top of page

খঙৰ প্ৰভাৱ আৰু প্ৰতিকাৰ -- মৌচুমী বৰি



ইউ টিউবত বি কে শিৱানীৰ খঙৰ ওপৰত এটি ভিডিঅ শুনাৰ সুযোগ হ'ল৷ তেখেতে কৈছে যে খং উঠাৰ সময়ত তিনিটা কথা এজন ব্যক্তিৰ মাজত নিহিত হৈ থাকে ৷ সেই তিনিটা কথা হ'ল -- ভাব,সিদ্ধান্ত আৰু কাৰ্যকাৰিতা (thought,decision and action)- এই তিনিটা কথাৰ প্ৰথমটোতেই আমি যদি ৰৈ যাব পাৰোঁ তেন্তে আমি আমাৰ খঙক নিয়ন্ত্ৰণ কৰাৰ কৌশলত সফল হওঁ৷ সেয়ে কিজানি জ্ঞানীলোকে খং উঠিলে একৰ পৰা দহলৈ গন্তি কৰিবলৈ কয় অথবা খং উঠাৰ সময়ত মুখত পানী লৈ থাকিবলৈ পৰামৰ্শ দিয়ে৷ কিন্তু ইয়াতে এটা প্ৰশ্ন হয় যে খং উঠাৰ সময়ত একৰ পৰা দহলৈ গন্তি কৰা অথবা পানী মুখত দিবলৈ মনত পৰে জানো? হয়, মনত পৰিব যদিহে আমি প্ৰতিকাৰৰ উপায়সমূহ পালন কৰিবলৈ যত্নপৰ হওঁ৷যিয়েই নহওক খং নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰাটো খুবেই জৰুৰী৷ এবাৰ এগৰাকী মাকে সন্তানক পঢ়ুৱাই আছিল৷ সন্তানটিয়ে 40 সংখ্যাটো বাক্যত লিখিব পৰা নাছিল৷ মাকে কেইবাবাৰো পঢ়ুৱাৰ পিছতো সন্তানটিয়ে নোৱাৰা দেখি হাতত পাচলি কটা কটাৰীখন খঙতে সন্তানৰ গালৈ মাৰি পঠিয়ালে৷ তাৰপিছৰ বিষম পৰিণতিৰ কথা নক'লেও হ'ব নিশ্চয়৷ এবাৰ আকৌ পতি-পত্নীয়ে টিভিৰ ৰিম'ট লৈ কাজিয়া কৰি কৰি পতিয়ে পত্নীক একেবাৰে মাৰিয়েই পেলালে - এয়া হঠাতে উঠা নিয়ন্ত্ৰণহীন খঙৰ বিষম পৰিণতি৷ গতিকে খঙক নিয়ন্ত্ৰণলৈ আনিবলৈ খং আছে বুলি ভবা প্ৰতিজনলোকে সাধনা কৰিব লাগে৷ পুনৰ দোহাৰিব পাৰি যে খং উঠিলে আমি যদি সিদ্ধান্ত আৰু কাৰ্যকাৰিতালৈ নগৈ ভাবতেই ৰৈ যাওঁ তেতিয়াই আমাৰ খং বহুখিনি নিয়ন্ত্ৰণত আহে৷ কাৰণ ভাবৰ জগতত খঙৰ মাত্ৰা সময়ৰ লগে লগে কমি আহিবলৈ ধৰে৷


