top of page

“মনৰ নিজানত - পোহৰমুখী যাত্ৰাৰ এখন মননশীল উপন্যাস “

Writer: Mousumee BoriMousumee Bori

“মনৰ নিজানত - পোহৰমুখী যাত্ৰাৰ এখন মননশীল উপন্যাস “

“মনৰ নিজানত - পোহৰমুখী যাত্ৰাৰ এখন মননশীল উপন্যাস “

মনৰ নিজানত বহু কথাই ভাবিব পাৰি।ভাবিব পাৰি দ্বিধা, দ্বন্দ, সুখ-দুখ, জয়-পৰাজয়, প্ৰেম-ভালপোৱা আদি বহু কথা।

মনৰ নিজানত বহি মানুহ নিজৰেই শ্ৰেষ্ঠ বন্ধু হৈ পৰে। মনৰ নিজানত বহি হিয়া উজাৰি কান্দিব পাৰি, প্ৰেমৰ সততাৰ পৰশেৰে দুই ওঁঠত গুজি ল’ব পাৰি মুকুতাহেন হাঁহিৰ পৰশ।

কাকলি ৰাজনন্দিনী! বিশিষ্ট লেখিকা মৌচুমী বৰিৰ নৱতম উপন্যাসৰ নায়িকা কাকলি ৰাজনন্দিনী!! জীৱনলৈ নামি অহা কালধুমুহাত চটফটাই থকা এগৰাকী নাৰী, যি গৰাকী নাৰীৰ অকলশৰীয়া জীৱনৰ সুযোগ ল’ব বিচাৰে কিছুমান সুবিধাবাদীলোকে।

মনত চলি থকা অপাৰ সংশয়, আঘাত, যুঁজ-বাগৰৰ অন্তত কাকলি ৰাজনন্দিনীয়ে বিচাৰি পায় এটি পোহৰৰ বাট।

মনৰ নিজানত - পোহৰমুখী যাত্ৰাৰ এখন সুন্দৰ মননশীল উপন্যাস। ই-কলম অসম প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে এই উপন্যাসখনি । আপোনাৰ কপিটো পাবৰ বাবে যোগাযোগ কৰিব পাৰিব। কিতাপখনৰ মূল্য ১২০ টকা মাত্ৰ।

 
 
 

Comments


bottom of page