top of page

গ্ৰীটিংচ কাৰ্ডৰ কথা


চাওঁতে চাওঁতে ইংৰাজী' ২০২৩ বৰ্ষটোৱে মেলানি মাগিবৰ বাবে যো-জা কৰিলে। মনলৈ ভাব আহিছে - সঁচাই সময়বোৰ পাখি লগা কাঁড়ৰ দৰে গতিশীল। এৰা, এনেকৈয়ে ইংৰাজীবৰ্ষবোৰে সময়ৰ বোকোচাত উঠি মেলানি মাগে।

শৈশৱত বছৰৰ শেষৰটো মাহ পালেহিয়েই আমাৰ গ্ৰীটিংচ কাৰ্ড দিয়া আৰু লোৱাৰ ধুম উঠিছিল। ডিচেম্বৰ মাহৰ পৰাই বজাৰত গ্ৰীটিংচ কাৰ্ড বিক্ৰী হোৱা আৰম্ভ হৈছিল। আমি গ্ৰীটিংচ কাৰ্ড নিজেও ঘৰত বনাইছিলো লগতে বজাৰৰ পৰাও কিনি আনিছিলোঁ। কাক কাক গ্ৰীটিংচকাৰ্ড দিব লাগিব মনৰ মাজত এখন তালিকা প্ৰস্তুত হৈয়েই আছিল। দূৰদূৰণিত থকা সম্বন্ধীয় দাদা, বন্ধুসকলে ডাকত গ্ৰীটিংচ কাৰ্ড পঠাইছিল আৰু আমি ডিচেম্বৰমাহৰ ২০ তাৰিখমানৰ পৰাই গ্ৰীটিংচ কাৰ্ড পাইছিলো লগত নিজেও দিয়া আৰম্ভ কৰিছিলোঁ। গ্ৰীটিংচ কাৰ্ড দিয়া-লোৱাৰ এই অভিজ্ঞতাখিনি কি যে আনন্দৰ আছিল সেয়া ভাষাৰে প্ৰকাশ কৰিবলৈকে আজি অক্ষম হৈছোঁ। মোৰ দহবছৰমান বয়সত প্ৰথম গ্ৰীটিংচকাৰ্ড হাতেৰে বনাবলৈ শিকিছিলো। তেতিয়া অনুভৱখিনি এনেকুৱা আছিল যে বছৰৰ প্ৰতিটো দিনেই নতুন বছৰ। সেয়ে যেতিয়াই মন যায় তেতিয়াই গ্ৰীটিংচ কাৰ্ড বনাই “নতুন বছৰৰ শুভেচ্ছা থাকিল” বুলি লিখি আমাৰ ঘৰত ভাড়াকে থকা বাইদেউ দুগৰাকীৰ কিতাপৰ মাজত সোমোৱাই থৈ আহিছিলো । তেওঁলোকে মোৰ পৰা বাৰমাহে বাৰখনমান গ্ৰীটিংচ কাৰ্ড পাইছিল। সেইকথা মনত পেলাই এতিয়া তেওঁলোকে হাঁহে, মোৰে হাঁহি উঠে। মবাইল ফোন আৰু ইন্টাৰনেটৰ পয়োভৰ নোহোৱালৈকে গ্ৰীটিংচকাৰ্ডৰ দিয়া-লোৱা সকলোৰে মাজত চলিয়েই আছিল। কিন্তু ইন্টাৰনেটৰ বহুল ব্যৱহাৰ হোৱাৰ পিছৰে পৰা হাতে লিখা চিঠি নাইকিয়া হোৱাৰ দৰে গ্ৰীটিংচ কাৰ্ডৰ উৎসাহ-অনুভৱবোৰ হেৰাই গ’ল। এতিয়া আৰ্চিছ গেলাৰীত গ্ৰীটিংচ কাৰ্ড দেখা পালে মানুহৰ হাতৰ স্পৰ্শ নোপোৱা ধূলিময় হৈ থকা দেখা পোৱা যায়।

গ্ৰীটিংচকাৰ্ড মানেই ইজনে সিজনলৈ পঠিওৱা শুভবোধ। আহিবলগা বছৰটো সফল হওক, শুভ হওক -এয়াই ইজনৰ প্ৰতি সিজনৰ ওচৰত প্ৰাৰ্থনা। সঁচাই, এয়া কি যে এক ভাল লগা আবেগ। এই শুভবোধেই পৃথিৱীখন জীয়াই ৰাখিছে। মৰম, বিশ্বাস, আশীৰ্বাদ - এই শব্দবোৰ আছে বাবেই পৃথিৱীত শান্তি বৰ্তি আছে।