আপুনি বাৰু ভাবে নেকি যে খং কৰি নক'লে কোনো কাৰ্য সমাধা নহয় অথবা আপুনি দেখি আহিছে যে গালি ধমকিৰেহে অফিচ,ঘৰ আদিৰ কামসমূহ নিয়াৰিকৈ চলাই নিব পাৰি৷ সেয়ে আপুনি ঘৰৰ যিকোনো কাম, অফিচ/কম্পেনীৰ কাম ভালকৈ চলাই নিবলৈ বিচাৰিলে খঙখোৱা পদ্ধতিয়েই ব্যৱহাৰ কৰে আৰু এয়া ক্ৰমান্বয়ে আপোনাৰ স্বভাৱত পৰিণত হ'বলৈ আৰম্ভ কৰিছে৷এয়া আপোনাৰ সংস্কাৰ হৈ পৰিছে৷ কিন্তু আপুনি ভাবি চাইছেনে আপোনাৰ সংস্কাৰ হৈ পৰা এই পদ্ধতিটো স্বাস্থ্যৰ বাবে কিমান উপযোগী? হয়, নিশ্চয়কৈ আপোনাৰ খঙৰ পদ্ধতিৰে ঘৰ,অফিচ সুচাৰুৰূপে চলিছে কিন্তু আপোনাৰ শৰীৰ, মন সুচাৰুৰূপে চলিছেনে? আপোনাৰ খঙৰ বাবে আপোনাৰ লগতে আপোনাৰ ঘৰৰ সদস্যসকল কিমান সুখী? আপোনাৰ অফিচৰ ব্যক্তিসকল কিমান সুখী? নিজৰ লগতে তেওঁলোকৰ মনৰ খবৰ আপুনি ৰাখিছেনে? এইবোৰ কথাৰ নিশ্চয় বিশ্লেষণৰ দৰকাৰ আৰু খং নকৰাকৈ অফিচ,ঘৰৰ সমস্যাসমূহ কেনেকৈ সমাধা কৰিব পাৰি তাৰ উপায় চিন্তনৰ দৰকাৰ৷নি:সন্দেহে সকলো সমস্যাৰে সমাধান থাকে৷ দিন দিন ধৰি আপুনি যে এটা ভুল ধাৰণাৰে জীৱন-যাপন কৰি আছে, আপোনাৰ ৰক্তচাপ বাঢ়িছে অথবা মূৰৰ বিষ হৈছে অথবা নতুনকৈ চুগাৰ পাইছে -- এইবোৰৰ আঁৰত যে আপোনাৰ খংটোও এটা কাৰণ, আপুনি হয়তো গম নাপায়৷


খং উঠিলে এজন মানুহৰ শৰীৰৰ "stress mechanism" সক্ৰিয় হয় যাৰ বাবে শৰীৰত বিভিন্নধৰণৰ লক্ষণ দেখা দিব পাৰে৷ ই একপ্ৰকাৰৰ শৰীৰক দিয়া আসন্ন বিপদৰ আগজাননীৰ দৰে৷ খং উঠিলে শৰীৰত দেখা দিয়া লক্ষণসমূহ --

১) এড্ৰিনেল গ্লেণ্ডে এড্ৰিনেলিন নামৰ ষ্ট্ৰেছ হৰম'ন নি:সৰন কৰে যি নেকি লিভাৰত সন্নিবিষ্ট হৈ থকা গ্লাইক'জেনক ব্লাড চুগাৰলৈ ৰূপান্তৰ কৰি শৰীৰক তাৎক্ষণিক শক্তি প্ৰদান কৰে৷

২) শ্বাস-প্ৰশ্বাসৰ মাত্ৰা ঘন হয় আৰু শৰীৰক বেছিমাত্ৰাত অক্সিজেনৰ দৰকাৰ হয়৷

৩) হৃদস্পন্দন বাঢ়ি যায় আৰু তাৰ লগেলগে তেজ চলাচলৰ মাত্ৰাও বাঢ়ি যায়৷

৪) ৰক্তচাপ বাঢ়ি যায়৷

৫) হজমিশক্তি কমি যায় আৰু তেজে শৰীৰৰ পেশীসমূহক শক্তি প্ৰদান কৰে৷

৬) শৰীৰত প্ৰচুৰ পৰিমাণে ঘাম নি:সৰন হয়৷

৭) চেলিভাৰি গ্লেণ্ডৰ নি:সৰন কমি যোৱাৰ বাবে মুখখন শুকাই যায়৷

৮) "Immune System" ৰ কাৰ্যকাৰিতা অলপ সময়ৰ বাবে বন্ধ হয়৷

খং উঠা সময়ছোৱাত এজন খঙাল ব্যক্তিৰ চকু ৰঙা পৰে, হাত-ভৰিৰ কঁপনি হয়, মাতটো প্ৰয়োজনতকৈ ডাঙৰ হয়৷

