top of page

মানৱ জীৱনত “অনুশীলন”ৰ আৱশ্যকতা


লেখক ড০ পাৰ্থ চট্টোপাধ্যায়ে তেখেতৰ এখন কিতাপত “অনুশীলন”ৰ বিষয়ে লিখিছে এইদৰে- “যিসকলে অনুশীলন কৰে তেওঁলোকেই দক্ষতা অৰ্জন কৰে৷কঠোৰ অনুশীলনৰ কোনো বিকল্প নাই৷এগৰাকী নৃত্যশিল্পীয়ে যেতিয়া মঞ্চত উঠি একেৰাহে দুঘন্টা নাচ দেখুৱায় তাৰ আঁৰত অন্তত: দুশ ঘন্টাৰ অনুশীলন থাকে৷”






বিদ্যালয়ত পঢ়ি থাকোঁতে “তৰ্ক প্ৰতিযোগিতা”, “কবিতা আবৃত্তি” আদিত ভাগ লওঁতে মায়ে মোক ঘৰত বহুবাৰ অনুশীলন কৰাইছিল৷কেনেকৈ আহি ষ্টে’জত উঠিম,কেনেকৈ নমস্কাৰ দি বক্তব্য বা আবৃত্তি আগবঢ়াম তেনে অনুশীলন বহুদিনৰ পৰা প্ৰত্যেকদিনাই দহবাৰতকৈও ওপৰ কৰা হৈছিল আৰু তেনেদৰে বহুবাৰ অনুশীলন কৰাৰ বাবেই সঠিক দিনত সাহস তথা আত্মবিশ্বাসেৰে মোৰ ক’ব লগাখিনি উপস্থাপন কৰি আহিব পাৰিছিলোঁ পুৰস্কাৰ পাওঁ বা নাপাওঁ৷এই অভ্যাস কৰোৱাই মায়ে মোক তেতিয়াই উপলব্ধি কৰাইছিল যে সকলো কামতে ভালদৰে সফল হ’বলৈ অনুশীলনৰ আৱশ্যক৷

লেখক ড০ পাৰ্থ চট্টোপাধ্যায়ে তেখেতৰ এখন কিতাপত “অনুশীলন”ৰ বিষয়ে লিখিছে এইদৰে- “যিসকলে অনুশীলন কৰে তেওঁলোকেই দক্ষতা অৰ্জন কৰে৷কঠোৰ অনুশীলনৰ কোনো বিকল্প নাই৷এগৰাকী নৃত্যশিল্পীয়ে যেতিয়া মঞ্চত উঠি একেৰাহে দুঘন্টা নাচ দেখুৱায় তাৰ আঁৰত অন্তত: দুশ ঘন্টাৰ অনুশীলন থাকে৷”

অনুশীলনৰ জড়িয়তে সফলতা অৰ্জন কৰা বহু উদাহৰণ আমি দেখিবলৈ পাওঁ৷অষ্ট্ৰেলিয়াৰ ছিডনি চহৰত গ্ৰান্ট এওৱাৰ্ডছ নামৰ মানুহ এজনে নিউ ছাউথ ওৱেলছ ৰে’ল মিউজিয়ামৰ ৰে’ল লাইনত ১২০ ফুট ৯ ইঞ্চি দীঘল আৰু ২২১ টন ওজনৰ ট্ৰেইন এখন অকলে টানি লৈ গৈছিল৷কেইবাবছৰ ধৰি কৰা অনুশীলনৰ যোগেদিহে এনে কাম সম্ভৱ হৈছিল৷প্ৰথমাৱস্থাত আধা টন, তাৰপিছত একটন এনেদৰে বঢ়াই বঢ়াই অৱশেষত ২২১ টন ট্ৰেইনখনক তেওঁ টানিবলৈ সক্ষম হৈছিল৷ঠিক তেনেদৰে জিমনেষ্টিকছত দেখা পোৱা শৰীৰৰ হাড়বোৰ বেকা কৰি নিজৰ শৰীৰটো “দ”ৰ দৰে কৰি পেলোৱা, ৰছীৰ ওপৰেদি খোজ কাঢ়ি যোৱা –এই সকলোবোৰ বহুদিনীয়া অনুশীলনৰে সফলতা৷ঠিক তেনেদৰে দস্যু ৰত্নাকৰো এদিনতে বাল্মিকী হ’ব পৰা নাছিল৷তেওঁ বহু বছৰ ধৰি তপস্যা কৰিহে বাল্মিকী হ’ব পাৰিছিল৷পৃথিৱীৰ শ্ৰেষ্ঠ দাৰ্শনিক গৌতম বুদ্ধও বহু বছৰৰ সাধনাৰ পিছতহে “বুদ্ধত্ব প্ৰাপ্তি” হৈছিল৷গতিকে জীৱনত সফলতা লাভ কৰিবলৈ হ’লে, নিজৰ সপোনৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে “অনুশীলন”ৰ বিকল্প নাই৷ সেয়ে সৰুৰে পৰাই অভিভাৱকসকলে সন্তানক “অনুশীলন”ৰ পাঠ শিকোৱাটো অতিশয় আৱশ্যক৷


38 views0 comments
bottom of page