top of page

“নৱবৰ্ষৰ সংকল্প”

“নৱবৰ্ষৰ সংকল্প”
“নৱবৰ্ষৰ সংকল্প”

২০২৫ বৰ্ষটোত আমি বহুজন স্বনামধন্য ব্যক্তিক হেৰুৱালোঁ।অসমৰ হাৰ্টথ্ৰব ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ দেহাৱসান সমগ্ৰ অসম তথা দেশবাসীৰ বাবে অপূৰণীয় ক্ষতি আছিল। প্ৰাণৰ শিল্পীজনৰ মৃত্যু অসমবাসীয়ে এতিয়াও যেন মানি ল’ব পৰা নাই। বেথাভৰা হুমুনিয়াহবোৰ এতিয়াও আকাশে বতাহে গুঞ্জৰিত হৈ আছে ।তাৰোপৰি বলিউডৰ অন্যতম মহানায়ক ধৰ্মেন্দ্ৰৰ মহাপ্ৰস্থানেও সমগ্ৰ দেশকে জোকাৰি গ’ল, জোকাৰি গ’ল বলিউডৰ চিৰসেউজ প্ৰখ্যাত কমেডিয়ান গোবৰ্ধন আচৰানিৰ মহাপ্ৰস্থানেও। যোৱা বৰ্ষটোতে আমি হেৰুৱালোঁ ক্ৰমে অসম তথা ভাৰতৰ প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাদেৱক, বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লা দেৱক আৰু বলিউডৰ প্ৰখ্যাত কমেডিয়ান অভিনেতা সতীশ শ্বাহদেৱক। এইসকল দিগ্গজ ব্যক্তিক হেৰুৱাই সমগ্ৰ দেশ আজি ম্ৰিয়মান। কিন্তু মৃত্যুৰ চিৰন্তন সত্যক স্বীকাৰ কৰি মানৱ জাতিয়ে সময়ৰ গতিৰ স’তে মিলাই আগুৱাই যে যাবই লাগিব। ডিজিটেল মেগাজিন কথা-কাঞ্চনেও এইসকল দিগ্গজ ব্যক্তিক গভীৰ শ্ৰদ্ধাঞ্জলিৰে আজি সোঁৱৰণ কৰিছে।


আধ্যাত্মিক পথপ্ৰদৰ্শক তথা মেন্টৰ ড:আশীস নাৰায়ণকাৰে কৈছিল , “সময়ক মূল্য দিয়া, সময়েও তোমাক মূল্য দিব।”

সুধাকন্ঠ ড০ভূপেন হাজৰিকা দেৱেও সময়ৰ বিষয়ে গানেৰে কৈ গৈছে - “এটি এটি ক্ষণ যেন মুকুতাৰে ধন, এনেয়ে হেৰুৱালে নাহে উভতি..”

চকুৰ পলকতে ২০২৫ বৰ্ষটোৱে মেলানি মাগিলে। বিগত বৰ্ষটোত কি পালোঁ কি নাপালোঁ সেয়া হিচাপ আমাৰ সকলোৰে নিশ্চয় থাকে। তাৰোপৰি সময়ক সাৰথি কৰি জীৱনৰ প্ৰতিটো আহ্বান, প্ৰত্যাহবান আমি গ্ৰহণ কৰিবই লাগিব। সময়ৰ গতিৰ লগত মিলাই আমি নিশ্চয় জীৱন উদযাপন কৰিবলৈও

শিকিব লাগিব।


সাধাৰণতে ইংৰাজী নৱবৰ্ষ অহাৰ লগে লগে বেছিভাগলোকেই নতুন বছৰত কি কি কৰিব তাৰ এখন তালিকা প্ৰস্তুত কৰে আৰু সেই তালিকাত বহুতো লক্ষ্য থাকে যেনে ধৰক এই বছৰত মই স্বাস্থ্যৰ যতন ল’ম, ওজন কমাম, প্ৰত্যেকদিনাই ভাল কিতাপৰ দুটা পৃষ্ঠা লুটিয়াম, ৰাতিপুৱা সোনকালে উঠি সূৰ্য প্ৰণাম কৰিম, নিয়মীয়াকৈ ডায়েৰি লিখিম ইত্যাদি ইত্যাদি । কিন্তু দেখা যায় যে পোন্ধৰদিনমান যায় কি নাযায় কৰিম বুলি ভবা কামবোৰ আৰু নিয়মীয়া হৈ নুঠে। ফলস্বৰূপে বছৰটোৰ শেষত ভবা কথাবোৰ সিদ্ধি নহয়গৈ। এই যে সিদ্ধি নহয় তাৰ আঁৰৰ কথাটো কিন্তু আমি সকলোৱে জানো। সিদ্ধি নোহোৱাৰ মূলতে থাকে এলাহ, কাম পিছুৱাই থোৱাৰ অভ্যাস তথা মনৰ একাগ্ৰতাৰ অভাৱ আদি।


