top of page

"বৰ্তমানত জীয়াই থাকোঁ আহক"

"সেইজনেই সুখী

যি আজিৰ দিনটোক নিজৰ বুলি ক'ব পাৰে৷

তেওঁৱেই শ্ৰেষ্ঠ - যিজনে কয় -

আহিব লগা বিপদক ভয় নকৰোঁ কাৰণ আজিয়েই জীয়াই আছোঁ "

- ৰোমান কবি হোৰেছ



ree

বিশ্ববিখ্যাত "জন হপকিনছ স্কুল অৱ মেডিচিন"ৰ পৰিচালক তথা অক্সফোৰ্ডৰ ৰেজিয়াচ অধ্যাপক চাৰ উইলিয়াম অচলাৰ যেতিয়া চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল, তেওঁ শেষ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কি কৰিম,ক'ত যাম,ডাক্তৰী পেচা কেনেকুৱা হ'ব, কেনেকৈ তেওঁ জীৱিকা অৰ্জন কৰিব আদিবোৰ ভাবি প্ৰায়ে উদ্বিগ্ন হৈ থাকিছিল৷ সেয়া আছিল ১৮৭১ চনৰ কথা৷ এনেকৈ তেওঁ উদ্বিগ্নতাত ভূগি থাকোঁতে বিদ্বান পণ্ডিত টমাছ কাৰ্লাইলৰ এশাৰী বিখ্যাত উক্তি পঢ়িবলৈ পালে৷ সেই উক্তিয়ে তেওঁৰ জীৱনেই সলনি কৰি দিলে ৷ সেই উক্তিশাৰী আছিল - " আমি দূৰৈৰ মনিব নোৱাৰা কোনো বস্তুৰ প্ৰতি মনোযোগ দিয়াতকৈ আমাৰ নিচেই কাষতে স্পষ্ট হৈ থকা বস্তুবোৰৰ প্ৰতিহে মনোযোগ দিয়া উচিত৷" এই উক্তিষাৰেই হৈ পৰিছিল ডাক্তৰ অচলাৰৰ জীৱনৰ সাফল্যৰ মূলমন্ত্ৰ আৰু তেওঁ পিছলৈ সেই সময়ৰ সৰ্বশ্ৰেষ্ঠ চিকিৎসক হিচাপে জনাজাত হৈছিল৷ তেওঁ "বৰ্তমানটোত জীয়াই থকা" কথাষাৰিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল আৰু নিজৰ ছাত্ৰ-ছাত্ৰীসকলকো সেই শিক্ষাই দিছিল৷ তেওঁ কৈছিল যে অতীত আৰু ভৱিষ্যতৰ কথা ভাবি উদ্বিগ্ন হোৱাৰ কোনো অৰ্থ নাই৷ বৰ্তমানটোত সুন্দৰ ভাৱে জীয়াই থকাৰ কলা আহৰণ কৰিব পাৰিলেই আমি আমাৰ জীৱনটোক সুন্দৰ আৰু সফল কৰি তুলিব পাৰোঁ৷


নিউইয়ৰ্কৰ ষ্টক একচেঞ্জৰ তালিকাভূক্ত ইভানছ প্ৰডাক্ট কোম্পানীৰ প্ৰেছিডেন্ট এডৱাৰ্ড ইভানছে দৰিদ্ৰতাৰ মাজত ডাঙৰ হৈছিল৷ প্ৰথমে তেওঁ বাতৰি কাকত বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল৷ তাৰপিছত গেলামালৰ দোকানত কাম কৰিছিল৷ তেওঁ এটা পুথিভঁৰালতো চাকৰি কৰিছিল৷ পিছলৈ তেওঁ ব্যৱসায় আৰম্ভ কৰে কিন্তু ব্যৱসায়ত দেউলীয়া হয়৷ এনে এক দেউলীয়া অৱস্থাত তেওঁ মানসিক অস্থিৰতাত ভূগে ৷ খাবলৈ,শুবলৈ নোৱাৰা হয়৷ এদিন তেওঁ বাটেদি গৈ থাকোঁতে হঠাতে সংজ্ঞা হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে৷ লাহে লাহে তেওঁ শয্যাশায়ী হৈ পৰে৷দিন-ৰাতি শয্যাত পৰি থকা ইভানছৰ গোটেই শৰীৰত ফোঁহা উঠে৷ চিকিৎসকে তেওঁক মৃত্যুৰ ঘন্টাৰ খবৰ দিয়ে যে তেওঁ আৰু দুসপ্তাহমানহে বাছি থাকিব৷ মৃত্যু নিশ্চিত বুলি জানি প্ৰথমে তেওঁ পুনৰ উদ্বিগ্ন হৈ পৰে যদিও হঠাতে তেওঁৰ মনটো পাতল পাতল লাগিবলৈ আৰম্ভ কৰে৷ মৃত্যু যেতিয়া নিশ্চিত - উদ্বিগ্ন হৈ লাভ কি? উদ্বিগ্নতাত দিনৰ পিছত দিন টোপনি নহা ইভানছৰ হঠাতে গভীৰ টোপনি আহে৷ গভীৰ টোপনিয়ে তেওঁৰ মনৰ সকলো ক্লান্তি দূৰ কৰে৷ তেওঁৰ নতুনকৈ ভোক লাগিবলৈ ধৰে আৰু ভালদৰে খোৱাৰ বাবে তেওঁৰ ভগ্নস্বাস্থ্য ক্ৰমাৎ ভাল হয়৷এদিন তেওঁ বিচনাৰ পৰা উঠি খোজ কাঢ়িব পৰা হয় আৰু কাঠৰ টুকুৰা বিক্ৰী কৰা কাম এটাত সোমায়৷তেওঁ অতীত আৰু ভৱিষ্যতৰ কথা নাভাবি নিজৰ সমস্ত শক্তি আৰু আগ্ৰহ সেই কাঠৰ টুকুৰা বিক্ৰী কৰাতে লগাবলৈ ধৰিলে৷ তেওঁৰ সেই কামৰ দ্ৰুত উন্নতি হৈ খুব কম সময়তে ইভানছ কম্পেনীৰ প্ৰেচিডেন্ট হৈ পৰে৷ ইভানছৰ এই দ্ৰুত উন্নতিৰ মূলতে আছিল বৰ্তমানত পূৰ্ণোদ্যমে জীয়াই থকা৷


আহকচোন, আমিও আজিৰ দিনটোৰ বাবে পূৰ্ণশক্তিৰে জীয়াই থাকোঁ৷


@মৌচুমী বৰি


 
 
 

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.
bottom of page