top of page

ভাৰতীয় শাস্ত্ৰত শ্ৰীশ্ৰীদুৰ্গাদেৱীৰ নাম

দেৱীদুৰ্গাৰ দহখন হাতৰ মাজত এখন হাত আশীৰ্বাদৰ অভয়হস্ত বাকী নখন হৈছে প্ৰহৰণ যন্ত্ৰ৷ এই নটা প্ৰহৰণ যন্ত্ৰৰ দ্বাৰা মহাশক্তিয়ে জগতৰ অমংগলক ধ্বংস কৰে I





ভাৰতীয় শাস্ত্ৰত শ্ৰীশ্ৰীদুৰ্গাদেৱীৰ নাম মহাশক্তি,ব্ৰহ্মময়ী,আদ্যাশক্তি,নাৰায়ণী চণ্ডী,মহিষ-মৰ্দিনী,অসুৰনাশিনী আদি নামেৰে পৰিচিত৷প্ৰতিটো নামৰ অন্তৰালত এটা দৰ্শন,এটা তত্ত্ব নিহিত হৈ আছে৷ দুৰ্গা শব্দৰ ব্যুৎপত্তিগত অৰ্থ দুৰ্গতিনাশিনী৷ দুৰ্গাদেৱীৰ দহখন হাতৰ অৰ্থ হৈছে দশোদিশৰ কৰ্মযোগ্যতা বা কৰ্মদক্ষতা অৰ্জন কৰা৷ দেৱীদুৰ্গাৰ দহখন হাতৰ মাজত এখন হাত আশীৰ্বাদৰ অভয়হস্ত বাকী নখন হৈছে প্ৰহৰণ যন্ত্ৰ৷ এই নটা প্ৰহৰণ যন্ত্ৰৰ দ্বাৰা মহাশক্তিয়ে জগতৰ অমংগলক ধ্বংস কৰে৷

পূজাৰ বতৰ যদিও এই অতিমাৰীৰ সময়ত সকলোৱে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি সাৱধানতা অৱলম্বন কৰি চলা উচিত৷ লগতে অসহায় তথা দুবেলা-দুমুঠিৰ বাবে হাহাকাৰ কৰি দিনকটোৱাসকললৈ যেন যৎপৰোনাস্তি সহায় আগবঢ়াও৷


সকলোলৈ শাৰদীয় শুভকামনা আৰু দুৰ্গাপূজাৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ সকলো অমংগল নাশি জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰক৷

30 views0 comments
bottom of page