যি কোনো কাম বা লক্ষ্যত সফলতা লাভ কৰিবলৈ আমাক মনৰ জোৰ লাগিবই লগতে কষ্টও (Action) কৰিব লাগিব। অকল মনতে ভাবি থাকিলেই কাৰ্য সম্পাদন হ’ব জানো?


সপোনবোৰ কেনেকৈ পূৰণ কৰিব পাৰি তাৰ বিভিন্ন কিটিপ-কায়ডা বিভিন্ন বিশেষজ্ঞই বিভিন্ন সময়ত পৰামৰ্শ দি আহিছে । তাৰে এটি সৰু পৰামৰ্শ আজিৰ আলোচনাত লিপিবদ্ধ কৰিছোঁ। ভাল লাগিলে নিশ্চয় অভ্যাস কৰিব পাৰে।


প্ৰথমে আমি আমাৰ লক্ষ্যসমূহৰ এখন তালিকা কাগজত লিখি ল’ম। সেই তালিকাত আমি দীৰ্ঘম্যাদি লক্ষ্য আৰু হ্ৰসম্যাদি লক্ষ্য দুয়োটাই অৰ্ন্তভুক্ত কৰিব পাৰিম। তাৰপিছত ৰাতি শুবলৈ যোৱাৰ আগত তালিকাখন একাগ্ৰতাৰে মনৰ চকুৰে চাম। মনত ৰাখিব, তালিকাখন এনেকৈ প্ৰস্তুত কৰিব লাগে যাতে আমাৰ লক্ষ্যসমূহ ইতিমধ্যেই পূৰণ হৈছে। লগতে বিশ্বব্ৰহ্মাণ্ডক ধন্যবাদ জনাবলৈও নাপাহৰিব। বৈজ্ঞানিক বিশ্লেষণে কয় যে ৰাতি শোৱাৰ আগত আমি যি কথা চিন্তা-ভাবনা কৰোঁ সেইবোৰ অৱচেতন মনে অতি সহজে গ্ৰহণ কৰে।


তাৰপিছত পুৱা পাঁচ বজাত উঠি আমাৰ লক্ষ্যসমূহ পূৰণ হৈছে বুলি ছবিৰূপত কল্পনা কৰিব লাগে যাক ইংৰাজীত Vizualization কৰা বুলি কোৱা হয়। পুৱা পাঁচবজাৰ সময়কণ মানৱ শৰীৰৰ টোপনিৰ Theta stage আৰু Delta stage ৰ মাজৰ সময় বুলি কোৱা হয় । এই সময়কণত আমি যিয়েই ভিজুৱেলাইজ কৰোঁ সেয়া অৱচেতন মনে অতি সহজেই গ্ৰহণ কৰে আৰু পূৰ্ণৰূপত বিশ্বাস কৰি লয়। গতিকে এই পদ্ধতি আমি যদি নিয়মীয়াকৈ প্ৰয়োগ কৰোঁ আমাৰ লক্ষ্যসমূহ বাস্তৱত ৰূপায়িত হ’বলৈ সহজ হৈ পৰে। সপোন পূৰণ কৰাৰ এই সহজ পদ্ধতিটো বিশ্বাস তথা অন্ত:কৰণেৰে কৰিবলৈ ল’লে বছৰৰ শেষত সপোন পূৰণ নোহোৱাৰ বেদনা অনুভৱ কৰিব লগা নিশ্চয় নহ’ব বুলি দৃঢতাৰে কব পাৰি।


-মৌচুমী বৰি

Comments


bottom of page