top of page

“গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰোঁ আহক”

“গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰোঁ আহক”
“গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰোঁ আহক”

মানৱজাতিয়ে ২০২৩ চনত ৰেকৰ্ডসংখ্যক ৫৩ বিলিয়ন টন সেউজগৃহ গেছ বায়ুমণ্ডললৈ এৰি দিয়ে—আমাৰ একমাত্ৰ বাসস্থান পৃথিৱীখনকবসবাসযোগ্য কৰি ৰাখিবলৈ হ’লে মাত্ৰ এটা প্ৰজন্মৰ ভিতৰতে এইসংখ্যা নেট জিৰ’লৈ (Net zero) হ্ৰাস কৰিব লাগিব।

সাম্প্ৰতিক সময়ত গোলকীয় উষ্ণতা বৃদ্ধি পৰিৱেশৰ প্ৰতি ভয়াবহ প্ৰত্যাহবান হিচাপে দেখা দিছে। মূলত জৈৱাশ্মিক (petroleum) ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা সেউজগৃহ গেছ নিৰ্গমন (Green house Gas emission) সমূহৰ বাবে যোৱা শতিকাত গোলকীয় উষ্ণতা ক্ৰমাগত বৃদ্ধি পাইছে। ২০১৫ চনৰ পৰা ২০২৪ চনত গড উষ্ণতা আছিল ১.২৪ ডিগ্ৰী চেলচিয়াছ যি উষ্ণতা ১৮৫০ চনৰ পৰা ১৯০০চনৰ গড উষ্ণতাতকৈ বহুত বেছি আৰু ২০২৪ চনত এই উষ্ণতা অভিলেখ সংখ‍্যক ১.৫ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হৈ সেই বছৰটো আটাইতকৈ গৰম বছৰ হিচাপে চিহ্নিত হ’ল ।

উদ্যোগিক নৱজাগৰণৰ পৰাই মানুহৰ কাৰ্যকলাপৰ ফলত বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হ’বলৈ ধৰে প্ৰধানকৈ কাৰ্বন-ডাই-অক্সাইড, মিথেন, অ'জন, ক্ল’ৰ-ফ্ল’ৰ কাৰ্বন (CFC) আৰু নাইট্ৰাছ অক্সাইডৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি পালে। যোৱা বিশবছৰত মানুহৰ কাৰ্যকলাপৰ ফলত বৃদ্ধি হোৱা কাৰ্বন-ডাই-অক্সাইডৰ তিনি চতুৰ্থাংশ কেৱল জীৱাশ্ম ইন্ধন দহনৰ ফলতেই উৎপন্ন হৈছে, বাকী অংশ বনাঞ্চল ধ্বংসৰ দৰে কাৰ্যৰ ফলত উৎপন্ন হৈছে।

 

গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ জীৱাশ্ম ইন্ধন ব‍্যৱহাৰ হ্ৰাস কৰিবৰ বাবে যত্ন কৰিব লাগিব। বিংশ শতাব্দীৰ প্ৰথমভাগৰ পৰা গোলকীয় বায়ু আৰু সাগৰ পৃষ্ঠৰ উষ্ণতা উল্লেখনীয় ভাৱে বৃদ্ধি পাইছে। আমাৰ পৃথিৱীৰ ৭১ শতাংশই পানী। গোলকীয় উষ্ণতা যিমানেই বৃদ্ধি পাব পৃথিৱীৰ বৰফৰ পাহাৰ (Glacier) সমূহ ক্ৰমাৎ গলিবলৈ ল’ব আৰু সাগৰ পৃষ্ঠৰ স্তৰ বাঢিব। সাগৰ পৃষ্ঠৰ স্তৰ বাঢিলে ক্ৰমশ সাগৰৰ উপকূলত অৱস্থিত চহৰ নগৰ প্লাৱিত হ’ব ।  অলপতে জলবায়ু নিয়ন্ত্ৰণ প্ৰকল্প (IPCC AR6 scenarios) এটাত ভাৰতৰ সমুদ্ৰ তীৰৰ ওপৰত অধ্যয়ন কৰি এটা নমুনা (model) তৈয়াৰ কৰা হৈছিল। অধ্যয়নত কোৱা হৈছে যে সেউজগৃহ গেছ নিৰ্গমনৰ পৰিমাণ এনেকৈ বৃদ্ধি হৈ গৈ থাকিলে ২১০০ চনত ভাৰতৰ সাগৰপৃষ্ঠৰ স্তৰ(Sea level) ২৫-১১০ চেন্টিমিটাৰলৈকে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।আজিকালি গৰম বতাহ, অতিমাত্ৰা বৰষুণ, ঘূৰ্ণি বতাহ, খৰাং আদিসঘনাই হ’বলৈ লোৱাৰ কাৰণেই হৈছে গোলকীয় উষ্ণতা বৃদ্ধি।

