“চৰ্তবিহীন প্ৰেম”
- Mousumee Bori

- 14 hours ago
- 2 min read

“মোৰ ফাগুন আছেহি আহি ৰৈ,
তোমাৰ কথাকে ক’বলৈ
আছেনে সময় তোমাৰ?
সমীৰৰ খবৰ শুনাৰ ….
( কন্ঠ: জয়ন্ত হাজৰিকা
সংগীত আৰু কথা: হেমেন হাজৰিকা )
ফাগুন মানেই যে ৰং! ফাগুন মানেই যে প্ৰেম! ফাগুনক কবিয়ে উতলা ফাগুন, মায়াবী ফাগুন আদি বিশেষণেৰে বিভূষিত কৰিছে।
ফাগুন মাহৰ পূৰ্ণিমা তিথিতে ভগৱান শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা আৰম্ভ হয়। এই উৎসৱত শ্ৰীকৃষ্ণক পূজা কৰা হয় আৰু ইজনে সিজনক ফাঁকু সানি ৰঙৰ খেলা কৰা হয়।
এৰা, ফাগুন বুলি ক’লেই আমাৰ মনলৈ আহে প্ৰেম প্ৰেম অনুভৱৰ পলাশ,মদাৰ,শিমলুৰ ৰঙা ৰং, বতাহত উৰি থকা কমুৱা তুলাৰ মন হৰি নিয়া মুহূৰ্ত্ত, ধূলিয়ৰি বতাহৰ আমেজ আৰু তাৰমাজতেই আহে ৰঙৰ উৎসৱ ফাকুৱা। ফাকুৱাক হোলী,দৌলোৎসৱ,ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ বুলিও কোৱা হয়।
ফাকুৱা উৎসৱ কিয় পতা হয় তাৰ আঁৰত বহুতো কাহিনী, উপকাহিনী আমি পঢ়িবলৈ পাওঁ তাৰভিতৰত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণীৰ সৈতে সম্পৰ্কিত এটা কাহিনী অনুসৰি এবাৰ শ্ৰীকৃষ্ণই তেওঁৰ মাতৃ যশোদাক সুধিছিল যে ৰাধা কিয় ইমান বগা আৰু তেওঁ কিয় ইমান আন্ধাৰ ক’লা? এই কথা শুনি মাতৃ যশোদাই ধেমালিতে কৈছিল যে কানহা, তুমিও ৰাধাক তোমাৰ দৰে ৰং সানি দিয়া। তেতিয়া শ্ৰীকৃষ্ণই মাতৃৰ কথামতে ৰাধাৰাণী আৰু তেওঁৰ বন্ধুসকলৰ ওচৰলৈ গৈ তেওঁলোকক ৰং লগাই আনন্দত মতলীয়া হৈ পৰে। এইদৰেই বৃন্দাবনত আৰম্ভ হৈছিল হোলী বা ফাঁকু উদযাপনৰ পৰম্পৰা।
ৰাধা-কৃষ্ণৰ নাম লোৱাৰ লগেলগেই প্ৰেমৰ এখন মধুৰ ছবি ভাঁহি উঠে । ৰাধা-কৃষ্ণৰ প্ৰেম মানেই অনন্য, অতুলনীয়, চৰ্তবিহীন প্ৰেম! সাধাৰণতে প্ৰেম বুলি ক’লে আমাৰ মনলৈ আহে ভালপোৱাৰ এখন ছবি। মনলৈ প্ৰশ্ন আহে ভাল লগা আৰু ভালপোৱা কি একেই ? মোহ মানেনো কি , প্ৰেম মানেনো কি? ফুল এপাহ দেখি আমাৰ ভালি লাগি গ’ল আৰু ফুলপাহ ছিঙি বুকুত সাৱটি ল’লো। এই কাৰ্য মোহ নে প্ৰেম? আকৌ ফুলপাহ দেখি আমাৰ ইমানেই ভাল লাগিল যে ফুলজোপাত পানী দি আমি যত্ন ল’বলৈ আৰম্ভ কৰি দিলোঁ । এই কাৰ্যক আমি প্ৰেম নাম দিম নে মোহ?
মোহ আৰু প্ৰেমৰ মাজৰ পাৰ্থক্য বিশ্লেষণ কৰি যদি আমি চাব বিচাৰো - মোহ ক্ষন্তেকীয়া কিন্তু প্ৰেম অমৰ। সঁচা প্ৰেম আদিগন্ত বিস্তৃত। ৰাধা-কৃষ্ণৰ প্ৰেমো আছিল তেনে। সঁচা প্ৰেমত কেৱল দিয়াৰ আনন্দই থাকে, তাত নাথাকে ঘূৰাই পোৱাৰ আশা । প্ৰেমত নাথাকে ব্যৱসায়, নাথাকে লেন-দেন। প্ৰেম স্বচ্ছতাৰ নামান্তৰ। প্ৰেমত থাকে সুখৰ অমিয়াধাৰা, বিৰহ যদি থাকে সেই বিৰহতো থাকে সুখ। যাৰ প্ৰতি আমাৰ প্ৰেম থাকে তেওঁ সদায় সুখী হোৱাটোৱেই আমি চাবলৈ বিচাৰো, তেওঁৰ প্ৰতি সন্মান আৰু যত্নেৰে মন ভৰি থাকে,তেওঁৰ সুখৰ বাবেই যে আমাৰ প্ৰতিটো মুহূৰ্ত্ততে থাকে মাথোঁ প্ৰাৰ্থনা।
ভাললগাজনৰ উপস্থিতিয়ে যদি নিজৰ সুখক পৰিপূৰ্ণ কৰে সেয়া মোহ। তেওঁ মোক সুখত ৰাখিলেহে মই সুখী হম, তেওঁ মোৰ সুখৰ প্ৰতি ধ্যান দিলে পৰিতৃপ্ত অনুভৱ কৰিম , মই তেওঁৰ বাবে ইমান কৰিছোঁ তেয়োঁ মোৰ বাবে সমানেই কৰিব লাগিব, তেওঁ মোক সন্মান কৰাটো মই বিচাৰোঁ,তেওঁ মাথোঁ মোৰেই হয়, তেওঁৰ ওপৰত মাথোঁ মোৰেই অধিকাৰ - এনেধৰণৰ ভাব-চিন্তাবোৰকে মোহ বুলি কব পাৰি।
আহক আমি চৰ্তবিহীন প্ৰেমেৰে জীপাল হওঁ।চৰ্তবিহীন প্ৰেমৰ সাধনা কৰোঁ।প্ৰেমেই জীৱন।প্ৰেম আছে বাবেই পৃথিৱীখন ধুনীয়া।শেষত এলিজাবেথ ব্যেৰেট ব্ৰাউনিঙৰ এটি বিখ্যাত কবিতাৰ দুশাৰীমান পংক্তিৰে লেখাটো সামৰিছোঁ -
How do I love thee? Let me count the ways,
I love thee to the depth and breadth and height
My soul can reach, when feeling out of sight
For the ends of being and ideal grace.
I love thee to the level of everyday’s
Most quiet need, by sun and candle-light.
I love thee freely, as men strive for right
I love thee purely, as they turn from praise.




Comments