জীৱনত আশীৰ্বাদ লাভ কৰা দুটা অভিজ্ঞতাই আজিও মনটো ভাল লগাই তোলে। এবাৰ আমাৰ এটা লেখা বাতৰিকাকতত প্ৰকাশ হৈছিল। লেখাটো আছিল প্ৰসিদ্ধ লেখক নৰমান ভীনচেন্ট পীলেৰ বহুল জনপ্ৰিয় কিতাপ “Power of positive thinking” ৰ এটি পৰ্যালোচনা। লেখাটো প্ৰকাশ হোৱাৰ লগে বহুজন পাঠকৰ লগতে এজন ষাঠীৰ উৰ্ধৰ লোকে আমাক লেখাটো পঢ়ি ভাল পোৱা বুলি জনাইছিল। সিমানতে কথাবোৰৰ সামৰনি পৰিল বুলি ভাবি আছিলো কিন্তু লেখাটো প্ৰকাশ হোৱাৰ এবছৰৰ পাছত সেই ব্যক্তিজনে আমালৈ ফোন কৰি জনালে যে তেওঁ আমাক “আশীৰ্বাদ” দিবৰ বাবে ফোন কৰিছে। সেই লেখাটোৱে তেওঁৰ অন্ধকাৰময় জীৱনটো এনেধৰণে সলাই পেলাইছে যে অন্তৰত কৃতজ্ঞতা আৰু আশীৰ্বাদৰ ভাষা লৈ তেওঁ ফোনত ক'লে যে কথাবোৰ নজনালে তেওঁৰ জীৱনটো যেন আধৰুৱা হৈ ৰ’ব। সেয়ে আমাৰো জীৱনটো সুন্দৰ,শুভ হোৱাৰ আশীৰ্বাদ দি তেওঁ ফোনটো কাটি দিলে। আবেগত আমাৰ চকুপানী ওলাই আহিছিল। ইটো অভিজ্ঞতা আছিল - কটকী দাৰ । LIC ত আমাৰ যিমান একাউন্ট আছে সকলো কটকীদাই খুলি দিয়া। পিছলৈ কটকীদাই এনেকুৱা কৰিছিল যে আমাৰ একাউন্ট খুলিবলৈ মন নগ’লেও একাউন্ট খুলি দিব বিচাৰিছিল । কটকীদাৰ বয়সো আছিল সত্তৰ চুওঁ চুওঁ কৰা। এবাৰ নতুন বছৰৰ এক তাৰিখে আমালৈ কটকী দাৰ ফোন আহিল। আমি ভাবিলো - কটকীদাই LIC ত একাউন্ট খোলাবলৈ ফোন কৰিছে। আমি নুখুলো কম বুলি সাজু হ’লো আৰু ফোনটো ধৰিলোঁ। কটকী দাই ফোনত যিষাৰ কথা ক’লে থৰ হৈ ৰৈ গ’লো। কটকীদাই ক’লে- “তোমালোক পৰিয়ালৰ সকলোকে আশীৰ্বাদ দিবৰ বাবে মই ফোন কৰিছোঁ। তোমালোকে সদায় সুখী হোৱা, হাঁহি থাকা। তোমালোকৰ ভাল হওক।” - এইবুলি কৈ কটকী দাই ফোনটো থৈ দিলে। - “আশীৰ্বাদ” পোৱা এই দুটা সোনসেৰীয়া অভিজ্ঞতা আমাৰ বুকুত যেন চিৰদিনলৈ খোদিত হৈ ৰ’ল।

সকলোলৈকে আহিবলগা নৱবৰ্ষৰ অফুৰন্ত শুভেচ্ছা জনাই আজিৰ সম্পাদকীয় সামৰিছোঁ। সকলোৰে জীৱন শুভ, সুন্দৰ, মংগলময় হওক - এয়ে পৰমপিতাৰ ওচৰত প্ৰাৰ্থনা।



মৌচুমী বৰি

2 views0 comments

Recent Posts

See All

Comments


bottom of page