ওপৰৰ লক্ষণসমূহ মানুহজনৰ আসন্ন বিপদৰ মুখামুখা হ'বৰ বাবে শৰীৰত দেখা দিয়ে আৰু লগেলগে খং উঠোতাজনৰ শৰীৰত এনে এক প্ৰচণ্ড শক্তি উৎপন্ন হয় যি নেকি কল্পনাৰ বাহিৰত৷ সেই প্ৰচণ্ড শক্তিৰ আধাৰতেই খঙৰ গৰাকীজন হত্যাকাৰী হৈ উঠিব পাৰে অথবা বহুত ওপৰৰ পৰা জাঁপ মাৰি আত্মহত্যাৰ দৰে ভয়ানক কাণ্ড কৰাৰ ওপৰি বহুতো কল্পনাতীত বিভৎস কাম কৰিবলৈও পিছনুহুঁকে৷ কিন্তু এই প্ৰচণ্ডশক্তিৰ সময়সীমা বেছি সময়ৰ বাবে নাথাকে৷ সেই শক্তি শেষ হৈ যোৱাৰ লগে লগে মানুহজন অৱশ হৈ পৰে৷


খঙে আয়ুস কমাই বুলিও কয়৷ সঘনাই খং উঠি থকা ব্যক্তি এজনৰ "Stress mechanism" সঘনাই সক্ৰিয় হোৱাৰ বাবে শৰীৰৰ নিয়মীয়া কাৰ্যকাৰিতাত ব্যাঘাত জন্মে আৰু শৰীৰৰ কিছুমান প্ৰক্ৰিয়া যেনে হৃদযন্ত্ৰ, এণ্ড'ক্ৰাইন গ্লেণ্ড আদি অতি সক্ৰিয়তালৈ গুছি যায়৷ সঘনাই উঠা খঙে এজন মানুহৰ শৰীৰত তলৰ বেমাৰসমূহ মাতি আনিব পাৰে --

১) মাইগ্ৰেইন, মূৰৰ বিষ

২) পাচনক্ৰিয়াৰ বেমেজালি, ডায়েৰিয়া, আলচাৰ, গেষ্ট্ৰাইটিজ

৩) উচ্চ ৰক্তচাপ আৰু হৃদৰোগ

৪) তেজত কলেষ্টেৰলৰ বৃদ্ধি

৫) মধুমেহ ৰোগ

৬) আৰ্থাৰাইটিছ, ৰিউমেটিজম

৭) স্পণ্ডিলাইটিছ

৮) নাৰ্ভ দূৰ্বলতা

৯) শৰীৰৰ প্ৰতিৰোধী শক্তি কমি যোৱা আদি

গতিকে নিজৰ মনটোক কিদৰে প্ৰশান্তিৰে ভৰাই ৰাখিব পাৰি আৰু লগতে খঙ উঠাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ পৰা হাত সাৰি থাকিবৰ বাবে সমাজৰ প্ৰতিজন ব্যক্তিয়ে সজাগ হ'লে নিজৰ উপকাৰ হোৱাৰ লগতে সমাজ তথা জগতৰো উপকাৰ হ'ব৷ খঙ কমাবৰ বাবে যোগ তথা ধ্যানে অভূতপূৰ্ব সহায় কৰে৷ আপুনি আপোনাৰ দৈনিক তালিকাত কেইবিধমান প্ৰাণায়ম (অনুলোম- বিলোম,ভ্ৰামৰী, ওমকাৰ,কপালভাতি,ভস্ত্ৰিকা আদি), আপোনাৰ ভাল লগা যি কোনো meditation commentary ( ইউ টিউব আদিত উপলব্ধ), যোগ নিদ্ৰা, ওমকাৰ ধ্বনি,গায়ত্ৰি মন্ত্ৰ উচ্চাৰন, নাম ম্যহ ৰেংগে ক্য চান্টিং তাৰোপৰি সূৰ্য নমস্কাৰ, অষ্টচক্ৰ ধ্যান, কেইটামান আসন (সৰ্বাঙ্গাসন, ভদ্ৰাসন,পদ্মাসন,গোমুখাসন আদি) যোগ দি আপোনাৰ স্বভাৱজাত প্ৰশান্তি বিনষ্টকাৰী সহজে উঠা খংখিনি কমোৱাৰ লগতে প্ৰকৃত সুখ উপলব্ধিক আপোনাৰ জীৱনলৈ আমন্ত্ৰণ কৰি আনিব পাৰে৷


(লেখাটো যুগুত কৰোঁতো বিবিধ তথ্যৰ পৰা সহায় লোৱা হৈছে)


ই-মেইল আই ডি: mousumee.b1@gmail.com

56 views0 comments
bottom of page