গতিকে গোলকীয় উষ্ণতা বৃদ্ধি সমস্ত প্ৰাণীকূলৰ বাবেই এটা বিৰাট প্ৰত্যাহবান হৈ পৰিছে।

 

সেউজগৃহ গেছ নিৰ্গমন কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰে চিন্তা-চৰ্চাৰ আধাৰত পেৰিছত হোৱা United Nations Framework Convention on Climate Change (UNFCCC) ৰ জলবায়ু সন্মিলনত সৃষ্টি হ’ল পেৰিচ চুক্তি। এই চুক্তি অনুসৰি চুক্তি স্বাক্ষৰকাৰী ১৯৫ খন দেশ বা দলৰ লক্ষ্য, “গোলকীয় গড উষ্ণতা বৃদ্ধিৰ পৰিমাণ প্ৰাক-ঔদ্যোগিক স্তৰতকৈ ২ ডিগ্ৰী চেন্টিগ্ৰেড তলত নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব আৰু ১.৫ ডিগ্ৰী চেন্টিগ্ৰেডত সীমাবদ্ধ ৰাখিবলৈ জোৰ দিব লাগিব।”

পেৰিচ চুক্তিয়েই হ’ল Net Zero নিৰ্গমন ব্যৱস্থাৰ দিশত পৰিৱৰ্তনৰ আৰম্ভণি। Net zero হৈছে বায়ুমণ্ডলত সেউজগৃহ গেছ নিৰ্গমনৰ সমপৰিমাণ নিস্কাষণ । নেট জিৰ’ আঁচনিৰ অগ্ৰাধিকাৰসমূহ হৈছে - জীৱাশ্ম ইন্ধন পৰ্যায়ক্ৰমে হ্ৰাস কৰা, নবীকৰণযোগ্য শক্তি(Renewable energy) যেনে Solar power, Hydroelectric power, Wind Power আদি সম্প্ৰসাৰণ কৰা, পৰিৱহণ আৰু উদ্যোগৰ পৰিৱৰ্তন কৰা আৰু বনাঞ্চল ধ্বংস ৰোধ কৰা। 

পৃথিৱীৰ গড উষ্ণতা প্ৰায় ১.৫ ডিগ্ৰী চেলছিয়াচলৈ সীমিত কৰি ৰাখিবলৈ বৈজ্ঞানিক মূল্যায়নে ইংগিত দিয়ে যে ২০৩০ চনৰ ভিতৰত বিশ্বজুৰি কাৰ্বন-ডাই-অক্সাইড নিৰ্গমন ২০১০ চনৰ মাত্ৰাৰ পৰা প্ৰায় ৪৫ শতাংশ হ্ৰাস পাব লাগিব আৰু ২০৫০ চনৰ ভিতৰত শূন্যত উপনীত হ’ব লাগিব । ভাৰতে ঘোষণা কৰিছে যে ২০৩০ চনৰ লক্ষ্য হৈছে ৫০০ গিগাৱাট অজীৱাশ্ম শক্তি-ক্ষমতা বৃদ্ধি, নবীকৰণযোগ্য শক্তিসমূহৰ যোগেদি বিদ্যুৎ শক্তিৰ ক্ষমতা ৫০ শতাংশ বৃদ্ধি আৰু ২০০৫চনৰ তুলনাত কাৰ্বন নিৰ্গমনৰ তীব্ৰতা ৪৫ শতাংশ হ্ৰাস কৰাৰ লগতে ২০৭০ চনৰ ভিতৰত সেউজগৃহ গেছৰ নিৰ্গমন Net zero হোৱাৰ লক্ষ্য ৰখা হৈছে।

 

গতিকে আমি আমাৰ ভৱিষ্যত প্ৰজন্মক এখন সুন্দৰ পৃথিৱী উপহাৰ দিবলৈ হ’লে সমগ্ৰ মানৱ জাতিয়ে পৰিৱেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢিব লাগিব। গুৰুত্ব দিব লাগিব বহনক্ষম উন্নয়ন(Sustainable development) ৰ ওপৰত।

-মৌচুমী বৰি

Comments


bottom of page