top of page

“বমি”

“বমি”




হোমৰ গুৰিত দৰা-কইনা বহি আছে৷দুয়োৰে হাতত দুটা এন্ড্ৰইড মবাইল ফোন৷দুয়োৰে চকু নিবদ্ধ মবাইল ফোনত৷পূজাৰীয়ে মন্ত্ৰোচাৰণ কৰি আছে যদিও পূজাৰীজনৰ হাততো এন্ড্ৰইড মবাইল ফোন আৰু ফোনৰ ওপৰত চকু দিয়েই তেওঁ মন্ত্ৰোচাৰণ কৰি আছে৷দৰা-কইনাক আগুৰি বহি আছে পৰিয়ালৰ ইষ্ট-কুটুম্ব সকল ৷তেওঁলোকৰ হাতে হাতেও স্মাৰ্ট ফোন আৰু চকু নিবদ্ধ ফোনৰ ওপৰত৷মাজতে পূজাৰীয়ে কৈ উঠিল—“কইনাৰ দেউতাকে অৰিহণা দিব লাগে”৷ফোনৰ ওপৰত চকু নিবদ্ধ থকা দেউতাকেও পেটিএমৰ যোগেদি টিপিককৈ অৰিহণা পঠায়েই দিলে পূজাৰীৰ একাউন্টলৈ৷পূজাৰীয়ে কৈ উঠিল – “এতিয়া দৰা-কইনাই হোমৰ চাৰিওফালে ঘূৰিব লাগে”৷কইনাই দৰাৰ লগত টিপিককৈ প্ৰথমে চেল্ফি এখন উঠি ল’লে তাৰপিছত হোমৰ গুৰিৰ চাৰিওফালে ঘূৰিবলৈ লাগিল৷ঘূৰি থাকোতেও দৰা-কইনা দুয়ো ফোন চাই চাই ঘূৰি থাকিল৷মালা পিন্ধাব লওঁতেও দুয়ো এখন হাতেৰে ফোন চাই চাই আনখন হাতেৰে মালা পিন্ধাওঁতে দুয়ো ইজনে সিজনক নিপিন্ধাই বেলেগকহে মালা পিন্ধালে৷---হোৱাটচএপত ভাইৰেল হোৱা ভিডিঅটো চাই উঠি ত্ৰিশ শতাংশ চাৰ্জ থকা মবাইলটো চাৰ্জাৰত লগাই নমিতা মুখ-হাত ধুবলৈ গ’ল৷বাথৰূমৰ পৰা ওলাই গামোচাখনেৰে মুখখন মচি মচি পুনৰ হোৱাটচএপত কিবা মেচেজ আহিছে নেকি চালে তাই৷তাৰপিছত ধূণা লগাই গোসাঁইঘৰত চাকি জ্বলালে৷কোঠাই কোঠাই ধূপ এডাল এডাল গুজি পুনৰ চাৰ্জত থকা ফোনটো কিমান শতাংশ চাৰ্জ হৈছে চালে৷কলিং বেলটো বাজি উঠিল৷ তাই দুৱাৰ খুলি দিলে৷মবাইল পিটিকি পিটিকি সীমান্ত সোমাই আহিল৷নমিতাৰ হাতত অফিচ বেগটো দি ফোনটো চাৰ্জাৰত লগাই সীমান্ত বাথৰূমত সোমাল৷সীমান্ত বাথৰূমৰ পৰা ওলোৱা লৈকে নমিতাই ফেচবুকখন অলপ চাই লওঁ বুলি ভাবিলে৷ চাৰ্জত দি থোৱা ফোনটোৰ স্ক্ৰীনলক খুলি ফেচবুক খুলিলে আৰু বিভিন্নজনৰ আপডেটবোৰ চাই গ’ল৷ভাল লগা আপডেটবোৰত লাইক দিলে তাই৷ সীমান্ত বাথৰূমৰ পৰা ওলালত নমিতাই ফোনটো থৈ চাহ বনাবলৈ গ’ল আৰু দুকাপ চাহ কৰি টেবুলত থৈ সীমান্তক মাতিলে৷দুই এটা কথাৰ বিনিময় কৰি দুয়ো চাহ খাই খাই ফোন চালে ৷ৰাতিলৈ ভাত-পানী খাই উঠি দুয়ো বিচনাত পৰিল আৰু নিজৰ নিজৰ ফোনত নিজৰ পচন্দৰ বস্তুবোৰ চাই চাই টোপনি গ’ল৷

পুৱা প্ৰথমে সীমান্ত উঠিল৷হাতত ব্ৰাচডাল লৈ কলগেট লগালে আৰু ফোনটো হাতত লৈ চোফাখনত বহি পৰিল৷ব্ৰাচডাল মুখত ভৰাই তেওঁ হোৱাটচএপ চোৱা আৰম্ভ কৰিলে৷কৌতুকধৰ্মী বাৰ্তাবোৰ পঢ়ি মুখত হাঁহি বিৰিঙিল সীমান্তৰ আৰু কলগেটৰ পানীখিনি মুখৰ পৰা ওলাই থুতৰিলৈ বৈ আহিল৷অলপদেৰিৰ পিছত নমিতাও উঠি আহিল হাতত ফোন লৈ৷পিছে তাই ফোনটো থৈ প্ৰথমে ব্ৰাচ কৰি ল’লে তাৰপিছত কুহুমীয়া পানী এগিলাছ খালে আৰু ফোনটো লৈ আৰামত বহি ল’লে৷ইউটিউব খুলি পাঁচ মিনিটৰ মেডিটেচন কৰিলে তাৰপিছত হোৱাটচএপ-ফেচবুক চাই দিনটোৰ আৰম্ভণি কৰিলে৷

