াত কথা বতৰা” গোটৰ পৰা প্ৰকাশিত তথা বহুলভাৱে প্ৰচাৰিত মানসম্পন্ন ই-আলোচনী “সাহিত্য ডট অৰ্গ”, “ফটাঢোল” গোটৰ পৰা প্ৰকাশিত মানসম্পন্ন ব্যঙ্গ ই-আলোচনী “ফটাঢোল”,মানসম্পন্ন ই-আলোচনী ক্ৰমে “এনাজৰী ডট কম”, “আই”,”গণিত চৰা” আদিয়ে ডিজিটেল বিশ্বত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত বহুলভাৱে অৰিহণা যোগাই আহিছে৷ ২০০৬ চনমানত নেদাৰলেণ্ড নিৱাসী অৱসৰপ্ৰাপ্ত অসমীয়া অভিযন্তা ৱাহিদ ছালেহ আৰু তেওঁৰ সহযোগী সকলে ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ বাবে কিবা এটা কৰাৰ উদ্দ্যেশ্যে “ই-জোনাকী যুগ” বুলি এটি প্ৰচেষ্টা হাতত লৈছিল৷ সঁচাকৈয়ে তেতিয়াই যেন “ই-জোনাকী যুগ”ৰ সূচনা হ’ল৷ গতিকে নীৰৱচ্চিন্নভাৱে আধুনিক অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰজন্মৰ পিছত প্ৰজন্মই কৰি অহা আশাশুধীয়া প্ৰচেষ্টাই আমাক নিশ্চয় হঠাতে মনলৈ অহা শংকাৰ পৰা মুক্ত কৰিব আৰু উঠি অহা প্ৰজন্মক অসমীয়া ভাষা-সাহিত্য জীয়াই ৰাখিবলৈ দায়বদ্ধ কৰিব৷ উঠি অহা প্ৰজন্মৰ পৰা আমি নিশ্চয় পুনৰ একোজন আনন্দৰাম ঢেকিয়াল ফুকন, লক্ষ্মীনাথ বেজবৰুৱা, নলিনীবালা দেৱী আদিৰ দৰে সাহিত্যৰ কাণ্ডাৰী আশা কৰিব পাৰিম৷

বৰ্তমান সঘনাই উত্থাপিত হোৱা “অসমীয়া ভাষা-সাহিত্য সংকটৰ গৰাহত নেকি?”- এই প্ৰশ্নৰ সমাধান স্বৰূপে অসমীয়া ভাষা-সাহিত্য জীয়াই ৰখাৰ প্ৰচেষ্টাতে কিছুমান প্ৰকল্প হাতত ল’বলৈ পৰিকল্পনা তথা বাস্তৱৰূপায়নৰ বাবে বিজ্ঞজনে চিন্তা-চৰ্চা কৰিব পাৰে , যেনে – মাতৃভাষাৰ প্ৰশিক্ষণ, নিজৰ ভাষাৰ প্ৰতি দায়বদ্ধতাৰ অনুশীলন, বেচৰকাৰীখণ্ডৰ বিদ্যালয়সমূহৰ অসমীয়া ভাষাৰ বহুল প্ৰচলন, চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ উন্নতিকৰণ, অসমীয়া মাধ্যমৰ দ্বাৰা উচ্চশিক্ষা লোৱাৰ ব্যৱস্থা ইত্যাদি৷ তাৰোপৰি অসমৰ জনগোষ্ঠীয় থলুৱা ভাষাসমূহৰ চৰ্চাৰ পৰিৱেশ এটি গঢ়ি তোলা যাতে থলুৱা ভাষাসমূহৰ প্ৰচাৰ-প্ৰসাৰ আৰু সমৃদ্ধ হোৱাৰ লগতে মূল অসমীয়া ভাষাটোও চহকী হ’ব পাৰে৷

শেষত, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ এটি উক্তিৰে সম্পাদকীয় লেখাটি সামৰিলোঁ-

“বিশ্ব সংসাৰ আৰু বিশ্ব মানৱতাক মই সম্পূৰ্ণৰূপে হৃদয়ত ধাৰণ কৰিব নোৱাৰোঁ৷ সেইদেখি বিশ্বভূমি আৰু বিশ্বভাবৰ একাংশ – মোৰ মাতৃভূমি আৰু মাতৃভাষাকে মহাসত্যৰূপে মই উপাসনা কৰি আছোঁ৷ … মোৰ মাতৃভাষাৰ সেৱাই মোৰ মহাকাৰ্য৷ ”


বিনম্ৰতাৰে,

সাহিত্য ডট অৰ্গৰ সম্পাদনা সমিতিৰ হৈ,

(মৌচুমী বৰি)

304 views0 comments