"সন্তান আৰু ভৱিষ্যৎ"

জাৰ্মান শিক্ষাবিদ তথা শিশু মনোবিদ ফ্ৰবেলে কৈছিল - "মানুহৰ জীৱনৰ আটাইতকৈ মহান লক্ষ্য আৰু উদ্দেশ্য হৈছে- আহক,আমি শিশুসকলৰ বাবেই জীয়াই থাকোঁ৷"


" এনেকৈ পঢ়ে নেকি গাধ'৷ তই যে ডাঙৰ হৈ মানুহ হৈ খাবি, মোৰ নালাগে৷ " - মাকে দহবছৰীয়া ল'ৰাটোক ৰাতিপুৱা গালি পাৰি পাৰি সদায় পঢ়ায়৷ মাজে মাজে চৰ-ভুকু দিয়া শব্দও শুনা পোৱা যায়৷ এয়া মোৰ স্কুলীয়া দিনৰ আমাৰ ঘৰৰ কাষৰ দৈনন্দিন দৃশ্য৷


কথাখিনি প্ৰায়ে মনত পৰি থাকে৷ বেয়া লাগে৷ এনেকৈ ল'ৰা-ছোৱালী পঢ়ুৱাব লাগে জানো? কুকুৰ,গাধ' আদি শব্দৰ প্ৰয়োগ নকৰাকৈ পঢ়ুৱাব নোৱাৰিনে? চৰ-ভুকু দিলেহে সন্তান পঢ়াত চোকা হ'ব তেনে কথা সত্য জানো?


আমি পাহৰি যাব নালাগে যে প্ৰতিজন শিশুৰে আত্মসন্মান আছে৷ তাৰোপৰি গালি-শপনি শুনি কাৰনো ভাল লাগে? আমাৰ ডাঙৰসকলৰেই গালি-শপনি শুনি ভাল নালাগে তেনেক্ষেত্ৰত এটি কুমলীয়া মনৰ শিশুৰ ওপৰত বেয়া মাতৰ গালি-শপনিয়ে কেনে প্ৰভাৱ পেলাব পাৰে সেয়া চিন্তনীয়৷গালি-শপনি,মাৰ-ধৰ আদিৰ পৰিৱৰ্ত্তে সন্তানৰ লগত বন্ধুত্বসুলভ আচৰণ কৰিলেহে সন্তানে মনৰ সুখ-দুখৰ সকলো খবৰ নিজৰ অভিভাৱকৰ ওচৰত মুকলিকৈ ক'বলৈ মন যোৱাৰ লগতে অন্তৰৰ বান্ধোনো গাঢ় হ'ব৷ যদি সন্তানৰ দোষ দেখুৱাই অনবৰত দোষাৰোপেই কৰি থকা হয় তেন্তে তেনে সন্তানে হয়তো অভিভাৱকৰ মনৰ পৃথিৱীৰ পৰা বহুদূৰলৈ গুচি যাব পাৰে৷ গতিকে সন্তানক মনৰ পৃথিৱীখনৰ পৰা হেৰুওৱাৰ আগতেই মৰমেৰে,বন্ধুত্বসূলভ আচৰণেৰে সন্তানৰ মনৰ দুৱাৰ অভিভাৱকৰ বাবে সদায় খোলা ৰাখিব পৰাকৈ অভিভাৱকসকল সজাগ আৰু সতৰ্ক হোৱা উচিত৷

অৱশ্যে এইকথা নিশ্চয় নহয় যে সন্তানক

শাসন কৰিব নালাগে৷ প্ৰয়োজনত নিশ্চয় কঠোৰ শাসনৰো দৰকাৰ হ'ব কিন্তু শিশুটিৰ আত্মসন্মানত আঘাত লগাকৈ মাৰ-ধৰ কৰা,ঋণাত্মক কথাৰে তাৰ মনত হতাশাবোধৰ সৃষ্টি কৰা আদি কথাবোৰ শিশুৰ সুস্থবিকাশত গ্ৰহণযোগ্য নিশ্চয় হ'ব নোৱাৰে৷


আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ Motivational speaker বি কে শিৱানীৰ এটি ভিডিঅত শুনিবলৈ পাইছিলো যে আমি শিশু এটিক যিদৰে ভাল হোৱাটো বিচাৰো ঠিক তেনেকৈয়ে শিশুটিৰ বিষয়ে ভাবিব লাগে৷ শিশুটিৰ ঋণাত্মক দিশবোৰৰ বিষয়ে চিন্তা কৰি হা-হুমুনিয়াহ কাঢ়ি থকাতকৈ শিশুটিৰ চৰিত্ৰৰ বিশিষ্টতা, তাৰ মাজত থকা ধনাত্মক দিশবোৰ বিচাৰি উলিয়াই সেইবোৰৰ কি দৰে বিকাশ সাধন কৰিব লাগে তাৰ ওপৰতহে গুৰুত্ব দিয়া উচিত৷


তাৰোপৰি বহুসময়ত দেখা যায় যে অভিভাৱকে আনৰ ল'ৰাই আমুক কৰিছে,দেখিছনে? তহঁত যে কি!! -এনেকুৱা ধৰণৰ তুলনামূলক বাক্য সন্তানলৈ নিক্ষেপ কৰা দেখা যায়৷ এই কথাইও সন্তানৰ মানসিক বিকাশত প্ৰচুৰ ক্ষতি সাধন কৰে৷


ভৱিষ্যৎ জীৱনৰ লক্ষ্যৰ ক্ষেত্ৰখনতো সন্তানৰ মনত অত্যাধিক চাপ দিয়া উচিত নহয়৷ ভৱিষ্যতে তুমি "আমুক" হ'বই লাগিব, "আমাৰ সপোন পূৰাবই লাগিব" - এনেধৰণৰ বাক্যই সন্তানৰ কোমল মনৰ প্ৰচুৰ ক্ষতিসাধন কৰে৷ সন্তানটিয়ে নিজৰ অভিভাৱকক ভালপোৱাৰ গইনা লৈয়েই তেওঁলোকৰ সপোন পূৰাবলৈ হয়তো চেষ্টা কৰে কিন্তু যেতিয়া সেই সপোনে সাকাৰ ৰূপ নলয় তেনেক্ষেত্ৰত কিছুমান সন্তান অত্যাধিক হতাশাৰ বলি হৈ আত্মহত্যা কৰিবলৈও কুন্ঠাবোধ নকৰে৷ কিছুমান সন্তানে হয়তো ওৰেটো জীৱন সপোন পূৰাব নোৱাৰাৰ দুখত দুখী হৈ অপৰাধবোধৰ স্বীকাৰ হয় যি কথাই পিছলৈ মানসিক ব্যাধিত পৰিণত কৰে৷


আজিকালিৰ ব্যস্ততাময় জীৱনত বহুতো অভিভাৱকে নিজৰ চাকৰি তথা কেৰিয়াৰ লৈ ইমানেই ব্যস্ত হ'ব লগা হয় যে সন্তানক সময় দিবলৈকে সময়ৰ অভাৱ হয়৷ সেই সন্তান বন কৰা ছোৱালী,আয়া আদিৰ লগতে খেলি-ধূলি ডাঙৰ হয়৷ সন্তানে ক'ব বিচৰা মনৰ কথাবোৰো মাক-দেউতাকৰ শুনিবলৈ সময় নাথাকে৷ সময় দিবলৈ সময় নথকা সময়ৰ অভাৱৰ বাবেই শিশুটিৰ ভয়ংকৰ ভৱিষ্যৎ এটাই যেন বাট চাই থাকে৷ আজিৰ যুৱ উচ্ছৃংখলতাৰ আঁৰত এয়াও এটা কাৰণ বুলি ভাবিব পাৰি৷


গতিকে সন্তানৰ সুস্থ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱক তথা সমাজ - সচেতন আৰু সজাগ হ'লে ভৱিষ্যত সুস্থ প্ৰজন্মেৰে সুস্থ সমাজৰ সপোন বাস্তৱ হোৱাৰ কথা নিশ্চয় ভাবিব পাৰি৷


জাৰ্মান শিক্ষাবিদ তথা শিশু মনোবিদ ফ্ৰবেলে কৈছিল - "মানুহৰ জীৱনৰ আটাইতকৈ মহান লক্ষ্য আৰু উদ্দেশ্য হৈছে- আহক,আমি শিশুসকলৰ বাবেই জীয়াই থাকোঁ৷"

43 views0 comments