এদিন নমিতাৰ ঘৰলৈ দুদিনমান থাকিবৰ বাবে নমিতাৰ বান্ধৱী অপৰ্ণা আহিল৷অপৰ্ণাৰ আকৌ এটা স্বভাৱ আছে যে কোনোবাই একেটা কাম ঘনাই কৰি থকা দেখিলে তাইৰ বমি আহি যায়৷ নমিতা আৰু সীমান্তৰ মবাইল ফোন চোৱা ধূণ দেখি অপৰ্ণাৰ বমি আহোঁ আহোঁ অৱস্থা হ’ল৷সিহঁত দুটাই যিমানে মবাইল ফোন চাই সিমানে তাই অ’ক অ’ক কৰি বেচিন পাইগৈ কিন্তু বমি ওলাই নাহে৷নমিতাই কথাটো মন কৰি অপৰ্ণাক সুধিয়েই পেলালে – “কি অ,তোৰ বমি আহিব লৈছে যে?পেটটো বেয়া কৰিছে নেকি?” নমিতাৰ কথা শুনি অপৰ্ণাই মিছাকৈ ক’লে – “ওঁ,পেটটো কিবা ভাল লগা নাইচোন৷”অপৰ্ণাৰ পেট ভাল কৰিবলৈ সীমান্তই ফাৰ্মাচীৰ পৰা পেটৰ ঔষধ লৈ আহিল৷নমিতাই অপৰ্ণাক পানী এগিলাছ দি ক’লে –“টেবলেট এটা খাই দে৷”

নমিতাৰ ঘৰলৈ অপৰ্ণা অহা খবৰ পাই সিহঁতৰ বান্ধৱী হীমানী আহিল অপৰ্ণাক লগ কৰিবলৈ৷হীমানীৰ লগত আঠ বছৰীয়া পুত্ৰ৷সি মাকৰ ফোনটো লৈ গে’ম খেলাত ব্যস্ত৷ অপৰ্ণাই তাক মৰমেৰে সুধিলে –“বাবা,তোমাৰ নামটো কি?” সি ফোনলৈ চকু দিয়েই উত্তৰ দিলে –“মোৰ নাম বাবা নহয়” ৷তাৰ কথা শুনি তিনিজনীয়ে গিৰ্জনী মাৰি হাঁহি উঠিল৷অপৰ্ণাই পুনৰ ক’লে – “ঠিক আছে বাৰু,তোমাৰ নাম বাবা নহয়৷এতিয়া কোৱা তোমাৰ নামটো কি?” সি তপৰাই গে’ম খেলি খেলিয়েই উত্তৰ দিলে –“সাগৰ সংগম প্ৰিয়ম বৰঠাকুৰ৷” ইফালে ল’ৰাটোৰ ফোনত গে’ম খেলাৰ ধূণ দেখি বমিৰ বেগ অহা বাবে অপৰ্ণা পুনৰ বেচিন পালেগৈ৷অপৰ্ণা আৰু হীমানীয়ে কি হ’ল কি হ’ল বুলি অপৰ্ণাৰ কাষ পালেহি৷অপৰ্ণাই ফোঁপাই ফোঁপাই কৈ উঠিল – “মোৰ গা টো ভাল নহয় অ’৷অলপ শুওঁ দেই,তহঁতে কথা পাত৷”হীমানীহঁতক কথা পাতিবলৈ দি অপৰ্ণা শুই পৰিল৷ ভাবিলে –“কাইলৈকে ঘৰলৈ যামগৈ৷এসপ্তাহ থাকিম বুলি ভাবিছিলো যদিও নোৱাৰো এইখন ঘৰত থাকিবলৈ৷”

গধূলী সীমান্ত অফিচৰ পৰা অহাৰ পিছত চাহপৰ্বত সীমান্ত-নমিতাই ফোন চাই চাই চাহত চুমুক দিলে আৰু অপৰ্ণাই সিহঁতলৈ চাই চাই চাহত চুমুক দিলে৷কিন্তু হঠাতে অপৰ্ণাৰ বমিৰ বেগ ইমান জোৰকৈ আহিল যে অপৰ্ণাৰ হাতত থকা কাপটোৱে জোৰকৈ নাচন এটা দি কাপৰ চাহখিনি মজিয়াত পেলাই দিলে৷সীমান্ত-নমিতাই হঠাতে কি হৈ গ’ল ধৰিবই নোৱাৰিলে৷অপৰ্ণাক বেচিনলৈ যোৱা দেখিহে গ’ম পালে অপৰ্ণাৰ পেটৰ অসুখটো ভাল হোৱা নাই বুলি৷অপৰ্ণাই সেহাই সেহাই সীমান্ত-নমিতাক ক’লে—“মই কাইলৈ পুৱাই ঘৰলৈ যামগৈ৷তাতে ডাক্তৰক দেখুৱাই ল’ম৷”

6 views0 comments
bottom of page