খঙৰ প্ৰভাৱ আৰু প্ৰতিকাৰ -- মৌচুমী বৰি
ইউ টিউবত বি কে শিৱানীৰ খঙৰ ওপৰত এটি ভিডিঅ শুনাৰ সুযোগ হ'ল৷ তেখেতে কৈছে যে খং উঠাৰ সময়ত তিনিটা কথা এজন ব্যক্তিৰ মাজত নিহিত হৈ থাকে ৷ সেই...
নিজান বনত by Zubeen Garg
নিজান বনত মনে মনে
উচুপা কিয় তুমি
সপোন ভাগে বুলি
অভিমানী হিয়াৰে কিনো পাবা কোৱা
পাবা মাথো মৰুভূমিৰ মৰীচিকা
মৰমৰ ফুলেৰে সজোৱা জীৱন
তাতেই যে আছে মনৰ শান্তিবন
সুখৰ মুকুতাবোৰ হাত পাতি লোৱা
ভালপোৱাবোৰ বুকুতে ৰাখা
অভিমানী হিয়াৰে কিনো পাবা কোৱা
পাবা মাথো মৰুভূমিৰ মৰীচিকা
ফুলৰো পাহি সৰে
নীৰৱে পাতো সৰে
তথাপি জীৱনে হাঁহে
তথাপি জীৱনে হাঁহে
জীৱন জীয়াৰ মন্ত্ৰ
গুজি লোৱা হৃদয়তে
জীৱন চামিয়ানা
আমাৰ আকাশতে
নিজান বনত মনে মনে
উচুপা কিয় তুমি
সপোন ভাগে বুলি ৷৷